ETV Bharat / bharat

Mallikarjun Kharge Slams PM : ডাবল ইঞ্জিনৰ চৰকাৰৰ দ্বৈত নিপীড়ন দলিতক; মল্লিকাৰ্জুন খাৰ্গে

author img

By

Published : Jun 6, 2023, 6:39 PM IST

Updated : Jun 6, 2023, 6:56 PM IST

বিগত সপ্তাহত মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়ংকেও একে ধৰণৰ অভিযোগ উত্থাপন কৰিছিল । প্ৰিয়ংকে কৈছিল যে দলিতসকলে দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে অনুভৱ কৰে আৰু ভাৰতত তেওঁলোক অসুৰক্ষিত (Kharge slams modi govt on dalit issue) ।

Mallikarjun Kharge Slams PM
Mallikarjun Kharge Slams PM

নিউজ ডেস্ক, ৬ জুন : কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে (Congress president Mallikarjun Kharge) মঙলবাৰে অভিযোগ কৰে যে বিজেপিশাসিত ৰাজ্যসমূহত দলিতসকলক অধিক অত্যাচাৰ কৰা হৈছে । লগতে কেন্দ্ৰই পিচপৰা শ্ৰেণীসমূহক 'দ্বিতীয় শ্ৰেণীৰ নাগৰিক' হিচাপে গণ্য কৰাৰ অভিযোগো তেওঁ উত্থাপন কৰে (Mallikarjun Kharge slams PM) ।

টুইটাৰৰ জৰিয়তে খাৰ্গেয়ে কয় যে দলিত, জনজাতীয় আৰু পিচপৰা লোকসকল 'ডাবল ইঞ্জিন'ৰ চৰকাৰৰ দিনত 'দ্বৈতভাৱে নিপীড়িত' হৈছে (Kharge alleged Dalits oppressed in BJP govts) । তেওঁ কয় যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ সময়ত দলিতসকলৰ বিৰুদ্ধে অপৰাধ বৃদ্ধি পাইছে । ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰোৰ (National Crime Records Bureau) প্ৰতিবেদনৰ উদ্ধৃতি দি তেওঁ কয় যে ২০১৩ চনৰ পৰা ২০২১ চনৰ ভিতৰত এনে ধৰণৰ অপৰাধ ২৯ শতাংশ বৃদ্ধি পাইছে । ইয়াৰ লগতে তেওঁ পাঁচ দিনৰ ব্যৱধানত গুজৰাটৰ পৰা দলিত উৎপীড়নৰ বিষয়ে প্ৰকাশিত দুটা বাতৰিও পোষ্ট কৰে (Kharge posted on Dalit oppression from Gujarat) ।

প্ৰথম ঘটনাটো সোমবাৰে পাটন জিলাত সংঘটিত হয় । উক্ত ঘটনাত এচাম লোকে এজন দলিত ব্যক্তিৰ বুঢ়া আঙুলি কাটি পেলায় । বিদ্যালয়ৰ খেলপথাৰত খেল চাই থকা সময়ত তেওঁৰ ভতিজাকে ক্ৰিকেট বল এটা তুলি লোৱাৰ পিছতে তেওঁক আক্ৰমণ কৰা হয় । দ্বিতীয় ঘটনাটোটোত এজন দলিত লোকক ভাল কাপোৰ আৰু চছমা পিন্ধাৰ বাবে উচ্চ বৰ্ণৰ লোকৰ এটা দলে প্ৰহাৰ কৰে । ঘটনাটো ২ জুনত বনসকান্থা জিলাত সংঘটিত হয় আৰু এই সন্দৰ্ভত সাতজন লোকৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছে ।

"গুজৰাটৰ এই ঘটনাবোৰ অতি উদ্বেগজনক । সমাজৰ শোষিত শ্ৰেণীবোৰক মোদী চৰকাৰে দ্বিতীয় শ্ৰেণীৰ নাগৰিক কৰি তুলিছে (Mallikarjun Kharge slams PM Narendra Modi) !" তেওঁ টুইটত লিখিছে ।

উল্লেখ্য যে খাৰ্গেৰ এই বক্তব্য, তেওঁৰ পুত্ৰ তথা কৰ্ণাটকৰ গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ মন্ত্ৰী প্ৰিয়ংক খাৰ্গেয়ে দলিত, জনজাতীয় আৰু পিছপৰা শ্ৰেণীৰ লোকসকলে দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে অনুভৱ কৰিছে বুলি কৰা মন্তব্যৰ এসপ্তাহ পিছত আহিছে । তেওঁ কৈছিল যে সংখ্যালঘুসকলে দেশত অসুৰক্ষিত অনুভৱ কৰিছে । ইয়াৰ পূৰ্বে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও মুছলমানসকলে সন্মুখীন হোৱা বৈষম্যৰ অভিযোগ উত্থাপন কৰি কয় যে আজি মুছলমানসকলৰ সৈতে যি ঘটিছে সেয়া ১৯৮০-ৰ দশকত দলিতসকলৰ সৈতে ঘটিছিল ।

লগতে পঢ়ক :Delhi Ordinance Row : সমৰ্থন বিচাৰি অখিলেশক সাক্ষাৎ কৰিব কেজৰিৱালে

Last Updated : Jun 6, 2023, 6:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.