ETV Bharat / bharat

ৰাজস্থানত মহিলাৰ ওপৰত হোৱা নিৰ্যাতনৰ বাবে কংগ্ৰেছ চৰকাৰ জগৰীয়া: প্ৰধানমন্ত্ৰী

author img

By ANI

Published : Nov 23, 2023, 3:26 PM IST

কংগ্ৰেছৰ শাসনকালত ৰাজস্থানত সৰ্বাধিক মহিলাৰ ওপৰত নিৰ্যাতন হৈছে । নিৰ্বাচনী প্ৰচাৰৰ সময়ত এই অভিযোগ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । কংগ্ৰেছ নেতাসকলকো তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰীৰ ।

PM Modi on last day of campaign in Rajasthan
ৰাজস্থানত মহিলাৰ ওপৰত হোৱা নিৰ্যাতনৰ বাবে কংগ্ৰেছ চৰকাৰ জগৰীয়া

নেশ্যনেল ডেস্ক,২৩ নৱেম্বৰ : আজি ৰাজস্থানৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিন । নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ এবাৰ কংগ্ৰেছ শাসিত চৰকাৰক তীব্ৰ আক্ৰমণ কৰে । প্ৰধানমন্ত্ৰীৰ অভিযোগ অনুসৰি যোৱা ৫ বছৰত কংগ্ৰেছৰ শাসনকালত ৰাজ্যখনত সৰ্বাধিক মহিলাৰ ওপৰত নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে । তেওঁ দাবী কৰা মতে পূৰ্বে কোনো এখন চৰকাৰৰ দিনত ইমান মহিলাৰ ওপৰত নিৰ্যাতনৰ ঘটনা সংঘটিত হোৱা নাছিল । ইফালে নিৰ্বাচনী ৰেলীৰ সময়ত তেওঁৰ বিৰুদ্ধে কটু মন্তব্য কৰাৰ বাবে কংগ্ৰেছ নেতাসকলক তেওঁ তীব্ৰ সমালোচনাও কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতীয় জনতা পাৰ্টিৰ শক্তিৰ বিষয়ে বহুলোক অজ্ঞাত ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মতে ৰাজ্যখনত মহিলাসকলে যিদৰে বিজেপিৰ পতাকা উত্তোলন কৰিছে সেয়া প্ৰশংসাৰ যোগ্য । সমগ্ৰ ৰাজ্যতে তেওঁ এই পৰিৱেশ দেখিছে বুলি দাবী কৰে । প্ৰধানমন্ত্ৰীৰ মতে ৰাজস্থানৰ মহিলাসকলে এক মুহূৰ্তৰ বাবেও কংগ্ৰেছক সহ্য কৰিবলৈ সাজু নহয় ।

প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজস্থানৰ দেওগড়ত এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি এই মন্তব্য কৰে । প্ৰধানমন্ত্ৰীয়ে দাবী কৰিছে যে বহুতো লোক আছে যি বিজেপিৰ শক্তিৰ বিষয়ে অজ্ঞাত । তেওঁলোকে ভাবে যে তেওঁলোকে যদি মোদীক দুৰ্ব্যৱহাৰ কৰে তেন্তে তেওঁলোকৰ কাম হ'ব । প্ৰধানমন্ত্ৰীৰ মতে তেওঁলোকে নাজানে যে বিজেপি দলটো কৰ্মীসকলৰ তেজ আৰু ঘামেৰে নিৰ্মিত এটা দল । ৰাজস্থানত নিৰ্বাচনী ৰেলীৰ সময়ত প্ৰধানমন্ত্ৰীক কংগ্ৰেছ নেতাসকলে সমালোচনা কৰাৰ প্ৰত্যুত্তৰত তেওঁ এই মন্তব্য কৰে । প্ৰধানমন্ত্ৰীৰ মতে ৰাজস্থানৰ মহিলাসকলে ঘৰৰ কাম এৰি তেওঁলোকৰ ভৱিষ্যৎ নিৰ্ধাৰণ কৰিবলৈ সভাত উপস্থিত হৈছে ।

উল্লেখ্য যে ৰাজস্থানত ২৫ নৱেম্বৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । অহা ৩ ডিচেম্বৰত ভোট গণনা অনুষ্ঠিত হ'ব । ২০০ খন বিধানসভা আসনৰ ভিতৰত ১৯৯ খন আসনত নিৰ্বাচন অনুষ্ঠিত হ'ব । কিয়নো কংগ্ৰেছ প্ৰাৰ্থী গুৰমিত সিং কুনাৰৰ শেহতীয়াকৈ মৃত্যু হোৱাৰ বাবে কৰণপুৰ সমষ্টিৰ নিৰ্বাচন স্থগিত ৰখা হৈছে ।

২০১৮ চনত কংগ্ৰেছে ৯৯ খন আসন লাভ কৰিছিল আৰু বিজেপিয়ে ৭৩ খন আসন লাভ কৰিছিল । এইবাৰো কংগ্ৰেছে জয়ৰ ধাৰা অব্যাহত ৰখাৰ আশাৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছে । একেদৰে বিজেপিয়ে কংগ্ৰেছক প্ৰতিহত কৰাৰ বাবে সকলো ফালৰ পৰা চেষ্টা চলাই আছে ।

লগতে পঢ়ক :ৰাজস্থান বিধানসভা নিৰ্বাচন ২০২৩; প্ৰচাৰৰ অন্তিম দিনত বিজেপিৰ ৰথী-মহাৰথীৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.