মেষ ৰাশি: কবিতা লিখা, ছবি আঁকা আদিৰ বাবে ভাল দিন ৷ ঘৰুৱা পৰিবেশ উৎসাহজনক হ’ব ৷ জ্যেষ্ঠসকলৰ লগত কাম কৰোতে সতৰ্ক হওক ৷ বিৰোধী বা প্ৰতিদ্বন্দীৰ সৈতে মতামতৰ পাৰ্থক্যৰ বাবে ডাঙৰ বিবাদ হ’ব পাৰে ৷ এইবোৰ এৰাই চলিবলৈ চেষ্টা কৰক ৷
বৃষ ৰাশি: বিভিন্ন চিন্তাই দিনটো জামুৰি দি ধৰিব ৷ বিশেষভাৱে মাতৃৰ স্বাস্থ্যৰ যতন ল’ব ৷ অস্থাৱৰ সম্পত্তি বা সম্পদ সংক্ৰান্তীয় আইনী কাম কাজ বা লেনদেনৰ পৰা বিৰত থাকক ৷ নিৰাশাবাদী মনোভাৱ পৰিত্যাগ কৰক; আবেলিলৈ পৰিস্থিতি উন্নত হোৱাৰ সম্ভাৱনা আছে ৷ উদ্বেগমুক্ত হোৱাৰ পিছত এক চিন্তামুক্ত আৰু আনন্দময় মানসিক আৰু শাৰীৰিক স্থিতিৰ উপভোগ কৰিব পাৰিব ৷ শিক্ষাৰ্থীৰ বাবে এটা ভাল সময়ৰ আৰম্ভণি ৷ সৃষ্টিশীল কামত মনোনিৱেশ কৰক ৷
মিথুন ৰাশি: পুৱাৰ ভাগত অতি উত্তম ফল লাভ কৰিব, বিশেষকৈ পেচাগত দিশত৷ সকলো প্ৰচেষ্টাত সফল হ’ব, বিৰোধীসকলে পৰাজয় স্বীকাৰ কৰিব ৷ দুপৰীয়াৰ পিছত গ্ৰহসমূহ অপ্ৰত্যাশিতভাৱে আৰু প্ৰতিকূলৰূপত পৰিৱৰ্তন হ’ব ৷ গৰ্বিত বোধ কৰিব আৰু সেইটোৱে পৰিয়ালৰ কোনো লোকক অসন্তুষ্ট কৰিব পাৰে ৷ পৰিয়াল কেন্দ্ৰিক বিবাদে ভৱিষ্যতত কোনো গম্ভীৰ ৰূপ ধাৰণ কৰিব পাৰে ৷ সেয়ে নিয়ন্ত্ৰিত হৈ থাকক, নহ’লে পিছত দোষী অনুভৱ কৰিব ৷
কৰ্কট ৰাশি: স্বাস্থ্য ভালে থাকিব ৷ অপ্ৰত্যাশিত দিনটো ভালদৰে পাৰ হৈ যাব ৷ ধৈৰ্য নেহেৰুৱাব ৷ খঙাল হৈ থাকিব ৷ সিদ্ধান্তত উপনীত হ’ব নোৱাৰিব পাৰে ৷ আৱেগিক আৰু দ্বিধাগ্ৰস্ত হৈ থাকিব পাৰে ৷ পৰিয়ালৰ লোকৰ লগত হোৱা বাক্-বিতণ্ডাই পৰিস্থিতি অধিক শোচনীয় কৰি তুলিব পাৰে ৷
সিংহ ৰাশি: আত্মবিশ্বাসী হৈ থাকিব ৷ আত্মসন্মান বৃদ্ধি ৷ সিদ্ধান্ত লোৱাত সফল হ’ব ৷ দিনটো আনন্দৰে যাব ৷ পৰিয়ালৰ লোকসকলৰ পৰা সহযোগিতা লাভ কৰিব ৷ ব্যয় বৃদ্ধি ৷ সৰ্তক থাকক ৷
কন্যা ৰাশি: আৱেগিক হৈ থাকিব ৷ যত্নৱান হওক ৷ আলোচনা আৰু বিবাদৰ পৰা আতঁৰত থাকিব ৷ আত্ম-বিশ্বাসী হৈ থাকক আৰু এনে পৰিস্থিতিক শান্ত হৈ পৰিচালনা কৰক ৷ সন্মান আৰু মান্যতাও বৃদ্ধি পাব পাৰে ৷ ক্ৰোধ আৰু সংবেদনশীলতাক নিয়ন্ত্ৰণত ৰাখক ৷
তুলা ৰাশি: ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ শান্ত হৈ থাকিব ৷ লাভ বৃদ্ধি ৷ স্বাস্থ্যজনিত সমস্যাত ভূগিব পাৰে, হয়টো পেটৰ অসুখ ৷ যত্ন লওক ৷ ভুল বুজাবুজিক এৰাই চলিবৰ বাবে তৰ্কৰ পৰা এৰাই চলিব ৷ আইনী কামত অতি সতৰ্ক হওক ৷
বৃশ্চিক ৰাশি: দিনটো আত্ম বিশ্বাসেৰে পূৰ্ণ হৈ থাকিব ৷ কৰ্মস্থানত বা ব্যৱসায়ত নিপুনতা, কুশলতা আৰু দক্ষতাৰ বাবে মানুহে প্ৰশংসা কৰিব ৷ কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ হ’ব ৷ পদোন্নতি আৰু বেতন বৃদ্ধিৰ সম্ভাৱনা আছে ৷ মানসিক দ্বিধাত পৰিব পাৰে ৷
ধনু ৰাশি: তীৰ্থযাত্ৰাৰ পৰিকল্পনা কৰিব পাৰে ৷ কামৰ লগতে লেনেদেন কৰিব পাৰে ৷ দিনটো আনন্দৰে পাৰ কৰিব ৷ অলপ সাৱধান থাকক ৷ ক্ৰোধ নিয়ন্ত্ৰণহীন হ’ব পাৰে ৷
মকৰ ৰাশি: দিনটো অস্বস্তিবোধ আৰু ক্ৰোধক কঠোৰভাৱে নিয়ন্ত্ৰণ কৰা উচিত ৷ মানসিকভাৱে সাজু হৈ থাকিব পাৰে ৷ স্বাস্থ্যৰ প্ৰতি যতন ল’ব ৷ শৰীৰচৰ্চা কৰিব পাৰে ৷ চাপ আৰু নেতিবাচক চিন্তাৰ পৰা পৰিত্ৰাণ পাব ৷ অপ্ৰত্যাশিত ব্যয় হ’ব ৷
কুম্ভ ৰাশি: যত্নবান হওক ৷ ঘৰুৱা সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ অপমান বা লোকচান হোৱাৰ সম্ভাৱনা আছে ৷ মানসিক কষ্ট পাব ৷ উদ্বেগক নিয়ন্ত্ৰণ কৰক ৷
মীন ৰাশি: অন্যমনস্ক আৰু উদ্বিগ্ন হৈ থাকিব পাৰে৷ কামত অপ্ৰত্যাশিত বাধাই বিভ্ৰান্ত কৰিব পাৰে ৷ সহকৰ্মীসকলে সহযোগিতা নাপাব পাৰে ৷ ঘৰুৱা দিশত অধিক সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ ব্যৱসায়ত অংশীদাৰী সমস্যাসমূহৰ যত্ন লওক ৷ যিকোনো আইনী লেনদেনৰ পৰা আঁতৰত থাকক ৷