ETV Bharat / bharat

Journalist attacked in Bihar: বিহাৰত সাংবাদিকক গুলীয়াই হত্যাৰ চেষ্টা

author img

By

Published : Jan 7, 2023, 10:22 PM IST

বিহাৰৰ চিৱানত সাংবাদিকক গুলীয়াই হত্যাৰ চেষ্টা(Criminals shot journalist in Bihar) ৷ গুলীবিদ্ধ সাংবাদিকজন হিন্দুস্তান বাতৰি কাকতৰ মহাৰাজগঞ্জৰ সাংবাদিক ৰাজেশ অনল ৷ ইয়াৰ পূৰ্বেও দুবাৰকৈ আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল সাংবাদিক ৰাজেশ অনল ওপৰত ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

Journalist attacked in Bihar
বিহাৰত সাংবাদিকক গুলীয়াই হত্যাৰ চেষ্টা

নিউজ ডেস্ক, ৭ জানুৱাৰী: বিহাৰৰ চিৱানত শনিবাৰে এজন সাংবাদিকক দুৰ্বৃত্তই গুলীয়াই হত্যাৰ চেষ্টা কৰাৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে(Criminals shot journalist in Bihar) ৷ গুলীবিদ্ধ সাংবাদিকজনক লগে লগে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সমাধান যাত্ৰাৰ পূৰ্বে চিৱানত গুলীচালনাৰ(Fring in Bihar) এই ঘটনাই সাধাৰণ লোকসকলৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

Journalist attacked in Bihar
বিহাৰত সাংবাদিকক গুলীয়াই হত্যাৰ চেষ্টা

গুলীবিদ্ধ সাংবাদিক ৰাজেশ অনল হিন্দুস্তান বাতৰি কাকতৰ মহাৰাজগঞ্জৰ সাংবাদিক ৷ সাংবাদিক ৰাজেশ অনলৰ ওপৰত সংঘটিত এইটো তৃতীয়টো আক্ৰমণৰ ঘটনা ৷ দুৰ্বৃত্তই তেওঁলৈ লক্ষ্য কৰি দুই জাঁই গুলীচালনা কৰিছিল ৷ ইয়াৰে এটা গুলী ৰাজেশৰ কঁকালত আৰু আনটো গুলীয়ে উৰুত আঘাত কৰিছিল । বৰ্তমান, ৰাজেশ চিৱান সদৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷

অৱশ্যে ৰাজেশক কোনে গুলীয়াই হত্যাৰ চেষ্টা কৰিছিল সেয়া বৰ্তমানলৈ জানিব পৰা হোৱা নাই । এই ঘটনাৰ পিছত, চিৱানৰ এছ পি শৈলেশ কুমাৰ সিনহা চিৱানৰ সদৰ চিকিৎসালয়ত উপস্থিত হয় আৰু সাংবাদিক ৰাজেশক আতংকিত নহ'বলৈ আশ্বাস দিয়ে ৷ তেওঁ লগতে দুৰ্বৃত্তক শীঘ্ৰে আটক কৰি উচিত শাস্তি প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে ৷

Journalist attacked in Bihar
বিহাৰত সাংবাদিকক গুলীয়াই হত্যাৰ চেষ্টা

উল্লেখযোগ্য যে, সাংবাদিক ৰাজেশৰ ওপৰত ইয়াৰ পূৰ্বেও দুবাৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল(Journalist attacked in Bihar ) । প্ৰথম ঘটনাটো ২০০২ চনৰ আশে পাশে সংঘটিত হৈছিল । সেইবাৰো দুৰ্বৃত্তই তেওঁক গুলীয়াই হত্যাৰ চেষ্টা কৰিছিল(Criminals shot journalist in Bihar) ৷ দ্বিতীয় ঘটনাটো প্ৰায় ৩ বছৰ আগতে সংঘটিত হৈছিল ৷ সেইবাৰ মহাবীৰ মেলাৰ সময়ত দুৰ্বৃত্তই তেওঁক ছুৰীকাঘাত কৰিছিল ৷ ইয়াৰ পাছত আজি তেওঁৰ ওপৰত তৃতীয়টো আক্ৰমণৰ ঘটনা সংঘটিত হয় ।

সন্ধিয়া বজাৰৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত, মহাৰাজগঞ্জৰ চাহাৰা বেংকৰ ওচৰত বাইকত অহা অচিনাক্ত দুৰ্বৃত্তই সাংবাদিক ৰাজেশৰ ওপৰত পিছফালৰ পৰা গুলীচালনা কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে । ইফালে সাংবাদিক ৰাজেশৰ ওপৰত গুলীচালনা ঘটনা সংঘটিত হোৱাৰ পাছত চিৱানৰ প্ৰাক্তন সাংসদ ওম প্ৰকাশ যাদৱে এছ পি শৈলেশ কুমাৰ সিনহাৰ ওপৰত পোনপটীয়াকৈ এটা ডাঙৰ মন্তব্য দিছে । তেওঁ কয় যে যেতিয়াৰ পৰা শৈলেশ কুমাৰ সিনহাই চিৱানত দায়িত্ব গ্ৰহণ কৰিছিল, তেতিয়াৰ পৰা ৰাজ্যখন অপৰাধৰ ঘটনাৰ শীৰ্ষত আছে ।

লগতে পঢ়ক : Meghalaya Assembly Polls: মেঘালয়ৰ নিৰ্বাচন: তৃণমূল কংগ্ৰেছৰ ৫২ গৰাকী প্ৰাৰ্থী তালিকা ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.