নেশ্যনেল ডেস্ক, 8 অক্টোবৰ: ঝাৰখণ্ডৰ লাটেহাৰ জিলাৰ মহুয়াদন্দ থানা এলেকাৰ অন্তৰ্গত বাস্কাৰচা পিকেটত গুলীচালনা (Jammu Kashmir CRPF jawan died) ৷ গুলীচালনাত আহত এগৰাকী চি আৰ পি এফৰ জোৱান ৷ জোৱানজনাৰ নাম মেৰাজুদ্দিন মাপনো (CRPF jawan died in Latehar) ৷ জম্মু-কাশ্মীৰৰ বন্দিপোৰা জিলাৰ বাসিন্দা আছিল সেনা জোৱানজন ।
ঘটনাৰ বিৱৰণী অনুসৰি, প্ৰত্যেক দিনাৰ দৰে শনিবাৰেও সেনা জোৱানজন নিয়োজিত হৈ আছিল নিজ কৰ্তব্যত ৷ সেনা জোৱাজন কৰ্মৰত হৈ থকা অৱস্থাতে হঠাৎ শিবিৰটোত গুলীচালনা হোৱাৰ শব্দ শুনা গৈছিল ৷ গুলীচালনাৰ শব্দ শুনা পাই শিবিৰটোত নিয়োজিত অন্য চি আৰ পি এফৰ জোৱান ততাতৈয়াকৈ উপস্থিত হয় সেই স্থানত ৷
ঘটনাস্থলীত উপস্থিত হৈ তেজেৰে লুতুৰি-পুতুৰি অৱস্থাতত জোৱানজনক মাটিত পৰি থকা প্ৰত্যক্ষ কৰে । পিছত ততাতৈয়াকৈ আহত জোৱানজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । কিন্তু দুৰ্ভাগ্যবশতঃ প্ৰাথমিক চিকিৎসাৰ অন্তত চিকিৎসকে জোৱানজনক মৃত বুলি ঘোষণা কৰে (CRPF jawan died due to shot with own rifle) ।
কিন্তু আশ্চৰ্যজনক বিষয় যে, নিজৰ ৰাইফলৰ পৰা ওলোৱা গুলীৰেই মৃত্যু হৈছিল জোৱানজনৰ ৷ অৱশ্যে কেনেকৈ সংঘটিত হৈছিল এই ঘটনা সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ৷ ইফালে আৰক্ষী আৰু চি আৰ পি এফৰ বিষয়াসকলে সেই স্থানত উপস্থিত হৈ সমগ্ৰ বিষয়টো তদন্ত কৰি আছে যদিও এতিয়ালৈকে ৰহস্যৰ আৱৰ্তত সমগ্ৰ ঘটনা ৷
লগতে পঢ়ক: Demolition of illegal structures : পোৰবন্দৰত সংখ্যালঘু সম্প্ৰদায়ৰ তীব্ৰ প্ৰতিবাদ