ETV Bharat / bharat

Martyrs' day in Punjab: পাঞ্জাৱত মুকলি হ'ব দুৰ্নীতি বিৰোধী হেল্পলাইন নম্বৰ

author img

By

Published : Mar 23, 2022, 3:21 PM IST

শ্বহীদ ভগত সিং, ৰাজগুৰু আৰু সুখদেৱৰ স্মৃতিত পাঞ্জাৱ চৰকাৰৰ বিশেষ পদক্ষেপ । ৰাজ্যত ভগৱন্ত মানৰ চৰকাৰে মুকলি কৰিব দুৰ্নীতি বিৰোধী হেল্পলাইন নম্বৰ (Punjab govt to release anti corruption helpline number)। শ্বহীদ দিৱস উপলক্ষ্যে পাঞ্জাৱত ৰাজহুৱা বন্ধৰ ঘোষণা ।

Martyrs day in Punjab
পাঞ্জাৱত মুকলি হ'ব দুৰ্নীতি বিৰোধী হেল্পলাইন নম্বৰ

নেশ্যনেল ডেস্ক,২৩ মাৰ্চ : মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ গুৰুত্বপূৰ্ণ ঘোষণা । পাঞ্জাৱক দুৰ্নীতিমুক্ত কৰাৰ উদ্দেশ্যে বিশেষ পদক্ষেপ ল'ব আম আদমি চৰকাৰে । লগতে এটা হেল্পলাইন নম্বৰো মুকলি কৰিব চৰকাৰে (Punjab govt to release anti corruption helpline number)। দুৰ্নীতিগ্ৰস্ত বিষয়াৰ ভিডিঅ' এই হেল্পলাইন নম্বৰত হোৱাটছএপযোগে ৰাইজে প্ৰেৰণ কৰিব পাৰিব ।

  • On the martyrdom day of Shaheed-e-Azam Bhagat Singh, there will be a public holiday in Punjab.

    On this occasion, people of Punjab can pay their tributes to Shaheed Bhagat Singh by visiting his village of Khatkar Kalan. pic.twitter.com/BMpfQsxlaI

    — Bhagwant Mann (@BhagwantMann) March 22, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

বুধবাৰে মুখ্যমন্ত্ৰী ভগৱন্ত মানে কয় যে শ্বহীদ ভগত সিং, ৰাজগুৰু আৰু সুখদেৱক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে শ্বহীদ দিৱস পালন কৰা হ'ব । শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি চৰকাৰে এক ৰাজ্যিক পৰ্যায়ৰ সন্মিলনৰো আয়োজন কৰিব (Punjab Govt to organise state level convention)। ইফালে শ্বহীদ দিৱস উপলক্ষে সমগ্ৰ পাঞ্জাৱত ৰাজহুৱা বন্ধৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে (Public holiday across Punjab on martyrs' day)।

শ্বহীদ দিৱসৰ লগত সংগতি ৰাখিয়ে দুৰ্নীতি বন্ধ কৰাৰ উদ্দেশ্যে দুৰ্নীতি বিৰোধী হেল্পলাইন নম্বৰটো মুকলি কৰা হ'ব । দুৰ্নীতিত জড়িত বিষয়সকলৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সকীয়াই দিয়ে ।

লগতে পঢ়ক :শস্য বীমাৰ অধীনলৈ ত্ৰিপুৰাৰ প্ৰায় ৮ লাখ কৃষক : কৃষি মন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.