ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে তিনিচুকীয়াত আছুৰ প্ৰতিবাদ: যোগান মন্ত্ৰীৰ পুত্তলিকা দাহ - AASU PROTEST IN TINSUKIA

আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে তিনিচুকীয়া জিলাত ১২ খন আঞ্চলিক ছাত্ৰ সন্থাই দাহ কৰে যোগান মন্ত্ৰীৰ পুত্তলিকা ৷

AASU protest in Tinsukia
মূল্যবৃদ্ধিৰ বিৰুদ্ধে তিনিচুকীয়াত আছুৰ প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 12, 2024, 4:31 PM IST

তিনিচুকীয়া : “এতিয়া বজাৰত চাউল, আলু, পিঁয়াজ, মিঠাতেল, ঔষধ সকলোৰে দাম বাঢ়িছে । দাম নিৰ্ণয় কৰাত ব্যৰ্থ হৈছে যোগান বিভাগ । আচলতে যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাস এজন কাম নাইকিয়া মন্ত্ৰী । এইজনাই গোটেই বজাৰখন গতাই দিছে ক’লা ব্যৱসায়ীক । গোটেই বজাৰখন নিয়ন্ত্ৰণ কৰে ক’লা ব্যৱসায়ীয়ে । ২০২৬ চনৰ নিৰ্বাচনত যাতে মোটা অংকৰ ধন ল’ব পাৰে তাৰ বাবে এই গোটেই প্ৰক্ৰিয়াটো কৰিছে ।” -এই মন্তব্য সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰতীম নেওগৰ ।

মঙলবাৰে তিনিচুকীয়া জিলাৰ ১২ খন আঞ্চলিক ছাত্ৰ সন্থাই নিজা নিজা অঞ্চলত শীঘ্ৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ বাবে যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে তিনিচুকীয়াত আছুৰ প্ৰতিবাদ (ETV Bharat Assam)

নিত্য ব্যৱহাৰ্য সামগ্ৰী, ঔষধ আৰু ইন্ধনজাত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আছু । ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক । অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে হাহাকাৰ লগাইছে ৰাজ্যবাসীক ।

মঙলবাৰে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি তিনিচুকীয়া জিলাখনৰ ক্ৰমে তিনিচুকীয়া, পানীতোলা, মাকুম, ডুমডুমা, ফিল’বাৰী, কাকপথাৰ, তালাপ, ছৈখোৱা, শদিয়া, ডিগবৈ, মাৰ্ঘেৰিটা, বৰডুমচা-পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।

প্ৰতিবাদৰ সময়ত মূল্যবৃদ্ধি ৰোধ কৰক, যোগান বিভাগ হায় হায়, বিজেপি কাম নাই, হিমন্ত বিশ্ব শৰ্মা লেইলেই-চেইচেই, ৰণজিৎ কুমাৰ দাস মুৰ্দাবাদ আদি বিভিন্ন শ্ল’গানেৰে উত্তাল পৰিবেশৰ সৃষ্টি হয় । সমান্তৰালভাৱে কিছু কিছু ঠাইত পুত্তলিকা দাহ কৰাৰ সময়ত আৰক্ষীৰ স’তে প্ৰতিবাদকাৰীসকলৰ হতাহতিৰ দৰে পৰিস্থিতিৰো সৃষ্টি হয় ।

ডুমডুমাত ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই সাব্যস্ত কৰা প্ৰতিবাদত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰতীম নেওগ উপস্থিত থাকি কয়, “মুখ্যমন্ত্ৰীগৰাকীয়ে, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে, বিজেপিয়ে মানুহৰ ঘৰত গৈ এবাৰ খবৰ কৰক এই সময়ত হোৱা মূল্যবৃদ্ধিৰ বাবে কেনেদৰে চলিব পাৰিছে তেওঁলোকে । খবৰ কৰক কেনেকৈ চলিছে ৷ গতিকে আজিৰ এই প্ৰতিবাদৰ জৰিয়তে বিজেপি চৰকাৰক সকীয়াই দিছো, যদিহে অতি সোনকালে ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস নকৰে তেন্তে ২০২৬ চনত যে জনতাই বেলট বক্সত ইয়াৰ প্ৰত্যুত্তৰ দিব সেয়া নিশ্চিত ।”

লগতে পঢ়ক :প্ৰশিক্ষণপ্ৰাপ্ত শ্ৰমিক হয়ো পানীত হাঁহ নচৰা হৈছে 8904 জন জলমিত্ৰৰ
লগতে পঢ়ক :খিলঞ্জীয়া ভূমিপুত্ৰৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাটো দুৰ্ভাগ্যজনক: চুতীয়া ছাত্র সন্থা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.