ETV Bharat / bharat

ঘোষণা হ’ল CBSEৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল - CBSE result 2021

শুকুৰবাৰে ঘোষণা কৰা হ'ল কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ (Central Board of Secondary Education)ৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল । পৰিষদৰ অফিচিয়েল ৱেবছাইট 'cbseresults.nic.in', 'digilocker.gov.in' আৰু 'digilocker' এপৰ জৰিয়তে নিজৰ ফলাফল লাভ কৰিব ছাত্ৰ-ছাত্ৰীসকলে ।

CBSE announces Class 12 examination results
CBSEৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা
author img

By

Published : Jul 30, 2021, 6:52 PM IST

নেশ্য়নেল ডেস্ক, ৩০ জুলাই : ছাত্ৰ-ছাত্ৰীৰ উৎকণ্ঠাৰ অৱসান ঘটাই শুকুৰবাৰে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে (Central Board of Secondary Education) ঘোষণা কৰিলে দ্বাদশ শ্ৰেণীৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল । ক'ভিড-১৯ (COVID-19) মহামাৰীৰ সংক্ৰমণ অব্যাহত থকা বাবে চলিত বৰ্ষত দ্বাদশ শ্ৰেণীৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নাছিল পৰিষদে । কিন্তু এক বিশেষ মূল্যংকন পদ্ধতিৰে পৰীক্ষাৰ ফলাফল প্ৰস্তুত কৰাৰ সিদ্ধান্ত লয় কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে । সেই অনুসৰি শুকুৰবাৰে পৰিষদে দ্বাদশ শ্ৰেণীৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰে ।

পৰিষদৰ অফিচিয়েল ৱেবছাইট 'cbseresults.nic.in', 'digilocker.gov.in' আৰু 'digilocker' এপৰ জৰিয়তে নিজৰ ফলাফল লাভ কৰিব ছাত্ৰ-ছাত্ৰীয়ে । কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ (CBSC) মূল্যাংকন নীতি অনুসৰি, দশম, একাদশ পৰীক্ষাৰ ফলাফল আৰু দ্বাদশ শ্ৰেণীৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি দ্বাদশ শ্ৰেণীৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল নিৰ্ণয় কৰিবলৈ 30:30:40 পদ্ধতি গ্ৰহণ কৰে । ফলাফল নিৰ্ণয়ৰ বাবে পৰিষদে এখন ১৩ জনীয়া পেনেলও গঠন কৰিছিল ।

থিয়'ৰী পেপাৰ মূল্যাংকন সূত্ৰ(Theory paper evaluation formula)টো হৈছে যে, দশম শ্ৰেণীৰ গোট পৰীক্ষা, মিড টাৰ্ম আৰু প্ৰি-বৰ্ড পৰীক্ষাৰ ৩০ শতাংশ, একাদশ শ্ৰেণীৰ গোট পৰীক্ষা, মিড টাৰ্ম আৰু প্ৰি-বৰ্ড পৰীক্ষাৰ ৩০ শতাংশ আৰু দ্বাদশ শ্ৰেণীৰ গোট পৰীক্ষা, মিড টাৰ্ম আৰু প্ৰি-বৰ্ড পৰীক্ষাৰ ৪০ শতাংশ নম্বৰ লৈ চূড়ান্ত বৰ্ষৰ ফলাফল নিৰ্ণয় কৰা ।

আনহাতে, ৰাজস্থান, ঝাৰখণ্ড, অসম, পঞ্জাৱ আৰু মেঘালয়ৰ ৰাজ্যিক শিক্ষা পৰিষদৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলো শুকুৰবাৰে ঘোষণা কৰা হয় । এই ৰাজ্যসমূহৰ শিক্ষাৰ্থীসকলে সংশ্লিষ্ট ৰাজ্যৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে তেওঁলোকৰ ফলাফল লাভ কৰিব । ইয়াৰ পূৰ্বে, বুধবাৰে ন্যায়াধীশ এ এম খানউইলকাৰ(AM Khanwilkar) আৰু দীনেশ মহেশ্বৰীৰ বিচাৰপীঠে ক'ভিড-১৯ মহামাৰীসৃষ্ট পৰিস্থিতিত প্ৰাইভেট, পাত্ৰাচাৰ আৰু ছেকেণ্ড কম্পাৰ্টমেণ্টৰ শিক্ষাৰ্থীসকলৰ অফলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে গ্ৰহণ কৰা সিদ্ধান্তত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰে ।

লগতে ২২ জুনৰ আদেশৰ পুনৰ বিবেচনা বিচাৰি কৰিবলৈ দাখিল কৰা আবেদন খাৰিজ কৰে । ১৫ আগষ্টৰ পৰা ১৫ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া অফলাইন পৰীক্ষা সম্পৰ্কীয় সিদ্ধান্তৰ বিষয়ে পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাই আদালতত আবদন জনোৱা হৈছিল । বিচাৰপীঠে বুধবাৰে কয় যে, চি বি এছ ই আৰু আই চি এছ ইৰ এই আঁচনিত আদালতে হস্তক্ষেপ কৰাৰ প্ৰয়োজন নাই ।

লগতে পঢ়ক:মেট্ৰিকৰ ফলাফল : স্থান প্ৰাপক নোহোৱাকৈ ত্ৰিশ সহস্ৰাধিকে পালে ষ্টাৰ-ডিষ্টিংছন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.