মেষ ৰাশি : ব্যৱসায়ত অধিক ব্যস্ত হʼব পাৰে ৷ কর্ম ব্যস্ততাৰ প্ৰভাৱে ব্যক্তিগত জীৱন প্ৰভাৱান্বিত কৰিব ৷ যোগৰ অনুশীলন কৰা ইচ্ছা হʼব পাৰে ৷
বৃষ ৰাশি : শিক্ষাৰ্থী সকলৰ বাবে শুভ দিন ৷ নতুন বিষয় অধ্যয়নৰ প্ৰতি আসক্ত হ’ব ৷ কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হ’ব ৷ প্ৰতিভাৰ সদব্যৱহাৰ কৰক ৷
মিথুন ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে ৷ সতৰ্ক হওক ৷ খৰচৰ মাত্ৰা বাঢ়িব ৷ যোগাসন কৰক ৷ মানসিক শান্তি লাভ ৷
কৰ্কট ৰাশি : কৰ্মৰ প্ৰভাৱ জীৱনত প্ৰভাৱ পৰিব পাৰে ৷ পৰ চৰ্চা নকৰিব ৷
সিংহ ৰাশি : কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হ’ব ৷ প্ৰশংসা লাভ ৷ ব্যস্ত কাৰ্য্যসূচীৰৰ মাজতো সময় উলিয়াই প্ৰেমত মনোযোগ দিব ৷ খৰচ বৃদ্ধি ৷
কন্যা ৰাশি : দিনটো কিছু খেলি-মেলিৰ সৃষ্টি হ’ব পাৰে ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ খং-ৰাগক নিয়ন্ত্ৰণ কৰক ৷ শান্ত হৈ কৰ্ম সম্পাদন কৰক ৷ জ্যেষ্ঠ জনৰ পৰা পৰামৰ্শ লোৱাটো ভাল হʼব ৷
তুলা ৰাশি : দিনটো শুভ ৷ শুভবাৰ্তা লাভ কৰিব ৷ লক্ষ্যত প্ৰায় সফল ৷ বহুতো ব্যক্তি লগত সংযোগ হʼব ৷ জীৱনত ভাল বন্ধু লাভ ৷ প্ৰেমত মনোযোগ দিয়ক
বৃশ্চিক ৰাশি : দিনটো কিছু খেলি-মেলিৰ সৃষ্টি হ’ব পাৰে ৷ যিকোনো সিদ্ধান্ত ভাবি চিন্তি লওক ৷ পৰিয়ালৰ সৈতে মতানৈক্য হ’ব পাৰে ৷ সাৱধানতা অৱলম্বন কৰক ৷
ধনু ৰাশি : দুৰ্ব্বলতাবোৰ আওকাণ কৰাৰ পৰিৱৰ্তে তাক লৈ বাদ-বিবাদ নকৰিব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত ৷ আনৰ পৰা পৰামৰ্শ নল’ব ৷ কর্মত শান্ত হৈ থাকক ৷
মকৰ ৰাশি : বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে সম্পর্ক ভাল হʼব, জীৱন ভাল বন্ধু লাভ ৷ ভাগ্য ভাল ৷
কুম্ভ ৰাশি : নতুন বৈদেশিক শিক্ষা অধ্যয়ন কৰিবলৈ ইচ্ছা হʼব পাৰে ৷ ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷
মীন ৰাশি : আৰ্থিক সমস্যাৰ বাবে নিৰাশ হৈ পৰিব পাৰে ৷ প্ৰেম সম্পর্কত মনোযোগ দিয়ক ৷ চৰকাৰী প্ৰকল্পত সফল হʼব ৷ নতুন ব্যৱসায় কৰিব পাৰে, সফল হʼব ৷