যোৱা এটা বছৰতকৈও অধিক সময় ক'ভিড-১৯ ৰ আতংকই সমগ্ৰ বিশ্বকে গ্ৰাস কৰি ৰাখিছে । এই মাৰাত্মক ভাইৰাছবিধৰ সংক্ৰমণ তথা আতংক ৰোধ হোৱা যেন নহওঁতেই ই পুনৰ এক নতুন ৰূপত মুৰ দাঙি উঠিছে । ভাইৰাছবিধৰ প্ৰতি মুহুৰ্তত সলনি হৈ থকা চৰিত্ৰই ইয়াক অধিক মাৰাত্মক কৰি তোলাই নহয়, সমগ্ৰ মানৱ জাতিৰ প্ৰতিয়েই এক ভাবুকিৰ সৃষ্টি কৰি আহিছে ।
বিশেষজ্ঞসকলৰ মতে, এই নতুন ৰূপৰ ভাইৰাছবিধে দক্ষিণ আফ্ৰিকা, বৃটেইন, ব্ৰাজিল, জাপান, আমেৰিকা আদি দেশত নতুন ৰূপত দেখা দিয়া পৰিলক্ষিত হৈছে । বৃটেইনত শেহতীয়াভাৱে আৱিষ্কাৰ হোৱা ফেণ্ট ভাইৰাছবিধ ক'ভিড-১৯ ৰ ভাইৰাছতকৈ ৭০ শতাংশ অধিক মাৰাত্মক হোৱা দেখা গৈছে । ইয়াৰ সঘনে সলনি হোৱা চৰিত্ৰৰ বাবে এই দেশকেইখনত আৰু এক নতুন চুপাৰ ভাইৰাছৰ সাম্ভাব্য সংক্ৰমণে পুনৰবাৰ আন এক চাঞ্চল্যৰ সৃষ্টি কৰিছে । এই নতুন ভাইৰাছবিধ যাতে আৰু অধিক বৃদ্ধি হ'ব নোৱাৰে তাৰবাবেও যথাসম্ভৱ সতৰ্কতা অৱলম্বন কৰা হৈছে । সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এআইআইএমএছ)য়ে কৰ'ণা ভাইৰাছৰ ৰূপান্তৰৰ বিষয়টোত গভীৰ বিশ্লেষণ হ'ব লাগে বুলি মতপোষণ কৰিছে । এই জটিলতাই আৰু অধিক তথা সর্বব্যাপী ব্যৱস্থাৰ কথাও সোঁৱৰাই দিছে ।
আনহাতে, শেহতীয়াকৈ বৃদ্ধি হোৱা ক'ভিড-১৯ ৰ ঘটনাসমূহে সমগ্ৰ দেশতেই পুনৰ এবাৰ আলোড়নৰ সৃষ্টি কৰিছে । নতুনকৈ ধৰা পৰা ক'ভিড-১৯ ৰ ৮৬ শতাংশই মহাৰাষ্ট্ৰ, কেৰালা, পঞ্জাৱ, কৰ্ণাটক, গুজৰাট আৰু তামিলনাডুৰ পৰা অহা বুলি জানিব পৰা গৈছে । চিচিএমবি (CCMB)ৰ চিকিৎসক ৰাকেশ মিশ্ৰই উল্লেখ কৰিছে যে, নতুনকৈ হোৱা এই ঘটনাসমূহ ৰূপান্তৰিত হোৱা ভাইৰাছবিধৰ সংক্রমণ । চিকিৎসকগৰাকীয়ে লগতে এই কথাও উনুকিয়াই দিয়ে যে, এই নতুন সংক্ৰমণৰ প্ৰধান কাৰণ হ'ল, ক'ভিড প্ৰট'কল, যেনে সামাজিক দূৰত্ব মানি নচলা, মুখ ঢাকি নৰখা ইত্যাদি । তাৰোপৰি তেওঁ এইবুলিও সোঁৱৰাই দিয়ে যে, অদূৰ ভৱিষ্যতে ওপৰত উল্লেখিত ৰাজ্য কেইখনৰ দৰে পৰিস্থিতি আনসমূহ ৰাজ্যতো আৰু বেয়াৰ দিশে গতি কৰিব পাৰে ।
চিকিৎসক গৰাকীয়ে কয় যে, ভাইৰাছবিধৰ প্ৰসাৰ বন্ধ কৰা আৰু ইয়াৰ ৰূপান্তৰ বন্ধ কৰাটো আমাৰ প্ৰতিখন ৰাজ্যৰ চৰকাৰ তথা স্থানীয় প্ৰশাসকসকলৰ বাবে আন এক সাংঘাতিক প্ৰত্যাহ্বান । বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যেই এইবছৰৰ শেষৰফালে ভাইৰাছবিধৰ প্ৰসাৰ বন্ধ হ'ব বুলি কৰা দাবীক অস্বীকাৰ কৰিছে । সংস্থাটোৱে ভাইৰাছবিধৰ সঘন ৰূপান্তৰিত হ'ব পৰা অৱস্থাটোৰ ওপৰত নিৰন্তৰ নিৰীক্ষণ হোৱাৰ ওপৰত জোৰ প্ৰয়োগ কৰিছে । সংস্থাটোৰ এই পৰামৰ্শাৱলী ভাৰতৰ নিচিনা দেশৰ য'ত নতুনকৈ সংক্ৰমণ বৃদ্ধি পাইছে, তাৰ বাবে অত্যন্ত প্ৰাসংগিক ।
বিজ্ঞানীসকলেও উল্লেখ কৰিছে যে, প্ৰতিষেধক উপলব্ধ কৰোৱাত বিলম্ব হ'লে, ই পৰিস্থিতি আৰু বেয়াৰ ফালে গতি কৰিব । লগতে এনেকুৱাও হ'ব পাৰে যে, পৰীক্ষণৰ সময়ত ভাইৰাছবিধ ধৰা নপৰিব । ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহতো প্ৰতিষেধকৰ চাহিদা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি তেলেংগানা চৰকাৰে জিলা আৰু আঞ্চলিক পৰ্যায়ৰ চিকিৎসালয় আৰু চিকিৎসা কেন্দ্ৰসমূহত প্ৰতিষেধক বিতৰণৰ বাবে ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।
ইফালে কেন্দ্ৰীয় চৰকাৰে ৬০ বছৰৰ ওপৰৰ লোকসকলৰ ক্ষেত্ৰত প্ৰতিষেধক প্ৰদানত থকা নিষেধাজ্ঞাও উঠাই লৈছে । এতিয়া সেই বয়সৰ লোকসকলেও যিকোনো সময়তে প্ৰতিষেধক ল'ব পাৰিব । একাংশ বিশেষজ্ঞই উল্লেখ কৰিছে যে, যি গতিত প্ৰতিষেধক প্ৰদানৰ কাৰ্য আগবাঢ়িছে, সেই গতিত গৈ থাকিলে গ্ৰামাঞ্চলত প্ৰতিষেধক উপলব্ধ হোৱালৈ বহু বছৰ লাগিব ।
সেয়ে চৰকাৰে প্ৰতিষেধক উপলব্ধ কৰোৱাৰ ক্ষেত্ৰত আৰু ক্ষীপ্ৰতাৰে কাম আগবঢ়োৱাটো খুবেই বাঞ্চনীয় । প্ৰতিষেধক প্ৰস্তুতকৰণ আৰু বিতৰণ প্ৰক্ৰিয়াৰে আৰু ইয়াক সহজীকৰণ কৰি বিচৰাসকলক সহজতে উপলব্ধ কৰোৱাটো এতিয়া নিতান্তই প্ৰয়োজনীয় । এই প্ৰতিষেধকেই একমাত্ৰ উপায় যাৰ সহায়ত সমাজখনক একমাত্ৰ নিৰাপত্তাৰ আশ্বাস দিব পৰা যাব ।
এনেক্ষেত্ৰত আমাৰ দেশ তেতিয়াহে সফল হ'ব যেতিয়া প্ৰতিষেধক লোৱা লোকসকলৰ দেহৰ এণ্টিব’ডি আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ওপৰত চলি থকা গৱেষণা প্ৰাত্যাহিকভাৱে চলাই যাব ।