ETV Bharat / bharat

Telangana assembly polls 2023: মুখ্যমন্ত্ৰী কেচিআৰে প্ৰকাশ কৰিলে বিআৰএছৰ ১১৯ গৰাকী প্ৰাৰ্থীৰ তালিকা

author img

By

Published : Aug 21, 2023, 5:50 PM IST

বি আৰ এছৰ সভাপতি তথা মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে তালিকাত গৰিষ্ঠ সংখ্যক বিধায়কৰ নাম অব্যাহত ৰাখিছে ৷ মুখ্যমন্ত্ৰী ৰাওৱে গজৱেল আৰু কামাৰেড্ডী দুটা সমষ্টিৰ পৰা কৰিব প্ৰতিদ্বন্দ্বিতা । চলিত বছৰৰ শেষৰ ফালে অনুষ্ঠিত হ'ব তেলেংগানা বিধানসভা নিৰ্বাচন ।

Telangana assembly polls 2023
বি আৰ এছৰ সভাপতি তথা মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও

নিউজ ডেস্ক, ২১ আগষ্ট: তেলেংগানা বিধানসভা নিৰ্বাচনৰ ১১৯খন আসনৰ আটাইকেইটা আসনৰ বাবে প্ৰাৰ্থী ঘোষণা ভাৰত ৰাষ্ট্ৰ সমিতি চমুকৈ বি আৰ এছৰ ৷ দলটোৰ সভাপতি তথা মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে সোমবাৰে ঘোষণা কৰে চলিত বৰ্ষৰ শেষৰফালে হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকাখন । দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয় তেলেংগানা ভৱনত দুপৰীয়া ২.৩০ বজাত প্রথমখন প্রার্থী তালিকা ঘোষণা কৰা হয় ৷ বি আৰ এছৰ সভাপতি তথা মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে গজৱেল আৰু কামাৰেড্ডীৰ দৰে দুটা বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ।

দলটোৰ সূত্ৰই জনোৱা মতে, বি আৰ এছৰ সভাপতি কে চন্দ্ৰশেখৰ ৰাওৱে প্রার্থী তালিকাত বৰ্তমানৰ বিধায়কৰ গৰিষ্ঠ সংখ্যকৰ নাম অব্যাহত ৰাখিছে । ইয়াৰ পূৰ্বে ২০১৮ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে কিছু সাল-সলনি কৰি পূৰ্বৰ বিধায়কৰ স্থানত দলৰ কিছুমান কাৰ্যকৰ্তাক দলৰ ভিতৰত স্থান দিয়াৰ লগতে এম এল চি আৰু অন্যান্য মনোনীত পদত তেওঁলোকক সুযোগ দিছিল ৷ বি আৰ এছৰ প্ৰধানগৰাকীৰ এই কাৰ্যই বিৰোধী দলসমূহৰ মাজত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছিল ।

আনকি বিৰোধীয়ে প্ৰাৰ্থীৰ তালিকা প্ৰকাশৰ বাবে প্ৰস্তুতি কৰি থকাৰ সময়তো ৰাওৱে প্ৰান্তীয় পৰিৱৰ্তনেৰে প্ৰায়বোৰ সমষ্টিতে বি আৰ এছৰ প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা কৰে । তদুপৰি তেওঁ নিজৰ প্ৰতিশ্ৰুতি পালন কৰি টিকটৰ পৰা বঞ্চিত হোৱাসকলক বিভিন্ন পদত স্থান দিছিল । ইফালে, মলকাজগিৰিৰ বিধায়ক ম্যনামপল্লী হানমন্ত ৰাওৱে পুত্ৰ মেদক সমষ্টিৰ পৰা টিকট দিয়াৰ বাবে দলীয় নেতৃত্বক আহ্বান জনাইছিল । তেওঁ আনকি বিত্তমন্ত্ৰী টি হৰিশ ৰাওৰ বিৰুদ্ধে পুত্ৰৰ বাবে হেঙাৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰিছিল ।

লগতে পঢ়ক: Chhattisgarh MLA attack: ছত্তীশগড়ৰ কংগ্ৰেছ বিধায়িকাক ছুৰীকাঘাত; বিজেপিয়ে তুলিলে সুৰক্ষাৰ প্ৰশ্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.