ETV Bharat / bharat

Chadrayaan 3: ইতিহাস ৰচিলে ভাৰতে; চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত সফল অৱতৰণ চন্দ্ৰযান-3 ৰ

ইতিহাস সৃষ্টি কৰি চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিলে ভাৰতৰ চন্দ্ৰযান-3 য়ে ৷ ইয়াৰ লগে লগে বিলৰ মুহূৰ্তৰ সাক্ষী হৈ ৰ’ল দেশবাসী ৷ ইছৰ’ৰ বিজ্ঞানীসকলৰ অশেষ প্ৰচেষ্টাৰ অন্তত ইতিহাস ৰচিলে ভাৰতে ৷

Etv Bharat
Etv Bharat
author img

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 6:15 PM IST

Updated : Aug 23, 2023, 6:38 PM IST

নেশ্যনেল ডেস্ক, 23 আগষ্ট : ইতিহাস সৃষ্টি কৰি চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিলে ভাৰতৰ চন্দ্ৰযান-3 য়ে ৷ ইয়াৰ লগে লগে বিলৰ মুহূৰ্তৰ সাক্ষী হৈ ৰ’ল দেশবাসী ৷ ইছৰ’ৰ বিজ্ঞানীসকলৰ অশেষ প্ৰচেষ্টাৰ অন্তত ইতিহাস ৰচিলে ভাৰতে ৷ এই মাহেন্দ্ৰ ক্ষণৰ সাক্ষী হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷

বিজ্ঞানীসকলে সুখী হৈ কয় যে, "চন্দ্ৰ মামা তেনেই দূৰত বুলি কয়, কিন্তু আজি আমি ক’ব পাৰো যে চন্দ্ৰ এতিয়া ভাৰতৰ তথা আমাৰ ঘৰৰ ৷" এই সফলতাৰ পিচতে চন্দ্ৰপৃষ্ঠত ছফ্ট লেণ্ডিং কৰা চতুৰ্থখন দেশ আৰু চন্দ্ৰৰ দক্ষিণ মেৰুত ছফ্ট লেণ্ডিং কৰা ভাৰত বিশ্বৰ প্ৰথমখন দেশ হিচাবে অভিলেখ ৰচনা কৰিছে ৷

চন্দ্ৰযান-3 সফল অৱতৰণৰ পিচতে দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ইৰছ’ৰ বিজ্ঞানীসকলক প্ৰধানমন্ত্ৰীয়ে অভিনন্দন জ্ঞাপন কৰি কয় যে, এয়া ভাৰতৰ বাবে এক গৌৰৱময় ক্ষণ, এই ক্ষণ অবিৰস্মণীয়, এই ক্ষণ অভূতপূৰ্ব, এই ক্ষণ নৱভাতৰ জয়গানৰ মুহূৰ্ত ৷ এতিয়াৰ পৰা ভাৰতে চন্দ্ৰপৃষ্ঠক অন্য দৃষ্টিৰে চাব পাৰিব ৷ আমাৰ ভৱিষ্যত প্ৰজন্মই চন্দ্ৰৰ কাহিনী এতিয়াৰ পৰা বেলেগকৈ শুনিব ৷ আমি পৃথিৱীত সপোন দেখিছিলো সেয়া চন্দ্ৰলৈ গৈ সাকাৰ হ’ল ৷

  • Historic day for India's space sector. Congratulations to @isro for the remarkable success of Chandrayaan-3 lunar mission. https://t.co/F1UrgJklfp

    — Narendra Modi (@narendramodi) August 23, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ISRO এ এই সফলতাৰ পিচতে টুইট কৰে যে, চন্দ্ৰযান-৩ অভিযান: 'ভাৰত', আপোনালোকৰ লগতে মইও মোৰ গন্তব্যস্থানত উপনীত হ’লো ৷ চন্দ্ৰযান-৩ য়ে সফলতাৰে চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে ছফ্ট লেণ্ডিং কৰিলে ৷ অভিনন্দন ভাৰত...

  • Chandrayaan-3 Mission:
    'India🇮🇳,
    I reached my destination
    and you too!'
    : Chandrayaan-3

    Chandrayaan-3 has successfully
    soft-landed on the moon 🌖!.

    Congratulations, India🇮🇳!#Chandrayaan_3#Ch3

    — ISRO (@isro) August 23, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

এই বিৰল মুহূৰ্তৰ পিচতে ISRO ৰ বিজ্ঞানীসকলক দেশবাসীয়ে অভিনন্দন জনাইছে ৷ এতিয়াৰ পৰা ভাৰতে বিশ্বৰ ইতিহাসত সোণালী আখৰেৰে নাম উজ্বলালে বুলি দেশবাসীয়ে গৌৰৱ অনুভৱ কৰে ৷ উল্লেখ্য যে, যোৱা 14 জুলাইত উৎক্ষেপণ কৰা হৈছিল চন্দ্ৰযান -3 ৷ যোৱা 4 বছৰ ধৰি চন্দ্ৰযান-3 ৰ বাবে বিজ্ঞানীসকলে দিন ৰাতি একাকাৰ কৰি পৰিকল্পনা আৰম্ভ কৰিছিল ৷

লগতে পঢ়ক: ISRO Gaganyaan Space Mission: গগনযান মানৱযুক্ত মহাকাশ অভিযান; ইছৰোক সহায় কৰিব প্ৰাক্তন নৌসেনা বিষয়া টমীয়ে

Last Updated : Aug 23, 2023, 6:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.