ETV Bharat / bharat

এণ্টিগুৱাত কি কৰিছে ডমিনিকাত গ্ৰেপ্তাৰ হোৱা মেহুল চৌক্সিয়ে ?

author img

By

Published : Jul 15, 2021, 9:38 PM IST

ভাৰতত ১৩,৫০০ কোটি টকাৰ বেংক জালিয়াতিৰ গোচৰৰ অভিযুক্ত চৌক্সি ২০১৮ চনৰ পৰা নাগৰিক হিচাপে থকা এণ্টিগুৱা আৰু বাৰ্বুডাৰ পৰা ২৩ মে'ত ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছিল । পিছত তেওঁক চুবুৰীয়া দ্বীপ দেশ ডমিনিকাত অবৈধ প্ৰৱেশৰ বাবে আটক কৰা হৈছিল ।

Choksi lands in Antigua
ডমিনিকাত গ্ৰেপ্তাৰ হোৱা মেহুল চ'ক্সি পুনৰ এণ্টিগুৱাত কি কৰিছে

নেশ্যনেল ডেস্ক, ১৫ জুলাই : হীৰা ব্যৱসায়ী তথা পাঞ্জাৱ নেশ্যনেল বেংকৰ এক জালিয়াতি গোচৰৰ (PNB scam case) অভিযুক্ত পলাতক মেহুল চৌক্সি (Mehul Choksi) সম্প্ৰতি উপস্থিত হৈছে এণ্টিগুৱা আৰু বাৰ্বুডাত । চাৰ্টাৰ্ড বিমানযোগে তেওঁ উপস্থিত হৈছে ২০১৮ চনৰ পৰা নাগৰিক হিচাপে থকা দেশখনত । চুবুৰীয়া ডমিনিকাৰ পৰা চিকিৎসাৰ বাবে আহিছে চৌক্সি ।

উল্লেখ্য যে, অবৈধ প্ৰৱেশৰ এক গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰিছিল ডমিনিকা আৰক্ষীয়ে (Dominica Police) । ৫১ দিনৰ আৰক্ষী জিম্মাৰ পাছত আদালতত তেওঁ নিজৰ চিকিৎসাৰ বাবে জামিন বিচাৰি আবেদন কৰিছিল । অৱশেষত ১০,০০০ ইচি ডলাৰ জামিনৰ ধন জমা কৰাৰ পাছতে ডমিনিকাৰ আদালতে তেওঁক জামিন প্ৰদান কৰে । জামিন লাভ কৰি চাৰ্ট আৰু শ্বৰ্টছ পিন্ধি চৌক্সিয়ে এখন চাৰ্টাৰ্ড বিমানত এণ্টিগুৱালৈ উৰা মাৰে ।

৬২ বছৰীয়া চৌক্সিক ডমিনিকা উচ্চ ন্যায়ালয়ে (Dominica High Court) এজন স্নায়ু বিশেষজ্ঞৰ পৰা চিকিৎসা গ্ৰহণৰ বাবে এণ্টিগুৱালৈ উভতি যাবলৈ জামিন প্ৰদান কৰিছিল । জামিন আবেদনত চৌক্সিয়ে তেওঁৰ চিকিৎসা সম্পৰ্কীয় এক প্ৰতিবেদন সংলগ্ন কৰিছিল, য'ত আছে চিটি স্কেন । চিটি স্কেন অনুসৰি হেমাটোমাৰ সাধাৰণ অৱনতি ঘটিছে চৌক্সিৰ । চিকিৎসকে এগৰাকী স্নায়ুৰোগ বিশেষজ্ঞ আৰু নিউৰোচাৰ্জিকেল পৰামৰ্শ দাতাৰ দ্বাৰা তেওঁৰ চিকিৎসা জৰুৰীভাৱে কৰাৰ পৰামৰ্শ দিছিল ।

পৰামৰ্শ প্ৰতিবেদনত ডমিনিকাৰ প্ৰিন্সেচ মাৰ্গাৰেট হাস্পতালৰ চিকিৎসক য়েৰেণ্ডি গালে গুটিৰেজ আৰু ৰেনে গিলবাৰ্ট ভেৰানেছৰ স্বাক্ষৰ আছিল । যিহেতু এই চিকিৎসা সেৱাসমূহ বৰ্তমান ডমিনিকা দ্বীপটোত উপলব্ধ নহয় । সেয়ে তেওঁক এণ্টিগুৱালৈ যোৱাৰ অনুমতি প্ৰদান কৰে আদালতে ।

উল্লেখ্য যে ভাৰতত ১৩,৫০০ কোটি টকাৰ বেংক জালিয়াতিৰ গোচৰৰ অভিযুক্ত চৌক্সিয়ে ২০১৮ চনৰ পৰা নাগৰিক হিচাপে থকা এণ্টিগুৱা আৰু বাৰ্বুডাৰ পৰা ২৩ মে'ত ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছিল । পিছত তেওঁক চুবুৰীয়া দ্বীপ দেশ ডমিনিকাত অবৈধ প্ৰৱেশৰ বাবে আটক কৰা হৈছিল । ইফালে তেওঁ উকীলে অভিযোগ কৰা মতে এয়া অপহৰণ আছিল । অভিযোগ অনুসৰি সন্দেহজনক এণ্টিগুয়ান আৰু ভাৰতীয় আৰক্ষীয়ে এণ্টিগুৱাৰ জলি হাৰ্বাৰৰ পৰা অপহৰণ কৰি এখন নাৱত তেওঁক ডমিনিকালৈ লৈ গৈছিল ।

লগতে পঢ়ক :ত্ৰিপুৰাৰ নতুন ৰাজ্যপালৰ শপত গ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.