ETV Bharat / bharat

২২ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়ত অৰ্ধছুটী ঘোষণা

author img

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 10:56 PM IST

Ram Lalla Pran Pratishtha: অহা ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠান । এই অনুষ্ঠানৰ লগত সংগতি দেশৰ কেন্দ্ৰীয় চৰকাৰৰ সকলো কাৰ্যালয়ত অৰ্ধছুটী ঘোষণা চৰকাৰৰ । কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে এই কথা ঘোষণা কৰে ।

Ram Lalla Pran Pratishtha
২২ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়ত অৰ্ধ ছুটী ঘোষণা

নেশ্যনেল ডেস্ক,১৮ জানুৱাৰী : ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰতি লক্ষ্য ৰাখি ২২ জানুৱাৰীত দেশৰ প্ৰতিটো চৰকাৰী কাৰ্যালয়ত অৰ্ধছুটী ঘোষণা কৰিছে । কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে ।

এই ঘোষণা অনুসৰি সমগ্ৰ ভাৰতৰ সকলো কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়, কেন্দ্ৰীয় প্ৰতিষ্ঠান আৰু কেন্দ্ৰীয় ঔদ্যোগিক প্ৰতিষ্ঠানসমূহ ২২ জানুৱাৰীৰ আবেলি ২:৩০ বজালৈ বন্ধ থাকিব ।

জীতেন্দ্ৰ সিঙে কৰা ঘোষণা অনুসৰি ২২ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়সমূহত অৰ্ধছুটী ঘোষণা কৰা হৈছে । ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰতি জনসাধাৰণৰ অভূতপূৰ্ব অনুভূতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে ।

কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগৰ এক স্মাৰকপত্ৰত উল্লেখ কৰা হৈছে যে অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা ২০২৪ চনৰ ২২ জানুৱাৰীত সমগ্ৰ ভাৰতত উদযাপন কৰা হ'ব । যাতে কৰ্মচাৰীসকলে উদযাপনত অংশগ্ৰহণ কৰিবলৈ সক্ষম হয় তাৰ বাবে ভাৰতৰ সকলো কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়, কেন্দ্ৰীয় প্ৰতিষ্ঠান আৰু কেন্দ্ৰীয় ঔদ্যোগিক প্ৰতিষ্ঠানত ২২ জানুৱাৰীত অৰ্ধছুটী ঘোষণা কৰা হৈছে ।

কেইখনমান ৰাজ্যই ইতিমধ্যে ২২ জানুৱাৰীত বিশাল অনুষ্ঠানটোৰ বাবে বন্ধ ঘোষণা কৰিছে । ৰাজ্যসমূহৰ ভিতৰত আছে উত্তৰ প্ৰদেশ, গোৱা, মধ্য প্ৰদেশ আৰু ছত্তীশগড় । হাৰিয়ানাইও ঘোষণা কৰিছে যে প্ৰাণ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি বিদ্যালয়সমূহ বন্ধ থাকিব ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ পূৰ্বে দেশৰ নাগৰিকসকলক দীপাৱালীৰ দৰে ২২ জানুৱাৰীৰ অভিষেক অনুষ্ঠান উদযাপন কৰিবলৈ আহ্বান জনাইছিল । তেওঁ ৰাম জন্মভূমিৰ অনুষ্ঠানলৈ যোৱাৰ পৰিৱৰ্তে সকলোকে তেওঁলোকৰ বাসগৃহতে থাকিবলৈ আহ্বান জনাইছিল । লগতে তেওঁ সকলোৰে ঘৰতে চাকি জ্বলোৱাৰো আহ্বান জনাইছিল ।

লগতে পঢ়ক :ৰাম মন্দিৰ স্মাৰক ডাক টিকট মুকলি প্ৰধানমন্ত্ৰী মোদীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.