ETV Bharat / bharat

CBI officials reached MLC Kavitha house : তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ কন্যা কে কবিতাৰ বাসগৃহত চিবিআইৰ দল - Delhi Liquor Scam Case

তেলেংগানাৰ বিধায়িকা তথা মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কে কবিতাৰ বাসগৃহত চিবিআইৰ দল (CBI officials reached MLC Kavitha house)। দিল্লীৰ সুৰা কেলেংকাৰী গোচৰৰ তদন্তৰ বাবে দলটো উপস্থিত হৈছে নেত্ৰীগৰাকীৰ বাসগৃহত । চিবিআইয়ে নেত্ৰীগৰাকীক সোধা-পোছা অব্যাহত ৰাখিছে ।

CBI officials reached MLC Kavitha house
কে কবিতাৰ বাসগৃহত চিবিআইৰ দল
author img

By

Published : Dec 11, 2022, 3:41 PM IST

নেশ্যনেল ডেস্ক,১১ ডিচেম্বৰ : দিল্লীৰ সুৰা কেলেংকাৰী গোচৰ সন্দৰ্ভত চিবিআইৰ তদন্ত অব্যাহত আছে (CBI investigating Delhi Liquor Scam Case)। এইবাৰ এই কেলেংকাৰীৰ সৈতে নাম সাঙোৰ খাইছে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা তথা বিধায়িকা কে কবিতাৰ নাম । তদন্তৰ খাতিৰত চিবিআইৰ দল উপস্থিত হৈছে কে কবিতাৰ হায়দৰাবাদৰ বাসগৃহত (CBI officials reached MLC Kavitha house)। দুটা দলত অহা চিবিআইৰ বিষয়াসকলে কবিতাৰ ভাষ্য কেৱল সাক্ষী হিচাপে গ্ৰহণ কৰিব । তেওঁৰ ভাষ্য চিআৰপিচি ১৬১ ৰ অধীনত লোৱা হ'ব । তদন্তৰ বাবে অহা চিবিআই দলটোত মহিলা বিষয়াও আছে । অনুসন্ধান সন্ধিয়ালৈকে অব্যাহত থকাৰ সম্ভাৱনা আছে (CBI interrogates BRS leader K Kavita)।

চিবিআইয়ে প্ৰথমে নেত্ৰীগৰাকীক গোচৰত জেৰাৰ বাবে ৬ তাৰিখৰ দিনটো বিচাৰিছিল । অৱশ্যে ইয়াৰ উত্তৰত বিধায়িকা কে কবিতাই কৈছিল যে তেওঁ ১১, ১২, ১৪ আৰু ১৫ তাৰিখেহে সময় দিব পাৰিব কিয়নো উক্ত দিন কেইটাত তেওঁৰ আন কাৰ্যসূচী নাই । ইয়াৰ পাছতে চিবিআইয়ে জনাইছিল যে তেওঁলোকে দেওবাৰে তদন্ত কৰিব আৰু নেত্ৰীগৰাকীও সন্মত হয় ।

ইয়াৰ পূৰ্বে শনিবাৰে কে কবিতাই প্ৰগতি ভৱনলৈ যায় আৰু মুখ্যমন্ত্ৰী তথা পিতৃ কে চি আৰক সাক্ষাৎ কৰে (MLC K Kavitha met CM KCR)। মুখ্যমন্ত্ৰীয়ে কেবিনেট বৈঠকৰ পাছতে কন্যা তথা বিধায়িতা কবিতাৰ সৈতে বাৰ্তালাপ কৰে । সূত্ৰৰ মতে মুখ্যমন্ত্ৰীয়ে কৈছে যে বিজেপিয়ে সমস্যা সৃষ্টি কৰিবলৈ যিমানেই চেষ্টা নকৰক তেওঁলোকে ইয়াক গুৰুত্ব দিব নালাগে । চিবিআই তদন্তও বিজেপিৰে ষড়যন্ত্ৰৰ অংশ বুলিও মুখ্যমন্ত্ৰীয়ে কয় ।

সূত্ৰই লগতে কৈছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে কন্যা তথা বিধায়িকা কবিতাক চিবিআইৰ সন্মুখত নিৰ্ভীকতাৰে উত্তৰ দিবলৈ পৰামৰ্শ দিছে । খবৰ অনুসৰি কবিতাই ইতিমধ্যে এই সন্দৰ্ভত কেইবাজনো আইন বিশেষজ্ঞৰ পৰামৰ্শ লৈছে । কবিতাই দলৰ নেতা আৰু কৰ্মীসকলক তেওঁৰ বাসগৃহলৈ নাহিবলৈও আহ্বান জনাইছে ।

ইফালে চিবিআইৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি হায়দৰাবাদৰ বানজাৰা হিল্চত থকা বিধায়িকাগৰাকীৰ বাসগৃহত, বিআৰএছ নেতাসকলে বিশাল পোষ্টাৰ, হৰ্ডিং আদি লগাইছে । 'যুঁজাৰুৰ কন্যা.. কেতিয়াও ভয় নকৰিবা' এই ধৰণৰ শ্ল'গান লিখা আছে পোষ্টাৰবোৰত । চিবিআইৰ তদন্তৰ পৰিপ্ৰেক্ষিতত, কবিতাৰ বাসগৃহলৈ যোৱাৰ পথত এক আৰক্ষী চকীও স্থাপন কৰা হৈছে ।

লগতে পঢ়ক :Chandrakant Patil controversy: ক্ষোভিত জনতাই চিয়াঁহী ঢালিলে মন্ত্ৰীৰ মুখত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.