ETV Bharat / bharat

পাকিস্তানী অনুপ্ৰৱেশকাৰীক গুলীয়াই হত্যা

বিএচএফ ৰ গুলীত নিহত পাকিস্তানী অনুপ্ৰৱেশকাৰী ৷ পঞ্জাৱৰ তৰ্ণ তৰন জিলাৰ কাষৰ আন্তঃৰাষ্ট্ৰীয় সীমাত বিএচএফ সৈন্যই এজন পাকিস্তানী অনুপ্ৰৱেশকাৰীক গুলীয়াই হত্যা কৰে ৷ নিহত অনুপ্ৰৱেশকাৰী জনৰ পৰা হেৰ’ইনৰ পেকেট, এটা বন্দুক, ছয় জাঁই গুলী আৰু দুটা মোবাইল ফোন উদ্ধাৰ ৷

Pakistani intruder shot dead by the Border Security Force

author img

By

Published : Feb 13, 2021, 10:05 PM IST

নেচনেল ডেস্ক, 13 ফেব্ৰুৱাৰী: পঞ্জাৱৰ তৰ্ণ তৰন জিলাৰ কাষৰ আন্তঃৰাষ্ট্ৰীয় সীমাত বিএচএফৰ সৈন্যই এজন পাকিস্তানী অনুপ্ৰৱেশকাৰীক গুলীয়াই হত্যা কৰে ৷ শনিবাৰে সেনাৰ এগৰাকী বিষয়াই এই কথা সদৰী কৰে ৷

প্ৰাপ্ত তথ্য অনুসৰি বিএচএফৰ সৈন্যই সীমান্ত অঞ্চলৰ কাটা তাঁৰৰ কাষত শনিবাৰে পুৱতি নিশা প্ৰায় 2:30 ত কিছু সন্দেহজনক কাৰ্যকলাপ প্ৰত্যক্ষ কৰে ৷ এই দৃশ্য প্ৰত্যক্ষ কৰি বিপদৰ আশংকা কৰি গুলীচালনা কৰে বিএচএফে ৷ শনিবাৰে ৰাতিপুৱা অঞ্চলটোত এক সন্ধান অভিযান চলাই বিএচএফৰ সৈন্যই পাকিস্তানী অনুপ্ৰৱেশকাৰী জনক উদ্ধাৰ কৰে ৷

বিভাগীয় বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে, অনুপ্ৰৱেশকাৰী জনৰ মৃত শৰীৰটোৰ কাষৰ পৰা হেৰ’ইনৰ পেকেটৰ লগতে, এটা বন্দুক, ছয় জাঁই গুলী আৰু দুটা মোবাইল ফোন উদ্ধাৰ কৰা হয় ৷

লগতে পঢ়ক: জম্মু-কাশ্মীৰ আৰক্ষীৰ হাতত আটক পিডিপিৰ সভাপতি মেহবুবা মুফতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.