ETV Bharat / bharat

প্ৰতিশ্ৰুতি দি পূৰণ নকৰাৰ ইতিহাস আছে কংগ্ৰেছৰ: ওৱেইছি

author img

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 7:09 PM IST

কংগ্ৰেছৰ ওপৰত তীব্ৰ আক্ৰমণ AIMIM ৰ সভাপতি আছাদুদ্দিন ওৱেইছিৰ ৷ তেলেংগানা বিধানসভা নিৰ্বাচনত কংগ্ৰেছে প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণ নহয় বুলি দাবী কৰিছে সাংসদগৰাকীয়ে ৷

AIMIM leader Owaisi hits at Congress
AIMIM leader Owaisi hits at Congress

নিউজ ডেস্ক, 17 নৱেম্বৰ: কৰ্ণাটকৰ কথা উল্লেখ কৰি শুকুৰবাৰে AIMIM ৰ সভাপতি আছাদুদ্দিন ওৱেইছিয়ে কংগ্ৰেছ দলে নিৰ্বাচনৰ সময়ত জনসাধাৰণৰ আগত দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ উত্থাপন কৰে । কৰ্ণাটকত পাঁচটা গেৰান্টিৰ দিয়াৰ দৰেই তেলেংগানাত নিৰ্বাচনী প্ৰতিশ্ৰুতি হিচাপে কংগ্ৰেছে দিয়া ছটা গেৰান্টি সন্দৰ্ভত ওৱেইছিয়ে এই অভিযোগ কৰিছে ।

আটাইতকৈ পুৰণি দলটোৱে তেলেংগানাত ক্ষমতালৈ আহিলে সকলো প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰা হ’ব বুলি বাৰে বাৰে দাবী কৰি আহিছে যদিও কংগ্ৰেছে জনসাধাৰণক বিশ্বাসঘাতকতা কৰিছে বুলিও ওৱাইছিয়ে কয় ।

‘‘এইটো নিৰ্বাচনৰ বতৰ । তেওঁলোকে নিজৰ ইচ্ছামতে প্ৰতিশ্ৰুতি দিছে । সকলোবোৰ কাৰ্যকৰী হওক বা নহওক সেয়া বেলেগ কথা । কৰ্ণাটকত দেখা যায়, প্ৰতিশ্ৰুতি দিয়াৰ পিছত দুখীয়া ল'ৰা-ছোৱালীৰ বৃত্তি হ্ৰাস কৰা হ'ল । তেওঁলোকৰ বাবে বিদ্যুৎ নাই । কৃষকসকলক দিয়া কংগ্ৰেছৰ প্ৰতিশ্ৰুতি কেতিয়াও পূৰণ নহয় । কংগ্ৰেছে প্ৰতাৰণা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু সেয়াই তেওঁলোকৰ ইতিহাস ।’’ হায়দৰাবাদৰ সাংসদগৰাকীয়ে কয় ।

তেলেংগানা ৰাজ্য গঠনৰ আন্দোলনৰ সময়ত বহু লোকে প্ৰাণ হেৰুওৱা ঘটনাত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰমে ক্ষমা বিচৰাৰ সন্দৰ্ভত ওৱাইচিয়ে কয় যে পুৰণি দলটোৰ এই উপলব্ধি বহু পলমকৈ হৈছে ৷

কংগ্ৰেছে অবিভক্ত অন্ধ্ৰপ্ৰদেশৰ বিভাজন সঠিকভাৱে সম্পন্ন নকৰাৰ ফলত অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাৰ মাজত নদীৰ পানীৰ ভাগ-বাটোৱাৰা আৰু সম্পত্তি বিভাজনৰ সৈতে জড়িত সমস্যাসমূহ সমাধান নোহোৱাকৈয়ে ৰখাৰ অভিযোগ উত্থাপন কৰে ওৱেইছিয়ে । তেলেংগানাৰ আগন্তুক নিৰ্বাচনত ওৱাইছিয়ে আস্থা প্ৰকাশ কৰে যে তেওঁৰ দলে প্ৰতিদ্বন্দ্বিতা কৰা ৯খন আসনৰ সকলোবোৰতে জয়ী হ’ব ।

"আমাৰ প্ৰচাৰ ভালদৰে চলি আছে । AIMIM ৰ বিশেষত্ব হ'ল আমি কেৱল নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলোৱাই নহয়, বছৰৰ গোটেই ১২ মাহ আমি ৰাইজৰ লগত আছো । আমাৰ নেতাসকলক সহজে মানুহে লগ পায় আৰু মই আশা কৰিছো যে আমাৰ সাতজন বিধায়কে জয়ী হ'ব আৰু আমিও জয়ী হ'ম ৷ ৰাজেন্দ্ৰ নগৰ আৰু জুবিলী হিলছৰ আসনতো বিজয়ী হ’ম ।’’ ওৱেইছিয়ে কয় ৷

ওৱাইছিয়ে আলোকপাত কৰে যে AIMIM ৰ প্ৰতিনিধিত্বৰ পিছত BRS চৰকাৰৰ যোৱা ৯ বছৰৰ ভিতৰত সংখ্যালঘু কল্যাণৰ বাবে কেইবাখনো আঁচনি ৰূপায়ণ কৰিছে । তেওঁ লগতে কয় যে (বি আৰ এছ শাসনৰ সময়ত তেলেংগানাত) কোনো সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাছিল । নিজৰ প্ৰাৰ্থী নথকা সমষ্টিত বিধানসভা নিৰ্বাচনত শাসকীয় BRS ক সমৰ্থন কৰিছে AIMIM এ ।

কেন্দ্ৰীয় মন্ত্ৰী তথা তেলেংগানা বিজেপিৰ সভাপতি জি কিষাণ ৰেড্ডীয়ে তেলেংগানাত বিজেপিৰ "বুলডজাৰ" চৰকাৰ গঠন হ'ব বুলি প্ৰকাশ কৰা বক্তব্যৰ সন্দৰ্ভত সোধা প্ৰশ্নত ওৱাইছিয়ে কয় যে দলটোৱে ইয়াক "ধ্বংস"ৰ সৈতে জড়িত কৰিব বিচাৰে কাৰণ বুলডজাৰ ধ্বংসৰ চিন ৷ ইজৰাইল-হামাছৰ সংঘাতৰ সন্দৰ্ভত ওৱাইছিয়ে গাজাত তাৎক্ষণিক যুদ্ধবিৰতিৰ আহ্বান জনায় ।

লগতে পঢ়ক: হামাছ-ইজৰাইল সংঘৰ্ষত সাধাৰণ লোকৰ মৃত্যু; ভাৰতৰ গৰিহণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.