ETV Bharat / bharat

'বুৰেৱী' ঘূৰ্ণীবতাহ পশ্চিম-উত্তৰ-পশ্চিম দিশে গতি কৰাৰ সম্ভাৱনা আছে ! - 'বুৰেৱী' ঘূৰ্ণীবতাহ

বৃহস্পতিবাৰে দক্ষিণ তামিলনাডুৰ উপকূলীয় জিলাসমূহ 'বুৰেৱী' ঘূৰ্ণীবতাহে প্ৰভাৱিত কৰাৰ সম্ভাৱনা আছে বুলি চেন্নাইৰ আঞ্চলিক বতৰ বিজ্ঞান বিভাগে আগজাননী দিছে । চেন্নাইস্থিত এৰিয়া চাইক্ল'ন ৱাৰ্ণিং চেণ্টাৰ আৰু আঞ্চলিক বতৰ বিজ্ঞান বিভাগৰ সঞ্চালকে সম্ভাৱনা প্ৰকট কৰিছে যে, 'বুৰেৱী' ঘূৰ্ণীবতাহ বৃহস্পতিবাৰে পশ্চিম-উত্তৰ-পশ্চিম দিশে গতি কৰিব আৰু তাৰ পিছত মন্নাৰ আৰু ক'ম'ৰীণ অঞ্চলক প্ৰভাৱিত কৰিব ।'

পশ্চিম-উত্তৰ-পশ্চিম দিশে গতি কৰাৰ সম্ভাৱনা 'বুৰেৱী'ৰ
'বুৰেৱী' ঘূৰ্ণীবতাহ
author img

By

Published : Dec 3, 2020, 1:51 PM IST

নেশ্যনেল ডেস্ক, ৩ ডিচেম্বৰ: 'নিভাৰে' সংহাৰ চলোৱাৰ ১০ দিনো হোৱা নাই, এতিয়া 'বুৰেৱী' ঘূৰ্ণীবতাহে ভয়াৱহ বিপদ মাতি আনিছে । চেন্নাইস্থিত এৰিয়া চাইক্ল'ন ৱাৰ্ণিং চেণ্টাৰ আৰু আঞ্চলিক বতৰ বিজ্ঞান বিভাগৰ সঞ্চালকে প্ৰকাশ কৰিছে যে, 'বুৰেৱী' ঘূৰ্ণীবতাহ পশ্চিম-উত্তৰ-পশ্চিম দিশে গতি কৰাৰ সম্ভাৱনা আছে আৰু ইয়াৰ পিছত বৃহস্পতিবাৰে পুৱা মন্নাৰ আৰু ক'ম'ৰীণ অঞ্চলক প্ৰভাৱিত কৰিব ।'

কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে বুধবাৰে কয় যে, 'এন ডি আৰ এফৰ ৮টা দল, বায়ু সেনা আৰু নৌসেনা 'বুৰেৱী' ঘূৰ্ণীবতাহ প্ৰভাৱিত কৰিব পৰা অঞ্চলসমূহত উদ্ধাৰ অভিযানৰ বাবে সষ্টম হৈ আছে । ইয়াৰ উপৰিও ১৭৫টা পৰিয়ালৰ ৬৯৭ গৰাকী লোকক আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰা হৈছে । আনহাতে, ২,৪৮৯টা আন শিবিৰো স্থাপন কৰা হৈছে ।' ৰাজ্যখনত ৮টা এন ডি আৰ এফৰ ইতিমধ্যে সাজু হৈ আছে । ইয়াৰ এদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ সৈতে 'বুৰেৱী' ঘূৰ্ণীবতাহ সন্দৰ্ভত আলোচনা কৰে ।

ঘূৰ্ণীবতাহৰ পৰা ৰক্ষা পৰিবলৈ ৰাজ্যখনত গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে বিজয়নে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৩ ডিচেম্বৰত তিৰুৱানন্থপুৰম, ক'ল্লাম, পথনমথিট্টা আৰু এলাপ্পুঝা জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে । এন ডি আৰ এফৰ বিষয়াই প্ৰকাশ কৰা মতে, কেৰালা, তামিলনাডু আৰু উৰিষ্যাৰ উপকূলীয় অঞ্চলত এন ডি আৰ এফ বাহিনী জৰুৰীকালীন পৰিস্থিতিৰে যুঁজিবলৈ সাজু হৈ আছে ।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে, তামিলনাডু আৰু কেৰালাৰ কোনো কোনো অংশত 'বুৰেৱী' ঘূৰ্ণীবতাহৰ প্ৰভাৱত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে । বংগোপসাগৰৰ দক্ষিণ-পশ্চিমত উৎপত্তি হোৱা 'বুৰেৱী' পশ্চিম-উত্তৰ-পশ্চিম দিশে গতি কৰিছে আৰু আগন্তুক ১২ ঘণ্টাত ইয়াৰ গতিবেগ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: ক'ভিড প্ৰটক'ল ভংগকাৰীৰ বিৰুদ্ধে গুজৰাট আদালতৰ বিশেষ নিৰ্দেশনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.