ETV Bharat / bharat

INDIA controversy : 'INDIA'ৰ বিৰোধিতাৰে আদালতত আবেদন, ২৬ বিৰোধী দলক আদালতৰ জাননী - Indian National Developmental Inclusive Alliance

দিল্লী উচ্চ ন্যায়ালয়ে ২৬ টা বিৰোধী দলৰ লগতে নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰীয় চৰকাৰক 'INDIA' নামৰ এক আবেদনৰ ভিত্তিত জাননী জাৰি কৰে । বিষয়টো সন্দৰ্ভত পৰৱৰ্তী শুনানি অহা ৩১ অক্টোবৰত হ'ব ।

INDIA controversy
২৬ বিৰোধী দলক আদালতৰ জাননী
author img

By

Published : Aug 4, 2023, 3:02 PM IST

নেশ্যনেল ডেস্ক,৪ আগষ্ট : দেশৰ ২৬ টা বিৰোধী দলক দিল্লী উচ্চ ন্যায়ালয়ে জাননী জাৰি কৰে । বিৰোধী মিত্ৰজোঁটৰ 'INDIA' নামটোক লৈ দাখিল কৰা এক আবেদনৰ শুনানি গ্ৰহণ কৰি জাননী জাৰি কৰে আদালতে । লগতে বিষয়টোৰ পৰৱৰ্তী শুনানি ৩১ অক্টোবৰত নিৰ্ধাৰণ কৰা হৈছে ।

  • Delhi High Court issues notice to the Centre, Election Commission and several opposition political parties on a PIL seeking direction to opposition political parties to prohibit the use of the acronym I.N.D.I.A. pic.twitter.com/VmtAWhmfsS

    — ANI (@ANI) August 4, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

শেহতীয়াকৈ কংগ্ৰেছৰ নেতৃত্বত দেশৰ বহুকেইটা বিজেপি বিৰোধী দলে মিত্ৰজোঁট গঠন কৰিছে । বেংগালুৰুত হোৱা বৈঠকত বিৰোধী দলসমূহে এই মিত্ৰজোঁট গঠনৰ ঘোষণা কৰে । মিত্ৰজোঁটৰ নাম ইণ্ডিয়া নেশ্যনেল ডেভলপমেণ্টেল ইনক্লুছিভ এলায়েন্স চমুকৈ 'INDIA' বুলি ঘোষণা কৰিছিল দলসমূহে । কিন্তু বিৰোধী মিত্ৰজোঁটৰ নামটো দেশৰ নামৰ সৈতে একে হোৱাত বিভিন্ন পক্ষই আপত্তি দৰ্শাইছে । শাসকীয় পক্ষইও এই 'INDIA' নামক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে ।

বিষয়টোৰ শুনানি গ্ৰহণ কৰি দিল্লী উচ্চ ন্যায়ালয়ে সোমবাৰে ২৬ টা বিৰোধী দলক জাননী জাৰি কৰে । বিৰোধী দলসমূহৰ বিৰুদ্ধে কৰ্মী গিৰীশ ভৰদ্বাজে আবেদন দাখিল কৰিছিল । মুখ্য ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মা আৰু ন্যায়াধীশ সঞ্জীৱ নাৰুলাৰ বিচাৰপীঠে গোচৰটোৰ শুনানি গ্ৰহণ কৰিছে । আবেদনকাৰী গিৰীশ ভৰদ্বাজে আবেদনখনত কৈছে যে প্ৰতীক আৰু নাম (অনুচিত ব্যৱহাৰ প্ৰতিৰোধ) আইন ১৯৫০ৰ ধাৰা ২ আৰু ৩ ৰ অধীনত 'INDIA' নামটোৰ ব্যৱহাৰ নিষিদ্ধ । আবেদনকাৰীৰ অধিবক্তা বৈভৱ সিঙে কয় যে গোচৰটোত আন উত্তৰদাতাসকলকো জাননী জাৰি কৰা উচিত । লগতে, গোচৰটোৰ শুনানিৰ বাবে আগতীয়া তাৰিখ দিব লাগে বুলিও তেওঁ দাবী জনায় ।

এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ে কয় যে তেওঁলোকৰ শুনানিৰ বাবে বহু গোচৰ আছে, সেয়েহে এই আবেদনৰ ওপৰত আগতীয়া তাৰিখ দিব নোৱাৰে । মুখ্য ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মাই বিৰোধী দলসমূহক তেওঁলোকৰ মিত্ৰতাৰ বাবে 'INDIA' ব্যৱহাৰ কৰাত বাধা দিবলৈ দাখিল কৰা আবেদনখনৰ ওপৰত শুনানি গ্ৰহণ কৰি ২৬ টা বিৰোধী দলৰ লগতে নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰীয় চৰকাৰক এখন ৰাজহুৱা স্বাৰ্থজড়িত জাননী জাৰি কৰে ।

উল্লেখ্য যে যোৱা মাহত বেংগালুৰুত বিৰোধী দলসমূহৰ এখন বৈঠকত বিৰোধী দলসমূহে এনডিএৰ বিৰুদ্ধে যুঁজিবলৈ 'INDIA' নামেৰে মিত্ৰজোঁট গঠন কৰিছিল । বিৰোধী দলবোৰে এইবাৰ মুম্বাইত তেওঁলোকৰ ভৱিষ্যতৰ কাৰ্যপন্থা নিৰ্ধাৰণ কৰিবলৈ বৈঠকত মিলিত হোৱাৰ কথা আছে ।

লগতে পঢ়ক :Sisodia Bail Plea : ধন লেনদেনৰ পথ স্পষ্টভাৱে প্ৰতিষ্ঠা কৰক; মনীষ ছিছোডিয়াৰ জামিনৰ শুনানিত চিবিআইলৈ উচ্চতম ন্যায়ালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.