ETV Bharat / bharat

ভাৰত-নেপাল সীমান্তত চীনা নাগৰিক আটক - চীনা নাগৰিক আটক

ভাৰত-নেপাল সীমান্তত আটক চীনা নাগৰিক ৷ বিহাৰৰ কিষাণগঞ্জ জিলা(Kishanganj district of Bihar)ৰ ভাৰত-নেপাল সীমান্তত নেপাললৈ পাৰ হোৱাৰ চেষ্টা কৰাৰ সময়তে আটক লোক দুজন ৷ আটকধীন লোক দুজনৰ এজন চীনা নাগৰিক Chojor Woser আৰু আনজন পশ্চিম বংগৰ শিলিগুৰিৰ Pema Bhutia নামৰ এজন ভাৰতীয় এজেণ্ট ৷

chinese national among 2 nabbed by ssb from indo nepal border
সীমান্তত চীনা লোক আটক
author img

By

Published : Sep 16, 2021, 2:19 PM IST

নেশ্যনেল ডেস্ক , 16 ছেপ্তেম্বৰ : ভাৰত-নেপাল সীমান্তত সশস্ত্ৰ সীমা বলৰ হাতত চীনা নাগৰিকসহ দুজন লোক আটক ৷ বিহাৰৰ কিষাণগঞ্জ জিলা(Kishanganj district of Bihar)ৰ ভাৰত-নেপাল সীমান্তৰ পৰা সশস্ত্ৰ সীমা বলৰ (Sashastra Seema Bal) এটা দলে এজন চীনা নাগৰিকসহ দুজন লোকক আটক কৰে ৷ অভিযুক্ত চীনা নাগৰিকজন Chojor Woser বুলি চিনাক্ত কৰা হৈছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, অভিযুক্ত চীনা নাগৰিক Chojor Woserৰ সৈতে পশ্চিম বংগৰ শিলিগুৰিৰ Pema Bhutia নামৰ এজন ভাৰতীয় এজেণ্ট আছিল ৷ দুয়োজনেই বুধবাৰে সন্ধিয়া অবৈধভাৱে নেপাললৈ পলাই যোৱাৰ চেষ্টা কৰিছিল ৷এছএছবিৰ এজন বিষয়াই জানিবলৈ দিয়া মতে, Kodhobari আৰক্ষা থানাৰ অধিকাৰ ক্ষেত্ৰত থকা ভাৰত-নেপাল সীমান্তত দুজন লোকক সন্দেহজনক কাৰ্যকলাপৰ সৈতে দেখা গৈছিল ৷

অভিযোগ অনুসৰি, সীমা পাৰ হ'বলৈ চেষ্টা কৰা লোক দুজনক নথিপত্ৰ উপস্থাপন কৰিবলৈ কোৱাত তেওঁলোকে কোনো নথি প্ৰদৰ্শন কৰিব পৰা নাছিল ৷

এছএছবিৰ বিষয়াজনে কয় যে, দুয়োজনেই নিজকে ভাৰতীয় নাগৰিক বুলি দাবী কৰি আছিল ৷ পাচত চীনা নাগৰিকজনে তেওঁৰ ওচৰত কোনো নথি নাই বুলি স্বীকাৰ কৰাৰ লগতে সীমান্ত পাৰ হোৱাত সহায় কৰাৰ বাবে তেওঁ Pema Bhutiaক এক পৰিমাণ পৰিশোধ কৰিছে বুলি জানিবলৈ দিয়ে ৷ গ্ৰেপ্তাৰ হোৱাৰ পাচত দুয়োকে আৰক্ষীৰ হাতত গটাই দিয়া হয় ৷

লগতে পঢ়ক : গুজৰাট উপকূলৰ সমীপত জব্দ পাকিস্তানী নাও

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.