আগৰতলা, ৩১ মে': ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ (Tripura CM accused of violating election MCC) । ত্ৰিপুৰা ৰাজ্যিক সমিতিৰ চিপিআই(এম) ৰ সচিব জীতেন্দ্ৰ চৌধুৰীয়ে এই অভিযোগ দাখিল কৰিছে (Tripura CPIM accuses CM of violating election MCC) । ইতিমধ্যে ত্ৰিপুৰাৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে মুখ্যমন্ত্ৰী ড০ মানিক সাহালৈ জাননী জাৰি কৰিছে (ECI notice to Tripura CM) ।
উল্লেখ্য যে, উপ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে ৰাজ্যখনৰ তিনিখন জিলাসহ ৪ টাকৈ সমষ্টিত নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈ আছে । এনে সময়তে শেহতীয়াকৈ উত্তৰ ত্ৰিপুৰা জিলা আৰু ধলাই জিলা ভ্ৰমণ কৰিছে মুখ্যমন্ত্ৰী ড৹ মানিক সাহাই । কিন্তু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এই ভ্ৰমণৰ সময়ত নিৰ্বাচনী প্ৰচাৰৰ লগতে চৰকাৰী কামৰ পৰ্যালোচনা কৰাৰ অভিযোগ উঠিছে । চিপিআইএমৰ নেতাগৰাকীয়ে অভিযোগ কৰা মতে, মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈ থকা স্থানত নিৰ্বাচনী প্ৰচাৰৰ লগতে চৰকাৰী কামৰ পৰ্যালোচনা কৰিছে ।
নিৰ্বাচন আয়োগৰ নীতি অনুসৰি, কোনো ৰাজ্যিক বা কেন্দ্ৰীয় মন্ত্ৰীয়ে নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈ থকা স্থানত ভ্ৰমণৰ সময়ত চৰকাৰী আৰু নিৰ্বাচনী কাম সম্পন্ন কৰিব নোৱাৰিব । আনহাতে তেওঁলোকে চৰকাৰী বাহন বাসগৃহৰ পৰা মুখ্য কাৰ্যালয়লৈ চৰকাৰী কামৰ বাবেহে ব্যৱহাৰ কৰিব পাৰিব । নিৰ্বাচনী প্ৰচাৰ বা দলীয় কাৰ্যালয়লৈ যাবলৈ ব্যৱহাৰ কৰিব নোৱাৰে ।
এইক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচন আয়োগৰ এই নিয়ম উলংঘনৰ অভিযোগ কৰিছে চিপিআইএমৰ নেতাগৰাকীয়ে । ইফালে নেতাগৰাকীৰ অভিযোগৰ পাছতে নিৰ্বাচন আয়োগে মুখ্যমন্ত্ৰীৰ পিপিএছ গৌতম চক্ৰৱৰ্তীৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ জাননী প্ৰেৰণ কৰিছে । পৰৱৰ্তী তিনি দিনৰ ভিতৰত জাননীৰ উত্তৰ দিবলৈও কোৱা হৈছে ।