ETV Bharat / bharat

PAK drone shot down: পাকিস্তান সীমান্তত বি এছ এফৰ গুলীত ভূ-পতিত পাকিস্তানী ড্ৰোণ; হেৰ’ইন জব্দ - হেৰ’ইনৰ চালান

পঞ্জাবৰ ভাৰত-পাক সীমান্তত দুখনকৈ ড্ৰোণৰ পৰা হেৰ’ইন জব্দ কৰে বি এছ এফে ৷ এখন ড্ৰোণ গুলীয়াই ভূ-পতিত কৰে সুৰক্ষা বাহিনীটোৰ জোৱানে (BSF shot down a drone at Border) ৷

PAK drone shot down
BSF shot down a drone at Border
author img

By

Published : May 28, 2023, 2:19 PM IST

নিউজ ডেস্ক, 28 মে’: পঞ্জাৱৰ অমৃতসৰত পাকিস্তানী সৰবৰাহকাৰীৰ দুটাকৈ প্ৰচেষ্টা বিফল কৰিবলৈ সক্ষম হৈছে সীমান্ত সুৰক্ষা বাহিনী । অমৃতসৰ খণ্ডৰ দুটা স্থানত পাকিস্তানৰ ফালৰ পৰা ড্ৰ’নযোগে প্ৰেৰণ কৰা হেৰ’ইনৰ চালান উদ্ধাৰ কৰিছে বি এছ এফৰ জোৱানে । আনহাতে, ড্ৰ’নখন অৱতৰণ কৰাই এটা ভাৰতীয় সৰবৰাহকাৰীকো ধৰিবলৈ সফল হৈছে ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনী (BSF gunned down drone at Border)।

গভীৰ নিশা ড্ৰ’ন উৰাৰ শুনা গ’ল : বি এছ এফৰ মতে, 22 নং বেটেলিয়নৰ জোৱানসকলে নিশা আত্তাৰীৰ সীমান্তৰ অতি ওচৰৰ পুল মৰাণত টহল দি আছিল । ইফালে ৰাতিপুৱা প্ৰায় 9.35 বজাত ড্ৰ’নৰ শব্দ শুনা যায় । লগে লগে ড্ৰোণ খনলৈ লক্ষ্য কৰি জোৱানসকলে গুলী চলাবলৈ ধৰে । মিনিটৰ ভিতৰতে ড্ৰ’নৰ শব্দ বন্ধ হৈ যায় । সময় নষ্ট নকৰাকৈ জোৱানসকলে সেই অঞ্চলটো ছীল কৰি ড্ৰোণখনৰ সন্ধান চলায় । DJI Matris RTK 300 ড্ৰোনখন পথাৰত জব্দ কৰা হৈছিল যদিও তাত কোনো হেৰ’ইন চালান সংলগ্ন কৰা হোৱা নাছিল । জোৱানসকলে ৰাতি চাৰিওফালৰ অঞ্চলত তালাচী চলাবলৈ ধৰে (BSF shot down Pak drone at Amritsar) ।

লগতে পঢ়ক: Eyes disappeared from body: চিকিৎসালয়ৰ মৰ্গৰ পৰা নোহোৱা হ’ল মৃতদেহৰ চকু আৰু গালৰ মাংস

চালানটো লৈ পলাই আহিছিল চোৰাংচোৱা : বি এছ এফৰ বিষয়াসকলে জনোৱা মতে, তেওঁলোকে এজন ব্যক্তিক দেখা পাইছিল । জোৱানসকলে খেদি খেদি লোকজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । তেওঁৰ হাতত হেৰ’ইনৰ চালান আছিল, যিটো ড্ৰ’নৰ সৈতে আহিছিল । ততাতৈয়াকৈ জোৱাসকলে গ্ৰেপ্তাৰ কৰে অভিযুক্ত সৰবৰাহকাৰীজনক । আনহাতে যেতিয়া চালানটো পৰীক্ষা কৰা হৈছিল তেতিয়া ইয়াৰ মুঠ ওজন আছিল 3.5 কিলোগ্ৰাম পোৱা গৈছিল । বি এছ এফৰ বিষয়াসকলে সৰবৰাহকাৰীক জেৰা আৰম্ভ কৰিছে (Drugs supplier drone shot down)।

অমৃতসৰ খণ্ডৰ পৰা 2.2 কেজি অধিক হেৰ’ইন জব্দ : অমৃতসৰ খণ্ডৰ পৰা আন এটা চালান উদ্ধাৰ হোৱা বুলি বি এছ এফৰ বিষয়াসকলে জানিবলৈ দিয়ে । আগতেও ড্ৰ’নখন ভাৰতৰ সীমালৈ আহিছিল । ড্ৰ’নখন কোনো ক্ষতি নোহোৱাকৈ উভতি যাবলৈ সক্ষম হয় যদিও অনুসন্ধানৰ সময়ত নিৰাপত্তৰক্ষীয়ে ড্ৰ’নখনে পেলাই থৈ যোৱা 2.2 কেজি হেৰ’ইনৰ চালান উদ্ধাৰ কৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.