ETV Bharat / bharat

বিমুদ্ৰাকৰণৰ পাঁচবছৰ সম্পূৰ্ণ : বৃদ্ধি পাইছে নোটৰ ব্যৱহাৰ - ডিজিটেল লেনদেন বৃদ্ধি

বিমুদ্ৰাকৰণ ঘোষণাৰ পাঁচ বছৰ সম্পূৰ্ণ ৷ ডিজিটেল লেনদেন বৃদ্ধি হোৱা স্বত্বেও প্ৰচলিত নোটৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে ।

বিমুদ্ৰাকৰণৰ পাঁচবছৰ সম্পূৰ্ণ
বিমুদ্ৰাকৰণৰ পাঁচবছৰ সম্পূৰ্ণ
author img

By

Published : Nov 8, 2021, 4:05 PM IST

নেশ্যনেল ডেস্ক, 8 নৱেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিমুদ্ৰাকৰণ ঘোষণা কৰাৰ সোমবাৰে পাঁচ বছৰ সম্পূৰ্ণ হয় ৷ আজিৰ দিনটোতে ২০১৬ চনত প্ৰধানমন্ত্ৰী মোডীয়ে দেশত বিমুদ্ৰাকৰণৰ কথা ঘোষণা কৰিছিল ৷ যাৰ লগে লগে একেদিনাই মাজনিশাৰ পৰা ৫০০ আৰু ১০০০ নোট বিমুদ্ৰাকৰণ কৰা হয় । বিমুদ্ৰাকৰণৰ পিছত দেশত ধনৰ লেনদেনৰ ক্ষেত্ৰত বহুখিনি সাল-সলনি ঘটে ৷

বিমুদ্ৰাকৰণ ঘোষণাৰ পিছত ডিজিটেল লেনদেন বৃদ্ধি হয় ৷ তাৰ পিছতো কিন্তু প্ৰচলিত নোটৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পায় । বিগত দুটা বছৰ ক’ভিড 19 মহামাৰীৰ বাবে সাধাৰণ লোকে বিপদৰ সময়ত সততে পোৱাকৈ নগদ ধন ৰখাটো ভাল বুলি ভাবিছিল । সেই কাৰণে বিগত বিত্তীয় বৰ্ষত নোটৰ প্ৰচলন বৃদ্ধি কৰা হৈছিল । চৰকাৰী তথ্য অনুসৰি, ডেবিট/ক্ৰেডিট কাৰ্ড, নেট বেংকিং আৰু ইউনিফাইড পেমেণ্টইণ্টছ ইণ্টাৰফেচ (UPI)ৰ দৰে মাধ্যমৰ জৰিয়তে ডিজিটেল পৰিশোধ যথেষ্ট বৃদ্ধি পাইছে ।

শেহতীয়াকৈ UPI দেশৰ বিত্তীয় লেনদেনৰ এক মুখ্য মাধ্যম হিচাপে পৰিচিত হৈছে ৷ তাৰ পিছতো কিন্তু ব্যৱহাৰ অব্যাহত আছে নোটৰ ৷

প্ৰধানমন্ত্ৰী মোডীয়ে ২০১৬ চনৰ ৮ নৱেম্বৰৰ মাজনিশাৰ পৰা সেই সময়ত প্ৰচলিত ৫০০ আৰু ১০০০ টকাৰ নোট বিমুদ্ৰাকৰণৰ কথা ঘোষণা কৰিছিল ৷ এই সিদ্ধান্তৰ মূল উদ্দেশ্য আছিল ডিজিটেল লেনদেনৰ প্ৰচাৰ কৰাৰ লগতে ক'লা ধন নিয়ন্ত্ৰণ কৰা ।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ শেহতীয়া তথ্য অনুসৰি, মূল্যৰ হিচাপত 2016 ৰ 4 নৱেম্বৰত 17.74 লাখ কোটি টকাৰ নোট প্ৰচলিত আছিল, যি 29 অক্টোবৰ 2021 ত 29.17 লাখ কোটি টকালৈ বৃদ্ধি হৈছিল । পৰৱৰ্তী সময়ত 30 অক্টোবৰ 2020 তাৰিখলৈকে প্ৰচলিত নোটবোৰৰ মূল্য আছিল 26.88 লাখ কোটি টকা ।

২০২১ চনৰ ২৯ অক্টোবৰলৈকে ই ২,২৮,৯৬৩ কোটি টকালৈ বৃদ্ধি পাইছিল । একে বাৰ্ষিক ভিত্তিত ই 30 অক্টোবৰ 2020 তাৰিখে 4,57,059 কোটি টকা আৰু এবছৰ আগতে অৰ্থাৎ 2019 ৰ 1 নৱেম্বৰত 2,84,451 কোটি টকা বৃদ্ধি পাইছিল । লগতে ২০২০-২১ বৰ্ষত প্ৰচলিত নোটৰ মূল্য আৰু পৰিমাণ ক্ৰমান্বয়ে ১৬.৮ শতাংশ আৰু ৭.২ শতাংশ বৃদ্ধি পাইছে ৷ আনহাতে ২০১৯-২০ বৰ্ষত প্ৰচলিত নোটৰ মূল্য আৰু পৰিমাণ বৃদ্ধি পাইছিল ১৪.৭ শতাংশ আৰু ৬.৬ শতাংশ ।

২০২০-২১ বিত্তীয় বৰ্ষত প্ৰচলিত নোটৰ সংখ্যা বৃদ্ধিৰ কাৰণ আছিল ক’ভিড 19 মহামাৰী । কিয়নো লক ডাউনৰ বাবে বাহিৰলৈ ওলাব নোৱাৰা সাধাৰণ লোকে বিপদৰ সহায় হোৱাকৈ জমা ৰাখিছিল নগদ ধন ৷

লগতে চাওক: ভিন্ন ক্ষেত্ৰৰ 119 গৰাকী ব্যক্তিক এইবছৰৰ পদ্ম বঁটা প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.