নেশ্যনেল ডেস্ক,১৭ মাৰ্চ: দিল্লীবাসীৰ বাবে এক ভয়ংকৰ খবৰ । মঙলবাৰে প্ৰকাশ পোৱা তথ্য অনুসৰি দিল্লী বিশ্বৰ ভিতৰতে সৰ্বাধিক প্ৰদূষিত চহৰ হিচাপে পৰিগণিত হৈছে । এটা ছুইচ প্ৰতিষ্ঠানে প্ৰকাশ কৰা 'বিশ্ব বায়ু মানদণ্ড প্ৰতিবেদন, ২০২০' অনুুসৰি বিশ্বৰ প্ৰদূষিত ৫০ খন চহৰৰ ভিতৰত ৪৯ খন চহৰ আছে কেৱল বাংলাদেশ, চীন, ভাৰত আৰু পাকিস্তানত ।
দেশৰ তালিকাৰ ক্ষেত্ৰত বাংলাদেশৰ বায়ুৰ মানদণ্ড আটাইতকৈ বেয়া আৰু তাৰ পিছতে আছে পাকিস্তান আৰু ভাৰতৰ স্থান । ৰাজধানী চহৰসমূহৰ ভিতৰত আটাইতকৈ প্ৰদূষিত চহৰ হৈছে দিল্লী আৰু তাৰ পিছতে আছে ঢাকা আৰু উলানবাতাৰ । অৱশ্যে ভাৰতৰ আন চহৰ সমূহৰ বায়ুৰ মানদণ্ড কিছু উন্নত হৈছে আৰু প্ৰতিবেদন অনুসৰি ২০১৯ ৰ তুলনাত গড় হিচাপত প্ৰায় ৬৩ শতাংশ উন্নতি হৈছে চহৰসমূহৰ বায়ুৰ মানদণ্ড । অৱশ্যে কোৱা হৈছে যে ২০১৯ চনৰ পৰা ভাৰতে আৰম্ভ কৰা নেচনেল ক্লীন এয়াৰ প্ৰগ্ৰেমৰ ফলস্বৰূপে এই চহৰসমূহত বায়ুৰ মানদণ্ড কিছু উন্নত দেখা গৈছে ।
প্ৰতিবেদন অনুসৰি, ২০১৯ আৰু ২০২০ চনত বায়ুৰ গুণগত মানদণ্ডৰ ব্যাপক পৰিবৰ্তন হৈছে যদিও, ভাৰতত বায়ু প্ৰদূষণ এতিয়াও বিপদজনকভাৱে বৃদ্ধি হৈ আছে । কিয়নো বিশ্বৰ শীৰ্ষ ৩০ খন প্ৰদূষিত চহৰৰ ভিতৰত ২২ খনে কেৱল ভাৰতত আছে ।
ভাৰতৰ বায়ু প্ৰদূষণৰ মুখ্য উৎসবোৰৰ ভিতৰত আছে পৰিবহণ ব্যৱস্থা, ৰন্ধনৰ বাবে বায়োমাছ জ্বলোৱা, বিদ্যুৎ উৎপাদন, উদ্যোগ, নিৰ্মাণ কাৰ্য, আৱৰ্জনা জ্বলোৱা আৰু কৃষি ক্ষেত্ৰৰ আৱৰ্জনা জ্বলোৱা আদি ।
তথ্য অনুসৰি দিল্লী বিশ্বৰ দ্বিতীয় জনবহুল চহৰ য'ত মুকলিকৈ জুই জ্বলোৱা হয় । অনুমান কৰা হৈছে যে দিল্লীৰ বায়ু প্ৰদূষণৰ ২০-৪০ শতাংশ পঞ্জাৱৰ কৃষি ফাৰ্মৰ জুইৰ পৰা উৎপন্ন হয় ।
লগতে পঢ়ক: হিমাচলত মহিলাৰ অভিনৱ প্ৰতিবাদ