ETV Bharat / bharat

Oppositions meeting : কংগ্ৰেছ প্ৰধানমন্ত্ৰীৰ পদ বা ক্ষমতাৰ প্ৰতি আগ্ৰহী নহয়; মল্লিকাৰ্জুন খাৰ্গে - Kharge on PM candidate

প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থীকলৈ বিভিন্ন মহলত বিতৰ্ক চলি থকাৰ মাজতে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ গুৰুত্বপূৰ্ণ ঘোষণা । কংগ্ৰেছ দলে প্ৰধানমন্ত্ৰীৰ পদ বা ক্ষমতাক লৈ চিন্তিত নহয় । সংবিধান, গণতন্ত্ৰ, ধৰ্মনিৰপেক্ষতা আৰু সামাজিক ন্যায়ৰ সুৰক্ষাকহে গুৰুত্ব দিছে ।

Oppositions meeting
কংগ্ৰেছ প্ৰধানমন্ত্ৰীৰ পদ বা ক্ষমতাৰ প্ৰতি আগ্ৰহী নহয়
author img

By

Published : Jul 18, 2023, 4:32 PM IST

নেশ্যনেল ডেস্ক,১৮ জুলাই : বেংগালুৰুত বিৰোধীৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে । ইয়াৰ মাজতে বিৰোধীৰ প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থীকলৈও বিভিন্ন মহলত চৰ্চা চলিছে । কোনো কোনোৱে দাবী কৰা মতে বিৰোধীৰ প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী হ'ব ৰাহুল গান্ধী ! কিন্তু সকলোবোৰ সন্দেহ দূৰ কৰি কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে নিশ্চিত কৰিছে যে কংগ্ৰেছ দল প্ৰধানমন্ত্ৰী পদ বা ক্ষমতাৰ প্ৰতি আগ্ৰহী নহয় ।

খাৰ্গেয়ে কয় যে তেওঁ ইতিমধ্যে চেন্নাইত এম কে ষ্টেলিনৰ জন্মদিনৰ দিনা কৈছিল যে কংগ্ৰেছ ক্ষমতা বা প্ৰধানমন্ত্ৰীপদৰ বাবে আগ্ৰহী নহয় । বেংগালুৰুৰ এই বৈঠক কংগ্ৰেছৰ উদ্দেশ্য নিজৰ বাবে ক্ষমতা লাভ কৰা নহয় । এই বৈঠক আমাৰ সংবিধান, গণতন্ত্ৰ, ধৰ্মনিৰপেক্ষতা আৰু সামাজিক ন্যায়ৰ সুৰক্ষাৰ বাবে বুলি তেওঁ দাবী কৰে ।

বেংগালুৰুত অনুষ্ঠিত বিৰোধী বৈঠক বিজেপিক আক্ৰমণ কৰাৰ বাবে এক মঞ্চ হিচাপে ব্যৱহাৰ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে । তেওঁৰ মতে পুৰণি মিত্ৰশক্তিৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ এই বৈঠকৰ আয়োজন কৰা হৈছে । ১১ খন ৰাজ্যৰ চৰকাৰত থকা ২৬ টা দল একত্ৰিত হৈছে । তেওঁৰ মতে বিজেপিয়ে অকলে ৩০৩ খন আসন লাভ কৰা নাছিল । মিত্ৰশক্তিৰ ভোট ব্যৱহাৰ কৰিছিল আৰু তাৰ পিছত সেইবোৰ দলক প্ৰত্যাহাৰ কৰিছিল ।

সূত্ৰৰ মতে ইউপিএৰ অধ্যক্ষ ছোনিয়া গান্ধীক বিৰোধী মৰ্চাৰ সভাপতি আৰু নীতিশ কুমাৰক আহ্বায়ক হিচাপে মনোনীত কৰাৰ যথেষ্ট সম্ভাৱনা আছে । গান্ধীৰ উপৰিও এই দুদিনীয়া বৈঠকত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী, মুখ্যমন্ত্ৰী এম কে ষ্টেলিন, নীতিশ কুমাৰ, অৰবিন্দ কেজৰিৱাল, হেমন্ত চোৰেন, মমতা বেনাৰ্জী আৰু আৰজেডিৰ মুৰব্বী লালু প্ৰসাদে অংশগ্ৰহণ কৰে । ইফালে এনচিপিৰ মুৰব্বী শৰদ পাৱাৰো বৈঠকত উপস্থিত থাকে ।

সূত্ৰৰ মতে সকলো পক্ষকে বিৰোধীৰ ঐক্য এটা নামৰ প্ৰস্তাৱ দিবলৈ কোৱা হৈছে । য'ত "ভাৰত" শব্দটো থাকিব লাগে । টেগ লাইনটো হ'ব "ইউনাইটেড উই ষ্টেণ্ড"। উমৈহতীয়া নূন্যতম কাৰ্যসূচীৰ বাবেও পৰামৰ্শ বিচৰা হৈছে । ইফালে ৰাজ্যসমূহৰ বিষয়টো পৃথকে ৰাখিব লাগে বুলি কোৱা হৈছে । মল্লিকাৰ্জুন খাৰ্গেয়ে এক টুইটত কয় যে বিৰোধী দলসমূহে সামাজিক ন্যায়, সামগ্ৰিক উন্নয়ন আৰু ৰাষ্ট্ৰীয় কল্যাণৰ এক কাৰ্যসূচী গঢ়ি তুলিবলৈ একেলগে কাম কৰিব । ভাৰতৰ জনসাধাৰণক ঘৃণা, বিভাজন, অৰ্থনৈতিক বৈষম্য আৰু লুণ্ঠনৰ স্বৈৰাচাৰী আৰু জনবিৰোধী ৰাজনীতিৰ পৰা মুক্ত কৰিব বিচাৰে বুলিও তেওঁ উল্লেখ কৰে ।

ইফালে তাজ ৱেষ্ট এণ্ড হোটেলত নৈশ ভোজৰ সময়ত মমতা বেনাৰ্জী আৰু ছোনিয়া গান্ধীক বাৰ্তালাপ কৰা দেখা গৈছিল । তেওঁলোকৰ মাজৰ বাৰ্তালাপ প্ৰায় ২০ মিনিট ধৰি চলিছিল । যাৰ বাবে সভা আৰম্ভ হোৱাত পলম হৈছিল বুলিও সূত্ৰই জনাইছে ।

লগতে পঢ়ক :Bengaluru Opposition Meeting : অৱশেষত বেংগালুৰুৰ বৈঠকত শাৰদ পাৱাৰ; কি হ'ব বিৰোধীৰ ৰণনীতি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.