নেচনেল ডেস্ক, 13 ফেব্ৰুৱাৰী: গণৰাজ্য দিৱসৰ দিনটোত লালকিল্লাত হিংসাত্মক কাৰ্য সংঘটিত কৰাৰ সৈতে জড়িত থকাৰ অভিযোগত অভিযুক্ত দীপ সিদ্ধু আৰু ইকবাল সিঙক শনিবাৰে পুনৰ লালকিল্লালৈ লৈ যোৱা হয় ৷ সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্বত থকা দিল্লী আৰক্ষীৰ অপৰাধ শাখাই অপৰাধৰ দৃশ্য পুনৰ সৃষ্টি কৰাৰ বাবে দুই অভিযুক্তক লালকিল্লালৈ লৈ যায় ৷
প্ৰাপ্ত তথ্য অনুসৰি অপৰাধ শাখাই সিদ্ধু আৰু ইকবালে কিলাৰ উপৰত উঠিবলৈ লোৱা ৰাস্তাটোৰ অধ্যয়ন কৰি আছে ৷ 26 জানুৱাৰীৰ দিনটোত কৃষকৰ টেক্টৰ ৰেলীৰ সময়ত সংঘটিত এই হিংসাত্মক ঘটনাত কোনো বৃহৎ ষড়যন্ত্ৰৰ অংশ আছিল নেকি, অপৰাধ শাখাই সেই কথা তদন্ত কৰি আছে বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে, লুধিয়ানাৰ 45 বৰ্ষীয় ইকবাল সিঙ, পঞ্জাৱী অভিনেতা দীপ সিদ্ধু আৰু অন্য সকল টেক্টৰ ৰেলীৰ এক অংশ আছিল ৷ তেওঁ কৰ্তব্যৰত আৰক্ষীক ভাবুকি দিয়াৰ লগতে প্ৰতিবাদকাৰী সকলক হিংসাত্মক হ'বলৈ উচটনি দি থকাৰ ভিডিঅ' সামাজিক মাধ্যমত বিয়পি পৰাৰ পাছতে দিল্লী আৰক্ষীয়ে সিদ্ধুৰ লগতে যুগৰাজ সিঙ, গুৰজট সিঙ আৰু গপৰজন্ট সিঙক আৰক্ষীক ধৰাই দিয়াৰ বাবে এক লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল ৷ ইয়াৰ বিপৰীতে জগবীৰ সিঙ, বুটা সিঙ, সুখদেৱ সিঙ আৰু ইকবাল সিঙক ধৰাই দিয়াৰ বাবে 50,000 টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল ৷
বৰ্তমান সিদ্ধু আৰু ইকবাল আৰক্ষীৰ জিম্মাত আছে আৰু আৰক্ষীৰ অপৰাধ শাখাই সমগ্ৰ ঘটনাৰ তদন্ত কৰি আছে ৷
লগতে পঢ়ক: জম্মু-কাশ্মীৰ আৰক্ষীৰ হাতত আটক পিডিপিৰ সভাপতি মেহবুবা মুফতী