নেশ্যনেল ডেস্ক,৪ নৱেম্বৰ : বিহাৰত এছএছবি জোৱানৰ চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা । পশ্চিম চম্পাৰণৰ চিকতাৰ সেনাৱাৰিয়া এছএছবি শিবিৰত এজন এছএছবি জোৱানে গুলীয়াই আত্মহত্যা কৰাৰ তথ্য পোহৰলৈ আহিছে । মৃত জোৱানজন অসমৰ শোণিতপুৰ জিলাৰ তেজপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কমাৰবস্তিৰ বাসিন্দা বুলি জানিব পৰা গৈছে । জোৱানজন ৰাজকুমাৰ চৌধুৰী বুলি চিনাক্ত কৰা হৈছে । মৃত্যুৰ খবৰ পোৱাৰ লগে লগে জোৱানজনৰ বাসগৃহত অভাৱনীয় পৰিৱেশ ।
জোৱানজন এছএছবিৰ ৪৭ বেটেলিয়নত নিযুক্ত হৈ আছিল । শুকুৰবাৰে সন্ধিয়া এছএছবি শিবিৰত কৰ্মৰত অৱস্থাত জোৱানজনে গুলীয়াই আত্মহত্যা কৰে । কাংলি আৰক্ষী থানাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰিছে আৰু মৰণোত্তৰ পৰীক্ষাৰ অন্তত এছএছবিক হস্তান্তৰ কৰে । অৱশ্যে জোৱানগৰাকীয়ে কিয় আত্মহত্যা কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই । ঘটনাটোক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ।
আৰক্ষীয়ে ইতিমধ্যে পিষ্টলটো জব্দ কৰিছে । তথ্য অনুসৰি, গুলীচালনাৰ শব্দ শুনাৰ লগে লগে সকলো লোক এছএছবি শিবিৰলৈ ৰাওনা হৈছিল । ইফালে বাকী জোৱানসকলে এছএছবি জোৱান ৰাজকুমাৰ চৌধুৰীক তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ কৰে । জোৱানজনক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ।
অসমত থকা জোৱানজনৰ পৰিয়ালক বিষয়টো সম্পৰ্কে অৱগত কৰা হৈছে । ইফালে খবৰ পোৱাৰ লগে লগে জোৱানজনৰ পৰিয়ালৰ মাজত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে । কিন্তু কি কাৰণত জোৱানজনে এনে চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে তাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।
লগতে পঢ়ক :Assam Rifles: মিজোৰামত আছাম ৰাইফলছৰ অভিযানত ২.০৬ কোটি টকাৰ হেৰ’ইন উদ্ধাৰ