নেশ্যনেল ডেস্ক, ৩ অক্টোবৰ : যোৱা ২৪ ছেপ্টেম্বৰত উত্তৰ-পশ্চিম দিল্লীৰ ৰোহিণী আদালতৰ ২০৭ নম্বৰ কোঠাত সংঘটিত হৈছিল গুলীয়াগুলিৰ ঘটনা । গুলীচালনাত কুখ্যাত অপৰাধী গেংষ্টাৰ জীতেন্দ্ৰ মান 'গোগী' আৰু আন দুজন অপৰাধী নিহত হয় । অতিৰিক্ত সত্ৰ ন্যায়াধীশ গগণদীপ সিঙৰ আদালতত উকীলৰ ছদ্মবেশত অহা দুজন লোকে গেংষ্টাৰ জিতেন্দ্ৰ গোগীৰ ওপৰত গুলীচালনা কৰিছিল । আৰক্ষীয়েও আক্ৰমণকাৰীৰ বিৰুদ্ধে গুলীচালনা কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হয় ।
এই ঘটনাৰ পাছতে সমগ্ৰ দেশত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে । ইয়াৰ পাছতে নিম্ন আদালতৰ নিৰাপত্তা ব্যৱস্থাক লৈও বিভিন্ন মহলত প্ৰশ্ন উঠিছিল । ইফালে উক্ত ঘটনাত গেংষ্টাৰ গোগীক গুলীয়াইছিল টিলু তাজপুপ্ৰিয়া গেঙৰ সদস্যই । যাৰ বাবে দুয়োটা গেঙৰ মাজত তীব্ৰ সংঘাত সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে ।
ইয়াৰ মাজতে দিল্লী আৰক্ষীৰ বিশেষ কোষে (Special cell of Delhi police) শুকুৰবাবে আটক কৰে গোগী গেঙৰ চাৰিজনকৈ সদস্যক । জানিব পৰা মতে নেতা জীতেন্দ্ৰ মান ওৰফে গোগীক হত্যা কৰাৰ বাবে প্ৰতিশোধ স্বৰূপে টিলু তাজপুপ্ৰিয়াক হত্যা কৰাৰ পৰিকল্পনা ৰচনা কৰিছিল গোগী গেঙে ।
সেই পৰিকল্পনা ৰচনা কৰি থাকোতেই গোগী গেঙৰ ৪ জনক আৰক্ষীয়ে আটক কৰাৰ লগে লগে পুনৰবাৰ বিশেষ তাৎপৰ্য বহন কৰিছে ঘটনাই । আৰক্ষীয়ে জনোৱা মতে জেৰাৰ সময়ত সদস্য কেইজনে প্ৰকাশ কৰিছে যে তেওঁলোকৰ দলটোৱে টিলু আৰু টিলুৰ দলটোক হত্যা কৰাৰ সুযোগ বিচাৰি আছে । তেওঁলোকে লগতে সতৰ্ক কৰি দিছিল যে গোগী গেঙে টিলু আৰু তেওঁৰ সহযোগীসকলক ৰেহাই নিদিয়ে ।