ETV Bharat / bharat

আইএছআইৰ চোৰাংচোৱাৰ সন্দেহত আটক এজন

author img

By

Published : Jul 14, 2021, 3:10 PM IST

দিল্লী অপৰাধ শাখাই আই এছ আই (ISI)ৰ চোৰাংচোৱাৰ সন্দেহত বহু দিনৰ পৰা হাবিব খানক নিৰীক্ষণ কৰি আছিল ৷ হাবিব খানে কেইবাবছৰ ধৰি ভাৰতীয় সেনা (Indian Army)ত ঠিকাদাৰ হিচাপে কাম কৰিছিল আৰু বৰ্তমান তেওঁক ইন্দিৰা ৰাছোইত পাচলি যোগান ধৰাৰ কামত নিয়োজিত হৈ আছে ৷

আইএছআইৰ চোৰাংচোৱাৰ সন্দেহত আটক এজন
আইএছআইৰ চোৰাংচোৱাৰ সন্দেহত আটক এজন

নিউজ ডেস্ক, 14 জুলাই : ৰাজস্থানৰ জয়ছেলমেৰ জিলাৰ পোখৰান গাঁৱৰ পৰা দিল্লী আৰক্ষীৰ অপৰাধ শাখা (Delhi Police Crime Branch)ই মঙলবাৰে চোৰাংচোৱাৰ সন্দেহত বিকানেৰৰ এজন স্থানীয় ব্যক্তিক আটক কৰে । আৰক্ষীয়ে পাকিস্তানৰ আন্তঃসেৱা আৰু ভাৰত-পাক সীমান্তৰ ওচৰত সন্দেহজনক কাৰ্যকলাপৰ বাবে চোৰাংচোৱাৰ সন্দেহ লোকজনক আটক কৰে ৷ দিল্লীৰ অপৰাধ শাখাৰ দলে (Delhi Police Crime Branch) আটকাধীন লোকজনক হাবিব খান বুলি চিনাক্ত কৰিছে ৷ হাবিব খানে বিগত কেইবাবছৰ ধৰি পোখৰান অঞ্চলত বাস কৰি আছিল ৷

দিল্লী আৰক্ষীৰ অপৰাধ শাখা (Delhi Police Crime Branch)ই জয়ছেলমেৰ জিলাৰ পোখাৰন-ফালোদি পথৰ পৰা সন্দেহজনক লোকজনক আটক কৰে ৷ আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ অহা অনুসৰি, হাবিব খানে কেইবাবছৰ ধৰি ভাৰতীয় সেনা (Indian Army)ত ঠিকাদাৰ হিচাপে কাম কৰিছিল আৰু বৰ্তমান তেওঁক ইন্দিৰা ৰাছোইত পাচলি যোগান ধৰাৰ কামত নিয়োজিত হৈ আছে ৷ দিল্লী অপৰাধ শাখাই আইএছআই (ISI)ৰ চোৰাংচোৱাৰ সন্দেহত বহু দিনৰ পৰা হাবিব খানক নিৰীক্ষণ কৰি আছিল ৷

দিল্লী আৰক্ষীৰ অপৰাধ শাখা (Delhi Police Crime Branch)ই গোপন অভিযানৰ ভিত্তিত লোকজনক আটক কৰাৰ বাবে স্থানীয় আৰক্ষীকো ঘটনাৰ বিষয়ে অৱগত কৰা নাছিল ৷ হাবিব খানক আটক কৰাৰ পাছত অপৰাধ অনুসন্ধান শাখাই তেওঁক জেৰা কৰে আৰু বুধবাৰে পুৱা তেওঁক দিল্লীলৈ লৈ যায় ।

লগতে পঢ়ক : উত্তৰ-পূৱত ক'ভিড প্ৰটকল ভংগক লৈ উদ্বেগ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.