নেশ্যনেল ডেস্ক,১৪ জুলাই: এটা বিশেষ টুইটক লৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক তীব্ৰ সমালোচনা প্ৰাক্তন বিত্তমন্ত্ৰী তথা জেষ্ঠ কংগ্ৰেছী নেতা পি চিদাম্বৰমৰ । বিত্তমন্ত্ৰী সীতাৰমণে কিছুদিন পূৰ্বে বৃহস্পতি প্লুটু আৰু ইউৰেনাছৰ ছবি টুইটত প্ৰকাশ কৰিছিল । তাকে লৈ প্ৰাক্তন বিত্তমন্ত্ৰী তথা জেষ্ঠ কংগ্ৰেছী নেতাগৰাকীয়ে তীব্ৰ সমালোচনা কৰে বৰ্তমানৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীক(Chidambarams taunt on Finance Minister) ।
চিদাম্বৰমে টুইটযোগে প্ৰকাশ কৰে যে যিসময়ত মুদ্ৰাস্ফীতি ৭.১ শতাংশ আৰু নিবনুৱাৰ হাৰ ৭.৮ শতাংশ তেনে সময়ত বিত্তমন্ত্ৰীৰ এনে টুইটে জনতাক আচৰিত কৰি তুলিছে । বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণক সমালোচনা কৰি চিদাম্বৰমক কয় যে সীতাৰমণক বৰ্তমান এগৰাকী মুখ্য অৰ্থনৈতিক জ্যোতিষি হিচাপে নিযুক্তি দিয়া উচিত(Chief Economic Astrologer) । নিজৰ দক্ষতা আৰু তেওঁৰ অৰ্থনৈতিক উপদেষ্টাসকলৰ দক্ষতাৰ ওপৰত আশা হেৰুৱাই বিত্ত মন্ত্ৰীয়ে গ্ৰহসমূহক অৰ্থনীতি ৰক্ষা কৰিবলৈ আহ্বান জনাইছে বুলি কটাক্ষ কৰে চিদাম্বৰমে ।
উল্লেখ যে নিৰ্মলা সীতাৰমণে নাছাৰ নতুন মহাকাশ দূৰবীণৰ বিষয়ে কেইটামান টুইট ৰি-টুইট কৰিছিল যিয়ে এতিয়ালৈকে বিশ্বব্ৰহ্মাণ্ডৰ গভীৰতম ৰূপটো উপস্থাপন কৰিছে । আৰু সেই টুইটকলৈ এনেদৰে কটাক্ষ কৰে প্ৰাক্তন বিত্তমন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক: NATIONAL HERALD CASE: ইডিৰ চমনৰ বিৰুদ্ধে ২১ জুলাইত কংগ্ৰেছৰ দেশজুৰি প্ৰতিবাদ