ETV Bharat / bharat

Tripura civic poll : চিপিআই(এম)য়ে ঘোৰাও কৰিলে আৰক্ষী থানা - conflict between BJP and CPIM in Tripura

ত্ৰিপুৰাৰ পৌৰ নিগমৰ নিৰ্বাচন চলি থকাৰ মাজতে বিজেপিৰ কৰ্মীয়ে আক্ৰমণ কৰিলে চিপিআই(এম)ৰ প্ৰাৰ্থীক(violence during Tripura civic poll) । উত্তেজিত চিপিআই(এম) কৰ্মীয়ে ঘেৰাও কৰিলে পশ্চিম আগৰতলা আৰক্ষী থানা । নিৰ্বাচনক সম্পূৰ্ণ মিছা আখ্যা চিপিআই(এম) নেতাৰ ।

Tripura Municipal election
চিপিআইএময়ে ঘোৰাও কৰিলে আৰক্ষী থানা
author img

By

Published : Nov 25, 2021, 6:02 PM IST

আগৰতলা,২৫ নৱেম্বৰ : ত্ৰিপুৰাত পুৱাৰে পৰা চলি আছে পৌৰ নিগম নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া (Tripura civic poll) । কিন্তু এই নিৰ্বাচনৰ মাজতে কেইবাটাও স্থানত বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা দেখা গৈছে । নিৰ্বাচনৰ পূৰ্বৰে পৰা বিজেপি আৰু চিপিআই(এম) দলৰ মাজৰ সংঘাত যেন নিৰ্বাচনৰ দিনটোত পুনৰবাৰ স্পষ্ট হৈ পৰিল (conflict between BJP and CPIM in Tripura) । চিপিআই(এম)ৰ একাংশ প্ৰাৰ্থীক তেওঁলোকৰ ৱাৰ্ডৰ পৰা বলপূৰ্বকভাৱে বিজেপি কৰ্মীয়ে খেদি পঠিওৱাৰ অভিযোগ উঠিছে (CPIM worker attack during poll)।

ভোটকেন্দ্ৰৰ ভিতৰত বিজেপি কৰ্মীয়ে চিপিআই(এম)ৰ প'লিং এজেণ্টক প্ৰৱেশত বাধা দিয়াৰো অভিযোগ তুলিছে বাওঁপন্থী দলে । ইয়াৰ পাছতে উত্তেজিত চিপিআই(এম)ৰ একাংশ কৰ্মীয়ে পশ্চিম আগৰতলা আৰক্ষী থানা ঘেৰাও কৰে । সংবাদ মাধ্যমৰ সন্মুখত চিপিআই(এম)ৰ জ্যেষ্ঠ নেতা পবিত্ৰ কৰে এই নিৰ্বাচনক মিছা আৰু পৰিকল্পিত আখ্যা দিয়ে ।

তেওঁ উল্লেখ কৰা মতে ৰাজ্যখনৰ সকলো ভোটকেন্দ্ৰ বিজেপিৰ গুণ্ডাবাহিনীয়ে দখল কৰিছে(allegation against Tripura BJP worker) । ইফালে ১৪৪ ধাৰা জাৰী কৰাৰ পাছতো মোহনপুৰ, জিৰানিয়া, বিশলগড় আৰু ৰাজ্যৰ আন প্ৰান্তৰ বিজেপি গুণ্ডাবাহিনীয়ে আগৰতলা চহৰত হিংসাত্মক ঘটনা সংঘটিত কৰিছে । তেওঁৰ অভিযোগ সকলোবোৰ কেন্দ্ৰই ইতিমধ্যে অবৈধভাৱে দখল কৰিছে বিজেপিৰ গুণ্ডাবাহিনীয়ে ।

ৰাজ্যখনৰ এনে ধৰণৰ হিংসা প্ৰতিৰোধৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে আৰক্ষী আৰু নিৰ্বাচন আয়ুক্তৰ ভূমিকাকো দোষাৰোপ কৰে নেতাগৰাকীয়ে । তেওঁ কোৱা মতে আৰক্ষীৰ শীৰ্ষ বিষয়া, নিৰ্বাচন আয়ুক্ত, নিৰ্বাচন ৰিটাৰ্ণিং বিষয়া, স্থানীয় আৰক্ষী আদিৰ সৈতে এই সম্পৰ্কে আলোচনা কৰিছিল । কিন্তু তাৰ পাছতো তেওঁলোকৰ পৰা কোনো পদক্ষেপ লোৱা হোৱা নাই বুলি অভিযোগ তোলে চি পি আই এম দলে ।

তেওঁৰ অভিযোগ প্ৰায় ১৬ গৰাকী চিপিআই(এম)ৰ প্ৰাৰ্থীক বলপূৰ্বকভাৱে নিজৰ ৱাৰ্ডৰ পৰা খেদি পঠিয়াইছে বিজেপি বাহিনীয়ে । নেতাগৰাকীয়ে অভিযোগ কৰা মতে তেওঁলোকে আদালতৰ নিৰ্দেশনা উলংঘন কৰিছে । চিপিআই(এম) নেতাগৰাকীয়ে নিৰ্বাচন স্থগিত ৰখাৰ দাবী জনায় আৰু লগতে ভোটকেন্দ্ৰত কোনো এজেণ্ট থাকিব নোৱাৰিব বুলি দাবী জনায় । বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ নেতা গৰাকীয়ে কয় যে বিজেপি দলৰ কোনো আদৰ্শ নাই আৰু দলটো গুণ্ডাৰ দল ।

লগতে পঢ়ক:TMC files 27 FIR in Tripura : ত্ৰিপুৰাত ২৭ খন এজাহাৰ দাখিল তৃণমূল কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.