নিউজ ডেস্ক, ৩১ মে' : দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোডিয়াৰ বিৰুদ্ধে উৎকোচৰ ধন গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ইডিয়ে (Manish Sisodia received bribe money) । দিল্লীৰ আবকাৰী নীতি কেলেংকাৰী গোচৰৰ (Delhi excise policy scam) অভিযোগনামাত প্ৰৱৰ্তন সঞ্চালকালয়ে এই অভিযোগ কৰিছে (ED charge sheet on Manish Sisodia bribe) । ইডিয়ে দাখিল কৰা অভিযোগনামাত এইটো প্ৰকাশ পাইছে যে অভিযুক্ত অমিত অৰোৰাই চৰকাৰী সাক্ষী দীনেশ অৰোৰাৰ জৰিয়তে ছিছোডিয়াক উৎকোচৰ ধন দিছিল ।
ইডিৰ মতে, অভিযুক্ত অমিত অৰোৰাই কোম্পানীৰ টেলী একাউণ্টৰ বিষয়ে তথ্য দিছে । এই তথ্যত সুৰা বিক্ৰীৰ পৰা অহা নগদ ধন কেইবাটাও তাৰিখত বেংকত জমা কৰা হোৱা নাছিল । এই নগদ ধন মণীষ ছিছোডিয়াক দিবলৈ সংগ্ৰহ কৰা হৈছিল । আনহাতে, প্ৰথম কিস্তি হিচাপে এপ্ৰিলৰ দ্বিতীয় সপ্তাহত তেওঁক এই ধন দিয়া হৈছিল । ছিছোডিয়াক পূৰ্বতে ১ কোটি টকা আৰু পিছত ১.২ কোটি টকা দিয়া হৈছিল ।
তদন্ত সংস্থাটোৱে লগতে জনাইছে যে মহেন্দ্ৰ চৌধুৰী নামৰ এজন আপ কৰ্মীয়ে বিজয় নায়াৰৰ জৰিয়তে ধন প্ৰেৰণ কৰিছিল । এই ধন গোৱাৰ নিৰ্বাচনত ব্যৱহাৰ কৰা হৈছিল । ইডিয়ে অভিযোগনামাখনত ২০ টকীয়া আৰু ৫০ টকীয়া নোটৰ ফটো দি কৈছে যে এইবোৰ উদ্ধাৰ কৰা হৈছে । ইডিয়ে লগতে কৈছে যে বিজয় নায়াৰ, মহেন্দ্ৰ চৌধুৰী আৰু দুৰ্গেশ পাঠকে গোৱাৰ নিৰ্বাচনত দক্ষিণ গ্ৰুপৰ পৰা লাভ কৰা উৎকোচৰ ধন ব্যৱহাৰ কৰিছিল । মহেন্দ্ৰ চৌধুৰীয়ে ইডিক জনায় যে তেওঁ ২০২১ চনত গোৱাত বিজয় নায়াৰক লগ পাইছিল । চৌধুৰী আপৰ বিধায়ক দুৰ্গেশ পাঠকৰ সৈতে গোৱালৈ গৈছিল ।
উল্লেখ্য যে বৰ্তমান বাতিল কৰা ২০২১-২২ বৰ্ষৰ দিল্লী আবকাৰী নীতি প্ৰস্তুত আৰু ৰূপায়ণত দুৰ্নীতিৰ অভিযোগত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ’ই ছিছোডিয়াক গ্ৰেপ্তাৰ কৰে (CBI arrested Manish Sisodia) । বৰ্তমান তেওঁ ন্যায়িক জিম্মাত আছে ।
লগতে পঢ়ক :Centres Delhi ordinance : সমৰ্থন বিচাৰি ষ্টেলিন, হেমন্ত চোৰেনক সাক্ষাৎ কৰিব কেজৰিৱালে