নেশ্যনেল ডেস্ক,৩ মাৰ্চ: মঙলবাৰে নিশা ৰাজস্থানৰ জয়ছালমেৰস্থিত পোখৰাণ ফায়াৰিং ৰেঞ্জত হোৱা বিস্ফোৰণত মৃত্যুক আঁকোৱালি ল'লে সতীশ কুমাৰ নামৰ এগৰাকী বিএছএফ জোৱানৰ । সতীশ কুমাৰ গুজৰাটৰ ভোজৰ ১০৭৭ বেটেলিয়নৰ জোৱান আৰু পোখৰাণ ফায়াৰিং ৰেঞ্জত অনুশীলন কৰিবলৈ আহিছিল । মৃত জোৱানজনৰ ঘৰ উত্তৰ প্ৰদেশৰ আগ্ৰাত ।
মঙলবাৰে নিশা, অনুশীলন কৰাৰ সময়তে এই অঘটন সংঘটিত হয় । লক্ষ্য স্থিৰ কৰাৰ আগতেই দুৰ্ভাগ্যবশতঃ ১০৫ মিলিমিটাৰৰ এটা গুলী বিস্ফোৰিত হয় আৰু সতীশ কুমাৰ নামৰ বিএছএফ জোৱানজন নিহত হয় । লগতে আন দুজন জোৱান আহত হয় । আহত জোৱান দুজনক চিকিৎসাৰ বাবে যোধপুৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । মৃত জোৱানজনৰ মৃতদেহ বৰ্তমান পোখৰাণ ৰাজ্যিক চিকিৎসালয়তে ৰখা হৈছে ।
মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছত বিএছএফৰ বিষয়াসকলক মৃতদেহ হস্তান্তৰ কৰা হ'ব । এসপ্তাহৰ ভিতৰত পোখৰাণ ফায়াৰিং ৰেঞ্জত দ্বিতীয়বাৰৰ বাবে এনে অঘটন সংঘটিত হৈছে । ইয়াৰ পূৰ্বেও অনুশীলনৰ সময়ত আন এজন জোৱানে প্ৰাণ হেৰুৱাইছিল ।
লগতে পঢ়ক: চিচি টিভি স্থাপনঃ কেন্দ্ৰক ভৎসৰ্ণা উচ্চতম ন্যায়ালয়ৰ