নিউজ ডেস্ক , ২৪ জানুৱাৰী : শনিবাৰে পালন কৰা হয় নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ সংখ্য়ক জন্মজয়ন্তী । দেশবাসীয়ে স্বাধীনতা আন্দোলনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা মহান নেতা গৰাকীক স্মৰণ কৰে দেশবাসীয়ে । ওড়িশাৰ কটকত জন্ম গ্ৰহণ কৰা প্ৰয়াত নেতাগৰাকীৰ মৃত্য়ু এতিয়াও ৰহস্য়ৰ আৱৰ্তত আছে । কেন্দ্ৰীয় চৰকাৰে ২০১৭ চনত এক আৰটিআইত নিশ্চিত কৰিছিল যে ১৯৪৫ চনৰ ১৮ আগষ্টত টাইপেইত বিমান দুৰ্ঘটনাত বসুৰ মৃত্যু হৈছিল । কিন্তু তাৰ মাজতে ৰাজনৈতিক দল সমূহে তেওঁৰ মৃত্য়ুক আহিলা হিচাপে লৈ সময়ত ৰাজনীতি অব্য়াহত ৰখাও দেখা যায় ।
পুনৰ নেতা গৰাকীৰ জন্ম দিৱসৰ দিনটোতে বিস্ফোৰক মন্তব্য় কৰা দেখা গ'ল উত্তৰ প্ৰদেশৰ উনাওৰ বিজেপি সাংসদ সাক্ষী মহাৰাজক । কংগ্ৰেছে সুভাষ চন্দ্ৰ বসুক হত্য়া কৰা বুলি গুৰুতৰ অভিযোগ কৰিলে বিজেপি সাংসদ গৰাকীয়ে । মহাত্মা গান্ধী আৰু পণ্ডিত জৱাহৰলাল নেহৰুতকৈ সুভাষ চন্দ্ৰ বসুৰ জনপ্ৰিয়তা বেছি আছিল যাৰ বাবে কংগ্ৰেছে ষড়যন্ত্ৰ কৰি তেওঁক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে বিজেপি সাংসদ গৰাকীয়ে ।
বিভিন্ন সময়ত বিতৰ্কিত মন্তব্য়ৰে চৰ্চাত থকা সাংসদ সাক্ষী মহাৰাজৰ পুনৰ এই বিস্ফোৰণৰ পিছতে এতিয়া ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক :আৰ জে ডিৰ অধ্যক্ষ লালু প্ৰসাদ যাদৱক দিল্লী এইমছত ভৰ্তি