ETV Bharat / bharat

Child abduction case in Jharkhand : ফুটপাথৰ পৰা এমহীয়া শিশু লৈ উধাও দুই বাইক আৰোহী

শিশু অপহৰণৰ ঘটনাটো চিচিটিভি কেমেৰাত বন্দী হৈছে । এমহীয়া শিশুটো অশোক ৰেৱানী নামৰ এগৰাকী দৈনিক মজুৰি কৰা শ্ৰমিকৰ বুলি জানিব পৰা গৈছে (Child abduction case)। ভুক্তভোগী পৰিয়ালে অভিযোগ কৰা মতে আৰক্ষীয়ে গোচৰ ৰুজু কৰিব বিচৰা নাই । আৰক্ষীৰ মতে তেওঁলোকে কোনো অভিযোগ পোৱা নাই ।

author img

By

Published : Dec 5, 2022, 6:07 PM IST

Jharkhand
ফুটপাথৰ পৰা এমহীয়া শিশু লৈ উধাও দুই বাইক আৰোহী

নেশ্যনেল ডেস্ক,৫ ডিচেম্বৰ : ঝাৰখণ্ডৰ ধানবাদ জিলাত চাঞ্চল্যকৰ অপহৰণৰ ঘটনা সংঘটিত হৈছে । জোদাফাটক কবৰস্থান ৰোডৰ সমীপত ফুটপাথৰ পৰাই এটি শিশু অপহৰণ কৰি লৈ যায় দুই বাইক আৰোহীয়ে (Child abduction case in Jharkhand)। জানিব পৰা মতে দৈনিক মজুৰী কৰা শ্ৰমিকৰ কন্যা আছিল অপহৃত এমহীয়া শিশুটো ।

সমগ্ৰ ঘটনাটো সেই স্থানত থকা চিচিটিভি কেমেৰাত বন্দী হৈছে । অৱশ্যে ঘটনা সন্দৰ্ভত কোনো গোচৰ ৰুজু হোৱা নাই বুলি জানিব পৰা গৈছে । শ্ৰমিকজনে অভিযোগ কৰা মতে আৰক্ষীয়ে ঘটনাটোক অৱহেলা কৰিছে । তেওঁ যেতিয়া আৰক্ষীৰ কাষ চাপিছিল তেওঁক নিজকে অনুসন্ধান কৰিবলৈ কৈছিল আৰক্ষীয়ে ।

ঘটনাস্থলীৰ সমীপতে থকা চিচিটিভি কেমেৰাত বন্দী হৈছে সমগ্ৰ অপহৰণৰ ঘটনাটো (Child theft was captured on CCTV camera)। চিচিটিভি ফুটেজ অনুসৰি শনিবাৰে নিশা প্ৰায় ১০ মান বজাত ঘটনাটো সংঘটিত হৈছে । ভুক্তভোগী শিশুটোৰ পৰিয়ালে অভিযোগ দাখিলৰ বাবে আৰক্ষীৰ কাষ চাপি কোনো ধৰণৰ সুফল পোৱা নাই । আনহাতে আৰক্ষীৰ মতে তেওঁলোকে শিশুৰ অপহৰণৰ বিষয়ে কোনো অভিযোগ পোৱা নাই ।

সূত্ৰৰ মতে পিতৃ-মাতৃৰ সৈতে নিশা শিশুটো শুই আছিল । বাইক চলাই অহা দুজন লোক তেওঁলোকৰ ওচৰলৈ গৈছিল । বাইক আৰোহীৰ এজনে কিছু সময় তাত ৰৈছিল আৰু অঞ্চলটোত বাহনৰ চলাচল বন্ধ হোৱাৰ বাবে অপেক্ষা কৰিছিল । এটা সময়ত উক্ত স্থানলৈ গৈ এমহীয়া শিশুটো লৈ লোক দুজনে তাৰ পৰা বাইকেৰে পলায়ন কৰে (One month girl child kidnapped)।

শিশুটোৰ পিতৃ অশোক ৰেৱানীয়ে কয় যে তেওঁলোকে কবৰস্থান ৰোডৰ সমীপৰ এডোখৰ ঠাইত শুই আছিল । কাম শেষ কৰাৰ পাছত ঘৰলৈ যোৱাৰ সলনি ৰাতিটো তাতেই কটোৱাৰ সিদ্ধান্ত লৈছিল । তেওঁ পত্নী আৰু দুই সন্তানৰ সৈতে শুই আছিল । তেওঁ অভিযোগ কৰা মতে আৰক্ষীক এই সন্দৰ্ভত অৱগত কৰা হৈছিল যদিও আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে লোৱা নাই ।

আনহাতে, ধন্দচাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজ কুমাৰে কয় যে অভিযোগ দাখিল কৰিবলৈ কোনেও আগবাঢ়ি অহা নাছিল । যেতিয়া কোনো পীড়িত ব্যক্তি অভিযোগ পঞ্জীয়ন কৰিবলৈ আৰক্ষী থানালৈ আহে তেতিয়া বিষয়টো গুৰুত্ব সহকাৰে লোৱা হ'ব বুলি আৰক্ষীয়ে অৱগত কৰে ।

লগতে পঢ়ক :Thief arrested: নগাঁৱত মন্দিৰৰ পৰা চুৰি কৰা সামগ্ৰী জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.