ETV Bharat / bharat

কৰ্ণাটকত যোগ্যসকলক কৰ্মস্থলীতে প্ৰদান কৰা হ'ব ক'ভিড প্ৰতিষেধক - Covid vaccines at workplaces in Karnataka from April 11

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৰাজ্যসমূহক ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ কৰ্মক্ষেত্ৰত টীকাকৰণৰ অনুমতি প্ৰদান কৰিছে । মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ বিদাৰ, চিক্কামাগালুৰু, চিত্ৰদুৰ্গা, দক্ষিণ কানাড়া, হাছান, কালাবুৰাগী, মাণ্ডিয়া, মাইচুৰু, তুমাকুৰ আৰু উদুপি জিলাৰ উপায়ুক্তসকলৰ সৈতে এক ভাৰ্চুৱেল বৈঠকত মিলিত হৈছিল । এই বৈঠকতে যোগ্যসকলক কৰ্মস্থলীতে প্ৰতিষেধক প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

কৰ্ণাটকত যোগ্যসকলক কৰ্মস্থলীতে প্ৰদান কৰা হ'ব ক'ভিড প্ৰতিষেধক

author img

By

Published : Apr 8, 2021, 4:50 PM IST

নেশ্যনেল ডেস্ক,৮ এপ্ৰিল: সমগ্ৰ দেশৰ লগতে কৰ্ণাটকৰো ভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰতিষেধক প্ৰদান কাৰ্যসূচী । ইয়াৰ মাজতে স্বাস্থ্যমন্ত্ৰী কে সুধাকৰে কয় যে ১১ এপ্ৰিলৰ পৰা ৰাজ্যখনৰ চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়ত ৪৫ বছৰ উৰ্ধৰ কৰ্মচাৰীক প্ৰদান কৰা হব প্ৰতিষেধক । কৰ্মস্থলীতে প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হব বুলিও উল্লেখ কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ।

মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীয়ে ৰাজ্যখনৰ বিদাৰ, চিক্কামাগালুৰু, চিত্ৰদুৰ্গা, দক্ষিণ কানাড়া, হাছান, কালাবুৰাগী, মাণ্ডিয়া, মাইচুৰু, তুমাকুৰ আৰু উদুপি জিলাৰ উপায়ুক্তসকলৰ সৈতে এক ভাৰ্চুৱেল বৈঠকত মিলিত হৈছিল । এই বৈঠকতে যোগ্যসকলক কৰ্মস্থলীতে প্ৰতিষেধক প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

ইতিমধ্যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৰাজ্যসমূহক ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ কৰ্মক্ষেত্ৰত টীকাকৰণৰ অনুমতি প্ৰদান কৰিছে । স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে বহুতো আইটি ফাৰ্মে চৰকাৰক তেওঁলোকৰ কৰ্মস্থানত প্ৰতিষেধক প্ৰদানৰ বাবে আহ্বান জনাইছিল ।

ৰাজ্যিক স্বাস্থ্য বুলেটিন অনুসৰি ৰাজ্যজুৰি ইতিমধ্যে কৰ্ণাটকত ৮৮ হাজাৰ ৪৯৯ গৰাকী লোকক টীকা প্ৰদান কৰা হৈছে । তাৰ ভিতৰত ৩৭,১৮৯ গৰাকী জ্যেষ্ঠ নাগৰিক আৰু ৪৫-৫৯ বছৰ বয়সৰ ৪৬,৩৩৩ গৰাকী । আনহাতে ১৬ জানুৱাৰীত ৰাজ্যজুৰি প্ৰতিষেধক অভিযান আৰম্ভ হোৱাৰ পৰা এতিয়ালৈ ৪৮ লাখ ৩২ হাজাৰ ৩৮২ গৰাকী লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে ।

ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে কয় যে যিবোৰ স্থানত আক্ৰান্তৰ হাৰ বৃদ্ধি হয় তাত কৰ'ণা পৰীক্ষাৰ হাৰো বৃদ্ধি কৰা হ'ব । জানিব পৰা মতে মঙলবাৰৰ দিনটোত ৬,৯৭৬ টা নতুন ঘটনাৰ সৈতে বৰ্তমানলৈ ৰাজ্যখনত ১০ লাখ ৩৩ হাজাৰ ৫৬০ গৰাকী লোক আক্ৰান্ত হৈছে কৰ'ণাত ।

উল্লেখ্য যে কেৱল বেংগালুৰুত ৫.৫৬ শতাংশ আক্ৰান্তৰ হাৰৰ সৈতে প্ৰায় ৫০০০ টা নতুন ঘটনা পোহৰলৈ আহিছে । ৰাজ্যখনত ৩৫ জনৰ ভিতৰত ২৫ জনৰ মৃত্যু বেংগালুৰুত হৈছে । যাৰ বাবে মন্ত্ৰী গৰাকীয়ে বিবিএমপি, বেংগালুৰু নগৰ আৰু গ্ৰাম্য জিলাৰ সকলো জ্যেষ্ঠ বিষয়াৰ এখন বৈঠক আহ্বান কৰিছে ।

লগতে পঢ়ক: যোগ্যসকলক কৰ্মস্থলীতে প্ৰদজি

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.