ETV Bharat / bharat

Meeting of Opposition Parties : পাটনাত বিৰোধী দলৰ বৈঠকত উপস্থিত থাকিব কংগ্ৰেছ

author img

By

Published : Jun 1, 2023, 7:36 PM IST

"কংগ্ৰেছ দলে এই বিষয়ত শীঘ্ৰেই সিদ্ধান্ত ল'ব যে বৈঠকত কোন উপস্থিত থাকিব ।" এআইচিচিৰ যোগাযোগ বিভাগৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয় । "কিন্তু এইটো নিশ্চিত যে কংগ্ৰেছে বিৰোধী দলবোৰৰ বৈঠকখনত উপস্থিত থাকিব ।" তেওঁ দৃঢ়তাৰে কয় (Cong to attend opposition parties meeting) ।

Meeting of Opposition Parties
Meeting of Opposition Parties

নিউজ ডেস্ক, ১ জুন : বৃহস্পতিবাৰে কংগ্ৰেছে প্ৰকাশ কৰিছে যে পাটনাত ১২ জুনত অনুষ্ঠিত হ'বলগীয়া বিৰোধী দলবোৰৰ বৈঠকত দলটোৱে অংশগ্ৰহণ কৰিব (Cong to attend opposition parties meeting) । অৱশ্যে উক্ত বৈঠকত দলটোৰ হৈ কোনে প্ৰতিনিধিত্ব কৰিব সেই বিষয়ে এতিয়াও সিদ্ধান্ত লোৱা নাই । উল্লেখ্য যে বিহাৰৰ মুখ্যমন্ত্ৰী তথা জেডিইউ নেতা নীতিশ কুমাৰে বৈঠকখন আহ্বান কৰিছে (Meeting of Opposition Parties in Patna) ।

"পাটনাত বিৰোধী নেতাসকলৰ ১২ জুনৰ বৈঠকত কংগ্ৰেছে নিশ্চিতভাৱে অংশগ্ৰহণ কৰিব । অৱশ্যে কোনে অংশগ্ৰহণ কৰিব সেয়া এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই । কংগ্ৰেছ দলে শীঘ্ৰেই এই সন্দৰ্ভত সিদ্ধান্ত ল'ব ।" এআইচিচিৰ যোগাযোগ বিভাগৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে সাংবাদিকৰ আগত এনেদৰে কয় (AICC general secretary Jairam Ramesh) । "কিন্তু কংগ্ৰেছে নিশ্চিতভাৱে উক্ত বিৰোধী দলৰ বৈঠকত উপস্থিত থাকিব ।" তেওঁ এইদৰে দৃঢ়তাৰে কয় ।

উল্লেখ্য, ৰাহুল গান্ধী বৰ্তমান আমেৰিকা ভ্ৰমণত আছে (Rahul Gandhi USA visit) । আনহাতে, কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেই পাটনা বৈঠকত দলটোক প্ৰতিনিধিত্ব কৰিবনে নাই সেই বিষয়ে এতিয়াও সিদ্ধান্ত লোৱা নাই (Congress chief Mallikarjun Kharge) । ইয়াৰ উপৰি কংগ্ৰেছে দেশত বিৰোধীৰ ক্ষেত্ৰত প্ৰাধান্য দাবী কৰি আহিছে । কিয়নো ই হৈছে এক সৰ্ববৃহৎ দল যাৰ সমগ্ৰ ভাৰতৰ প্ৰতিখন ৰাজ্যতে ভিত্তি আছে । কংগ্ৰেছ নেতাসকলে দাবী কৰিছে যে কেৱল তেওঁলোকৰ দলহে যিকোনো যুটীয়া বিৰোধী মঞ্চৰ কেন্দ্ৰবিন্দু হ'ব পাৰে ।

প্ৰণিধানযোগ্য যে নীতিশ কুমাৰে বিভিন্ন দলৰ নেতা আৰু বিৰোধী শাসিত ৰাজ্যসমূহৰ কেইবাজনো মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি অহা ১২ জুনৰ বৈঠকখন স্থিৰ কৰিছিল । তাৰে পৰিপ্ৰেক্ষিতত বিৰোধী দলসমূহৰ জ্যেষ্ঠ নেতাসকল বৈঠকত উপস্থিত থাকিব বুলি আশা কৰা হৈছে । আনহাতে, কংগ্ৰেছে কৈ আহিছে যে এইখন হৈছে এখন প্ৰাথমিক বৈঠক আৰু বিৰোধী ঐক্য গঢ়ি তোলাৰ বাবে পৰিকল্পনা কৰা বৈঠকৰ শৃংখলাৰ এটা অংশ মাত্ৰ (Nitish Kumar planned opposition parties meet) ।

উল্লেখ্য যে নীতিশ কুমাৰে বিগত মাহত দেশৰ কেইবাজনো বিৰোধী নেতাক লগ কৰি তেওঁলোকক এক উমৈহতীয়া মঞ্চত একত্ৰিত কৰি বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজিবলৈ আহ্বান জনাইছে । তেওঁ যোৱা মাহত খাৰ্গে আৰু ৰাহুল গান্ধীকো সাক্ষাত কৰে আৰু তাৰ পূৰ্বে তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সৈতে বৈঠকত মিলিত হয় ।

লগতে পঢ়ক :Nitin Gadkari on 2024 Lok Sabha election : ২০২৪ত বিজেপি পুনৰ ক্ষমতালৈ আহিব ; নীতিন গাডকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.