ETV Bharat / bharat

SC verdict on Demonetisation : ন্যায়ালয়ৰ ৰায় মানিবলৈ বাধ্য, কিন্তু বিমুদ্ৰাকৰণ বহুতৰ জীৱন ধ্বংস কৰিলে: কংগ্ৰেছ - sc did not uphold note ban demonetisation

বিমুদ্ৰাকৰণৰ সপক্ষে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়ক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছে ৷ নিৰ্দিষ্ট সংখ্যক লোকৰ মতামতৰ ভিত্তিত ন্যায়ালয়ে এই ৰায় প্ৰদান কৰা বুলি উল্লেখ কৰি কংগ্ৰেছে মন্তব্য কৰিছে যে, এই ক্ষেত্ৰত সংসদক উপেক্ষা কৰা হৈছে ৷ শাসকীয় দলকো কঠোৰ সমালোচনা কৰিছে কংগ্ৰেছে (Congress on SC verdict over demonetisation)৷

SC verdict on Demonetisation
উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ সন্দৰ্ভত কংগ্ৰেছ
author img

By

Published : Jan 2, 2023, 7:25 PM IST

নিউজ ডেস্ক, 2 জানুৱাৰী : বিমুদ্ৰাকৰণৰ বিৰুদ্ধে 58 খনকৈ আবেদন খাৰিজ কৰি উচ্চতম ন্যায়ালয়ৰ 5 জনীয়া বিচাৰপীঠে ৰায় দিলে যে বিমুদ্ৰাকৰণ বৈধ আছিল ৷ বহু বিতৰ্কিত বিমুদ্ৰাকৰণৰ সন্দৰ্ভত দেশৰ উচ্চতম ন্যায়ালয়ৰ এই ৰায়ৰ পাছতেই চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

ন্যায়ালয়ৰ এই সিদ্ধান্তক মানি ল’ব পৰা নাই কংগ্ৰেছে (Congress on SC verdict over demonetisation)৷ কংগ্ৰেছে সোমবাৰে কয় যে, দেশৰ অৰ্থনীতি ধ্বংস কৰাৰ লগতে লাখ লাখ লোক জীৱন বিপন্ন কৰা 2016ৰ বহু বিতৰ্কিত বিমুদ্ৰাকৰণক উচ্চতম ন্যায়ালয়ে মানি ল’ব নোৱাৰে ৷ বিমুদ্ৰাকৰণে দেশত পেলোৱা নেতিবাচক প্ৰভাৱৰ ভিত্তিত নহয়, ন্যায়ালয়ৰ সংখ্যাগৰিষ্ঠ লোকৰ সিদ্ধান্তৰ ভিত্তিতহে উচ্চতম ন্যায়ালয়ে এই ৰায় প্ৰদান কৰা বুলি মন্তব্য কৰিছে কংগ্ৰেছে ৷ কংগ্ৰেছৰ হৈ এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ মিডিয়া কোষৰ অধ্যক্ষ জয়ৰাম ৰমেশে (Congress communications in charge Jairam Ramesh)।

দেশৰ উচ্চতম ন্যায়ালয়ে বিমুদ্ৰাকৰণ বৈধ বুলি ৰায়দান কৰাৰ পাছতে ন্যায়ালৰ এই সিদ্ধান্ত সম্পূৰ্ণ ভুল আৰু বিভ্ৰান্তিকৰ বুলি মন্তব্য কৰে জয়ৰামে ৰমেশে ৷ তেওঁ কয় যে, বিমুদ্ৰাকৰণৰ সময়ত ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, 1934ৰ 26(2) ধাৰা মানি চলা হৈছিল নে নাই তাৰ ভিত্তিতহে বিমুদ্ৰাকৰণ বৈধ বুলি ঘোষণা কৰিছে ৷ ন্যায়াধীশে সংসদক উপক্ষা কৰি এনেধৰণৰ ৰায় প্ৰদান কৰা উচিত নাছিল বুলি মন্তব্য কৰে জয়ৰাম ৰমেশে (Reserve Bank of India Act 1934)৷

তেওঁ কয় যে, ন্যায়ালয়ে বিমুদ্ৰাকৰণৰ কুপ্ৰভাৱৰ সন্দৰ্ভত একো মন্তব্য প্ৰদান কৰা নাই ৷ বিমুদ্ৰাকৰণে বিকাশৰ গতি স্তব্ধ কৰা বুলি মন্তব্য কৰি জয়ৰাম ৰমেশে কয় যে ই সূক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহ বন্ধ কৰাৰ লগতে ধ্বংস কৰিলে লাখ লাখ লোক জীৱিকা ৷ এইসমূহ ক্ষতিৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়ত একো উল্লেখ কৰা নাই বুলি মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷

বিমুদ্ৰাকৰণৰ ফল আশা কৰা অনুসৰি প্ৰচলিত মুদ্ৰা হ্ৰাস, নগদবিহীন লেনদেন, জালনোট নিয়ন্ত্ৰণ, সন্ত্ৰাসবাদৰ সমাপ্তি আৰু ক'লা ধন উদ্ধাৰ আদি এটা ক্ষেত্ৰতো সফল হ’ব নোৱাৰিলে বুলি মন্তব্য কৰে কংগ্ৰেছ নেতাজনে ৷

আনহাতে প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ মতে, উচ্চতম ন্যায়ালয়ৰ ৰায় সকলোৱে মানি চলিবলৈ বাধ্য ৷ তথাপিও ন্যায়ালয়ে এই কথা স্পষ্ট কৰাৰ প্ৰয়োজন আছিল যে, সংখ্যাগৰিষ্ঠ লোকে বিমুদ্ৰাকৰণ মানি লোৱা নাছিল অথবা বিমুদ্ৰাকৰণৰ উদ্দেশ্য সফল হোৱা নাছিল (P Chidambaram on SC verdict over Demonitisation) ৷

লগতে পঢ়ক: SC Verdict on Demonetisation: কেন্দ্ৰৰ বিমুদ্ৰাকৰণৰ সিদ্ধান্তক ন্যায্যতা প্ৰদান সৰ্বোচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.