ETV Bharat / bharat

Mamata Banerjee not invited to Sealdah metro inauguration: ছিয়ালদাহ মেট্ৰ' ষ্টেচন উদ্বোধনত অনিমন্ত্ৰিত মুখ্যমন্ত্ৰী মমতা - TMCৰ সাংসদ সুদীপ বন্দ্যোপাধ্যায়

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ দ্বাৰা শিয়ালদাহ মেট্ৰ' ষ্টেচনৰ উদ্বোধনৰ বাবে মেট্ৰ' ৰে'ল কৰ্তৃপক্ষই জাৰি কৰা আমন্ত্ৰণ পত্ৰত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নাম অতিথি তালিকাত অন্তৰ্ভুক্ত নোহোৱাক লৈ টিএমচি আৰু বিজেপিৰ মাজত তীব্ৰ বাকযুদ্ধ ৷

cm-mamata-banerjee-not-invited-to-sealdah-metro-inauguration-tmc-boycotts-event
ছিয়াদাহ মেট্ৰ' ষ্টেচন উদ্বোধনত অনিমন্ত্ৰিত মুখ্যমন্ত্ৰী
author img

By

Published : Jul 12, 2022, 4:46 PM IST

নেশ্যনেল ডেস্ক, 12 জুলাই : সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে ছিয়ালদাহ মেট্ৰ’ ষ্টেচন উদ্বোধন কৰে ৷ হাওৰা জিলাৰ হাওৰা ময়দান মেট্ৰ’ ষ্টেচনৰ পৰা মেট্ৰ’ ষ্টেচনটো ভাৰ্চুৱেলী উদ্বোধন কৰে বিজেপিৰ জেষ্ঠ নেত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে(Sealdah Metro inauguration by Smriti Irani) ।

কিন্তু কলকাতা মেট্ৰ’ ৰে’ল কৰ্তৃপক্ষই ছিয়ালদাহ মেট্ৰ’ ষ্টেচন উদ্বোধনৰ বাবে প্ৰেৰণ কৰা আমন্ত্ৰণ পত্ৰৰ অতিথিৰ তালিকাত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নাম অন্তৰ্ভূক্ত নকৰাক লৈ সোমবাৰে ৰাজ্যৰ শাসক পক্ষই মুখ্যমন্ত্ৰীক অপমান কৰা বুলি অভিযোগ উত্থাপন কৰাত তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ মাজত এক ৰাজনৈতিক মতানৈক্যৰ সৃষ্টি হয়(CM Mamata Banerjee not invited to Metro Rail event) ৷

ইফালে, কলকাতাৰ মেয়ৰ ফিৰহাদ হাকিমৰ নামো এই আমন্ত্ৰণী পত্ৰৰ অতিথিৰ তালিকাত অন্তৰ্ভূক্ত নকৰাৰ বাবে মেট্ৰ’ ৰে’ল কৰ্তৃপক্ষক তীব্ৰ সমালোচনা কৰে(TMC boycotts event) তৃণমূল কংগ্ৰেছে ৷

এই সন্দৰ্ভত কলকাতাৰ মেয়ৰ ফিৰহাদ হাকিমে কয় যে, "নিশা মুখ্যমন্ত্ৰীৰ বাসগৃহত কাৰ্ড পেলাব নোৱাৰি । ৰে'ল কতৃপক্ষই এইটো পাহৰি যোৱা উচিত নহয় যে, এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে ছিয়ালদাহ মেট্ৰ' ষ্টেচন উদ্বোধন কৰিছে । আৰু এনে এক গুৰুত্বপূৰ্ণ অনুষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীক আমন্ত্ৰণ নকৰাটো সঁচাকৈ এক দুখৰ বিষয় ৷"

অৱশ্যে মেট্ৰ’ ৰে’ল কর্তৃপক্ষই মুখ্যমন্ত্ৰীৰ লগতে পশ্চিম বংগৰ ৰাজ্যপাল জগদীপ ধনখৰৰ নামো অন্তৰ্ভূক্ত নকৰাৰ কথা উল্লেখ কৰি লগতে মেয়ৰগৰাকীয়ে কয় যে প্ৰ'ট’কল অনুসৰি স্থানীয় সাংসদ আৰু বিধায়কসকলক মুখ্য অতিথি ইৰাণীৰ সৈতে আমন্ত্ৰণ জনোৱা হৈছে ৷ আমন্ত্ৰণ পত্ৰখনত TMCৰ সাংসদ সুদীপ বন্দ্যোপাধ্যায় আৰু বিধায়ক পৰেশ পলৰ নামো অন্তৰ্ভূক্ত কৰা হৈছে ।

ইফালে, মুখ্যমন্ত্ৰীক উপহাস কৰি ইৰাণীয়ে অনুষ্ঠানটোৰ সময়ত কয় যে বংগৰ বৃহত্তৰ স্বাৰ্থৰ বাবে অনুষ্ঠিত হোৱা কাৰ্যসূচীত উপস্থিত থাকিবলৈ কোনো আমন্ত্ৰণৰ প্ৰয়োজন নাই । "মেট্ৰ' ষ্টেচনৰ উদ্বোধনক লৈ সৃষ্টি হোৱা বিতৰ্ক অপ্ৰয়োজনীয় । মেট্ৰ' ৰে'লৰ জেনেৰেল মেনেজাৰে শেষ মুহূৰ্তত মোক আমন্ত্ৰণ জনাইছিল আৰু মই কাৰ্যসূচীটোত উপস্থিত আছিলোঁ " ৷

তেওঁ কয় - "মুখ্যমন্ত্ৰী আৰু বংগৰ অন্যান্য মন্ত্ৰীসকলকো একে ধৰণে আমন্ত্ৰণ জনোৱা হৈছে । তেওঁলোকৰ বাবে মণ্ডলীত চকী ৰখা হৈছিল । কিন্তু তেতিয়াও তেওঁলোক অহা নাছিল । তেওঁলোকে কাৰ্যসূচীটোত উপস্থিত থাকিব লাগিছিল । বংগৰ লোকসকলে দীৰ্ঘদিন ধৰি এই প্ৰকল্পটোৰ বাবে অপেক্ষা কৰি আছে ৷"

লগতে পঢ়ক : Tripura to provide free coaching: ত্ৰিপুৰাৰ দৰিদ্ৰ জনজাতীয় শিক্ষাৰ্থীলৈ বিনামূলীয়া শিক্ষা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.