ETV Bharat / bharat

অস্তিত্ব সংকটত কংগ্ৰেছ: শীঘ্ৰেই আহিব নতুন ৰূপত

author img

By

Published : May 13, 2022, 2:28 PM IST

তীব্ৰ সংকটত পৰা কংগ্ৰেছ দলে নতুন পৰিকল্পনা কৰিছে (New plans of Congress party)। দলত ৫০ বছৰ তলৰ নেতাই বিশেষ অগ্ৰাধিকাৰ লাভ কৰিব । পৰিয়ালৰ এজন ব্যক্তিয়েহে পাব নিৰ্বাচনী টিকট । কংগ্ৰেছৰ ভিতৰচ'ৰাৰ পৰিৱৰ্তনৰ বাবে আৰু নতুন কি কি পৰিকল্পনা কৰিছে দলটোৱে ?

Congress plans a new look
নতুন ৰূপত আহি আছে কংগ্ৰেছ

নেশ্যনেল ডেস্ক,১৩ মে' : দেশত শেহতীয়াকৈ অনুষ্ঠিত হোৱা নিৰ্বাচনবোৰত কংগ্ৰেছ দলটোৰ প্ৰদৰ্শন অতি দুৰ্বল দেখা গৈছে । কিছুমান ৰাজ্যত কংগ্ৰেছ দলটোৰ অস্তিত্ব সংকটত আছে । তেনে সময়তে দলটোৱে সাংগঠনিক ভেটি কেনেদৰে পুনৰ শক্তিশালী কৰিব পাৰি তাৰ চিন্তা চৰ্চা অব্যাহত ৰাখিছে । ইফালে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ (General election 2024) বাবেও বিভিন্ন পৰিকল্পনা কৰিছে দলটোৱে ।

ইয়াৰ মাজতে দলটোৱে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে । আগন্তুক দিনত কংগ্ৰেছে ৫০ বছৰৰ তলৰ বয়সৰ লোকক নিৰ্বাচনী টিকট প্ৰদানৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিব । ৫০ বছৰৰ তলৰ প্ৰায় ৫০ শতাংশ লোকৰ বাবে টিকট সংৰক্ষিত থাকিব (Congress plans 50 percent leaders below 50 years)। লগতে একেটা পৰিয়ালত মাত্ৰ এজনক হে টিকট প্ৰদানৰ চিন্তা চৰ্চা কৰিছে কংগ্ৰেছে ।

কংগ্ৰেছক এক নতুন ৰূপ দিবলৈ এই ধৰণৰ চিন্তা চৰ্চা চলিছে বুলি উল্লেখ কৰিছে কংগ্ৰেছৰ সাধাৰণ সম্পাদক অজয় মাকনে (Ajay Maken on new planning of congress)। ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ লগত সংগতি ৰাখি আয়োজিত চিন্তন শিবিৰৰ প্ৰথমটো দিনত এই মন্তব্য কৰে নেতাগৰাকীয়ে ।

তেওঁ ঘোষণা কৰা মতে দলটোৰ এক বৃহৎ পৰিৱৰ্তনৰ চিন্তা কৰা হৈছে । কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ পৰা আৰম্ভ কৰি বুথ পৰ্যায়লৈ সকলো কাৰ্যালয়তে আধা অংশ নেতা-কৰ্মী ৫০ বছৰৰ তলৰ হোৱাটো তেওঁলোকৰে পৰিকল্পনা কৰিছে (Congress implementing one family one ticket rule)। শীৰ্ষ নেতাৰ আত্মীয় হ'লেও দলটোৰ বাবে অতি কমেও ৫ বছৰ কাম নকৰা এজন ব্যক্তিক টিকট প্ৰদান কৰাটো কংগ্ৰেছে নিবিচাৰে । যেতিয়া যোগ্যসকলক অতিক্ৰম কৰি জ্যেষ্ঠ নেতাৰ আত্মীয়ই টিকট লাভ কৰে তেতিয়া দলৰ ভিতৰত প্ৰায়ে সমালোচনা দেখা যায় ।

নেতাগৰাকীয়ে লগতে কয় যে কংগ্ৰেছে মণ্ডল পৰ্যায়ৰ পেনেল স্থাপন কৰাৰ পৰিকল্পনা কৰি আছে (Congress to set up Mandal level panels), যিয়ে বুথ পৰ্যায় আৰু খণ্ড পৰ্যায়ৰ পেনেলৰ মাজৰ ব্যৱধান দূৰ কৰিব । ব্লক আৰু বুথ পৰ্যায়ৰ মাজত বহু সময়ত দেখা দিয়া ব্যৱধানৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে । তেওঁ উল্লেখ কৰা মতে মণ্ডল স্তৰৰ পেনেলবোৰে এই ব্যৱধান দূৰ কৰিব । প্ৰায় ১৫-২০ টা বুথ এটা মণ্ডলৰ তললৈ আহিব পাৰিব আৰু ১৫-২০ টা মণ্ডল এটা খণ্ডৰ তললৈ আহিব পাৰিব । ইয়াৰ দ্বাৰা দলটোৰ গ্ৰাউণ্ড লেভেল শক্তিশালী হ'ব বুলি আশাবাদী নেতাগৰাকী ।

নেতাগৰাকীৰ মতে গণতন্ত্ৰৰ নতুন সঁজুলি উদ্ভৱ হৈছে কিন্তু কংগ্ৰেছে সেইবোৰ ব্যৱহাৰ কৰিবলৈ সক্ষম হোৱা নাই । যাৰ বাবে কেতিয়াবা প্ৰতিদ্বন্দীসকলে কংগ্ৰেছক অতিক্ৰম কৰিবলৈ সক্ষম হৈছে । সেয়ে ইয়াৰ পৰিৱৰ্তন আছে বুলি তেওঁ উল্লেখ কৰে ।

কংগ্ৰেছ নেতাগৰাকীয়ে জনোৱা মতে দলে এটা মূল্যায়ন শাখা স্থাপন কৰাৰো পৰিকল্পনা কৰি আছে । যিটোৱে নিয়মীয়াকৈ দলৰ কৰ্মকৰ্তাসকলৰ প্ৰদৰ্শন পৰ্যালোচনা কৰিব আৰু য'ত প্ৰয়োজন হয় উপযুক্ত সংশোধন কৰিব । আনহাতে বহু সময়ত দলৰ বিভিন্ন পদ খালী হৈ থাকে আৰু তাত নেতা নিয়োগ কৰিবলৈ ব্যৰ্থ হয় কংগ্ৰেছ দল ।

ঐক্য সন্দৰ্ভত জ্যেষ্ঠ নেতাগৰাকীয়ে কয় যে শীৰ্ষ দায়বদ্ধতা নিশ্চিত কৰাৰ বাবে ৰাজ্য আৰু জিলা পৰ্যায়ত অনুশাসনমূলক পেনেল গঠন কৰাৰ প্ৰয়োজন । ৰাজ্য আৰু জিলা পৰ্যায়ত কৰ্মীসকলক তেওঁলোকৰ কামৰ ওপৰত ভিত্তি কৰি শাস্তি বা পুৰস্কাৰ প্ৰদানৰ ব্যৱস্থা থাকিব লাগে বুলিও উল্লেখ কৰে নেতাগৰাকীয়ে । আন আন পৰিকল্পনা সম্পৰ্কে নেতাগৰাকীয়ে কয় যে দলৰ এতিয়া লক্ষ্য হৈছে অধিক যুৱ নেতাক দলত অন্তৰ্ভুক্ত কৰা আৰু সংসদীয় পৰিষদ ব্যৱস্থাক পুনৰুজ্জীৱিত কৰা ।

লগতে পঢ়ক :দেশৰ পৰৱৰ্তী মুখ্য নিৰ্বাচন আযুক্তৰ পদত ৰাজীৱ কুমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.