নেশ্যনেল ডেস্ক,২৮ ছেপ্টেম্বৰ : কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী লগতে পেঞ্চনাৰৰ বাবে সুখবৰ । কৰ্মচাৰীসকলৰ ডিয়াৰনেছ ভাট্টা বা মৰগীয়া বানচ (DA) ৪ শতাংশ বৃদ্ধিৰ সিদ্ধান্ত চৰকাৰৰ (4 percent DA increase for Central govt employees)। ইতিমধ্যে কেন্দ্ৰীয় কেবিনেটত এই সন্দৰ্ভত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে ।
ইয়াৰ লগে লগে কৰ্মচাৰীসকলৰ DA ৩৪ শতাংশৰ পৰা বৃদ্ধি হৈ ৩৮ শতাংশ হ'ব । ২০২২ চনৰ ১ জুলাইৰ পৰা এই বৃদ্ধি কাৰ্যকৰী হ'ব । বুধবাৰে এই কথা ঘোষণা কৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে ।
দেশত মুদ্ৰাস্ফীতিৰ সমান্তৰালকৈ উৎসৱৰ বতৰত চৰকাৰৰ এই ঘোষণাই আনন্দিত কৰি তুলিছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ লগতে পেঞ্চনাৰসকলক । ইয়াৰ পূৰ্বে, ২০২২ চনৰ মাৰ্চত, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে মৰগীয়া বানত ৩১ ৰ পৰা ৩৪ শতাংশলৈ বৃদ্ধি কৰা হৈছিল । তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে কয় যে, এই বৃদ্ধিৰ লগে লগে ৰাজকোষে বছৰি ১২,৮৫২.৫৬ কোটি টকাৰ অতিৰিক্ত বোজা বহন কৰিব লাগিব আৰু ২০২২ চনৰ জুলাইৰ পৰা ২০২৩ৰ ফেব্ৰুৱাৰীৰ ভিতৰত ৮,৫৬৮.৩৬ কোটি টকাৰ হেঁচা পৰিব ।
লগতে পঢ়ক :উত্তৰ প্ৰদেশ চৰকাৰৰ মাদ্ৰাছা প্ৰীতি !