মেষ ৰাশি: মানসিকভাৱে তজবজীয়া হৈ থাকিব ৷ সাংসাৰিক জীৱন আনন্দদায়ক হৈ থাকিব ৷ ভ্ৰমণত শুভ ৷ নিজৰ চিন্তা আৰু প্ৰবৃত্তিক নিয়ন্ত্ৰণ কৰক ৷ বৈদেশিক বাণিজ্যৰ সৈতে জড়িত লোকসকল লাভৱান হ’ব ৷
বৃষ ৰাশি: মানসিকভাৱে আৰামত থাকিব ৷ কামত নিখুঁত পৰিকল্পনাৰ মাজেৰে আগুৱাই যাব পাৰিব ৷ পিতৃ-মাতৃৰ পৰা সুসংবাদ পাব ৷ শাৰীৰিকভাৱে সুস্থ থাকিব ৷
মিথুন ৰাশি: দিনটো মধ্যমীয়া হ’ব ৷ নতুন কাম হাতত নল’ব ৷ স্বামী বা স্ত্ৰী আৰু সন্তানক লৈ দুশ্চিন্তা থাকিব ৷ পেটৰ গণ্ডগোল হ’ব পাৰে ৷ ব্যয় বৃদ্ধি ৷ পঢ়ুৱৈসকলৰ কাৰণে দিনটো অনুকূল ৷ বিবাদত নোসোমাব ৷
কৰ্কট ৰাশি: ভাবি-চিন্তি কাম কৰক ৷ শাৰীৰিক শক্তি আৰু মানসিক শান্তি বৰ্তাই ৰখাটো জটিল হ’ব পাৰে ৷ হৃদৰোগ বা অন্যান্য কোনো ৰোগত ভুগিব পাৰে ৷ পৰিয়ালৰ লোকৰ সৈতে কাজিয়া বিবাদৰ ফলত মনত দুখ পাব পাৰে ৷ ব্যয় বৃদ্ধি ৷ অনিদ্ৰাই আমনি দিব পাৰে ৷
সিংহ ৰাশি: সফলভাৱে নিজৰ কাম সম্পন্ন কৰিব পাৰিব ৷ দিনটো আনন্দত থাকিব ৷ ভাইভনীৰ সৈতে সম্পৰ্ক আন্তৰিকতাপূৰ্ণ হৈ থাকিব ৷ প্ৰিয়জন আৰু বন্ধুৰ সৈতে সুন্দৰ কোনো ঠাইত ফুৰিবলৈ যোৱাৰ যোগ আছে ৷ সুস্থ হৈ থাকিব ৷ আৰ্থিক লাভ বৃদ্ধি ৷ শান্ত হৈ থাকিব ৷ নতুন কাম হাতত লোৱাৰ বাবে দিনটো শুভ ৷
কন্যা ৰাশি: দিনটো শুভ ৷ ঘৰুৱা পৰিৱেশ ভালে থাকিব ৷ সংঘাতৰ পৰা আঁতৰত থাকক ৷ নিজৰ মুখত লেকাম টানি ৰাখক ৷ আৰ্থিক দিশবোৰ চম্ভালি ল’ব পাৰিব ৷ নেতিবাচক চিন্তা এৰাই চলক ৷ সৰুসুৰা ভ্ৰমণলৈ যাব পাৰে ৷
তুলা ৰাশি: আৰ্থিক দিশটোক সফলভাৱে চম্ভালি ল’ব ৷ শাৰীৰিক আৰু মানসিক আনন্দ লাভ কৰিব ৷ শ্বপিং আৰু মনোৰঞ্জনৰ নামত খৰচ হ’ব ৷ সৃজনশীল ক্ৰিয়াকলাপত লিপ্ত হ’ব পাৰে ৷
বৃশ্চিক ৰাশি: খৰচৰ মাত্ৰা বৃদ্ধি হ’ব ৷ ভ্ৰমণত শুভ ৷ দিনটো আনন্দৰে যাব ৷ শৰীৰৰ যত্ন লওক ৷ অস্ত্ৰোপচাৰ কৰিবলগা হ’লে অলপ দিন ৰৈ দিয়ক ৷ পৰিয়াল বা প্ৰিয় সংগীৰ লগত ভুল বুজাবুজি হ’ব পাৰে ৷ খঙাল হৈ থাকিব পাৰে ৷ সাৱধানে থাকক অন্যথা বিপদত পৰিব পাৰে ৷
ধনু ৰাশি: কামৰ বোজা বৃদ্ধি ৷ দিনটো আনন্দৰে পাৰ কৰিব ৷ পাৰিবাৰিক জীৱন সুন্দৰ হ’ব ৷ প্ৰেমত শুভ ৷ গ্ৰহ ভাল ৷
মকৰ ৰাশি: কামত সফল নহ’ব পাৰে ৷ জুই আৰু পানীৰ পৰা সাৱধানে থাকক ৷ দুপৰীয়াৰ পৰা কামবোৰ সফল হ’ব ৷ পদ্দোন্নতি হ’ব পাৰে ৷ প্ৰশংসাৰ পাত্ৰ হ’ব ৷ ব্যবসায় সংক্ৰান্তীয় ভ্ৰমণ হ’ব পাৰে ৷ দিনটো আনন্দৰে কটাব ৷ বিপদমুক্ত হ’ব ৷ সন্মান লাভ কৰিব ৷ পাৰিবাৰিক জীৱন সুন্দৰ হ’ব ৷
কুম্ভ ৰাশি: শৰীৰৰ প্ৰতি চকু দিয়ক ৷ দূৰ্বল অনুভৱ কৰিব ৷ মানসিকভাৱে সবল হ’ব ৷ সাৱধানে থাকিব ৷ বুদ্ধিৰে কামত আগবাঢ়িব ৷ সন্তানৰ বাবে উদ্দিগ্নতা বৃদ্ধি হ’ব পাৰে ৷ খৰচৰ মাত্ৰা বাঢ়িব ৷ দিনটো পৰিয়ালৰ লগত দিন কটাওক আৰু আনন্দ কৰক ৷ সৰু সুৰা ভ্ৰমণলৈ যাব পাৰে ৷
মীন ৰাশি: গণেশৰ কৃপা দৃষ্টি লাভ কৰিব ৷ দিনটো মধ্যমীয়া হ’ব ৷ হাতত লোৱা কামত অলপ বেছি মনোযোগ দিয়ক ৷ কাৰো ওপৰত বৰ বিশ্বাস নকৰিব ৷ শৰীৰ আৰু মানসিক স্বাস্থ্যৰ অৱনতি ঘটিব ৷ খৰচৰ মাত্ৰা কমাওক ৷