ETV Bharat / bharat

কাজিৰঙাত বিএছএফ আৰু বিজিবিৰ দল

author img

By

Published : Dec 24, 2020, 7:33 PM IST

51 সংখ্যক মহানিৰ্দেশক সন্মিলনৰ বাবে অসমত উপস্থিত হোৱা চুবুৰীয়া বাংলাদেশৰ বিজিবি আৰু আমাৰ দেশৰ বিএছএফৰ প্ৰতিনিধি দলটোক অসম আৰক্ষীয়ে উষ্ম আদৰণি জনায় ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰাস্থিত আৰক্ষী বিষয়া মেছত দুয়োটা বাহিনীৰে প্ৰতিনিধিবৰ্গক অসম চৰকাৰৰ হৈ আদৰণি জনায় অসম আৰক্ষীয়ে ৷

বিএছএফ আৰু বিজিবিৰ প্ৰতিনিধি বৰ্গক আদৰণি অসম আৰক্ষীৰ

গুৱাহাটী, 24 ডিচেম্বৰ : ভাৰতৰ অন্যতম সীমান্ত নিৰাপত্তা সংস্থা সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফ আৰু চুবুৰীয়া বাংলাদেশৰ বৰ্ডাৰ গাৰ্ডছ বাংলাদেশৰ মাজত বিগত 22 ডিচেম্বৰৰ পৰা গুৱাহাটীত চলি আছে 51 সংখ্যক মহানিৰ্দেশক সন্মিলন ৷ ভাৰত আৰু বাংলাদেশৰ দুয়োটা সীমান্তৰক্ষী বাহিনীৰ এয়া হৈছে নতুন দিল্লীৰ পৰা বাহিৰত অনুষ্ঠিত প্ৰথম অৰ্ধবাৰ্ষিক সন্মিলন, য'ত দুয়োখন দেশৰ সীমান্তৱৰ্তী অঞ্চলত বাস কৰা লোকসকলৰ লগতে সীমা ব্যৱস্থাপনাৰ ওপৰত বহুলভাৱে আলোচনাত মিলিত হ'ব দুয়োটা প্ৰতিনিধি দল ৷

বিএছএফ আৰু বিজিবিৰ মহানিৰ্দেশকৰ সৈতে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান

22 ডিচেম্বৰত গুৱাহাটীস্থিত বিএছএফৰ ক্ষেত্ৰীয় কাৰ্যালয়ত উপস্থিত হোৱা বিজিবিৰ দলটোক বিএছএফে গাৰ্ড অৱ অনাৰ প্ৰদান কৰে ৷ অসম চৰকাৰৰ হৈ দুয়োটা প্ৰতিনিধি দলক অসম আৰক্ষীয়ে আদৰণি জনায় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰাস্থিত অসম আৰক্ষী বিষয়া মেছত ৷ আজি দিনৰ ভাগত অসম আৰক্ষীৰ সৈতে দুয়োটা প্ৰতিনিধি দলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰে ৷ অনুষ্ঠানত বিজিবিৰ মহানিৰ্দেশক, বিএছএফৰ মহানিৰ্দেশক, অসম চৰকাৰৰ মুখ্য সচিব আৰু অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ লগতে বহুকেইগৰাকী উচ্চ পৰ্যায়ৰ প্ৰতিনিধি উপস্থিত থাকে ৷

অসম চৰকাৰৰ হৈ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই দুয়োটা প্ৰতিনিধি দলকে সম্বোধন কৰাৰ লগতে উমৈহতীয়াভাৱে সীমান্ত নিৰাপত্তাৰ দিশত আলোচনা কৰে ৷ বিজিবিৰ মহানিৰ্দেশক মেজৰ জেনেৰেল শ্বাফিনুল ইছলামে অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৌন্দৰ্য উপভোগ কৰি আনন্দিত হোৱা বুলি জনায় ৷ বিজিবিৰ মহানিৰ্দেশকগৰাকীয়ে পৰৱৰ্তী সময়ত অসম আৰক্ষী তথা বিএছএফৰ সৈতে সীমান্ত ব্যৱস্থাপনাত একেলগে কাম কৰি যাবলৈ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

বিএছএফ আৰু বিজিবিৰ সন্মিলনৰ মাজত বিহু পৰিৱেশন কৰা দলটো

বিএছএফৰ মহানিৰ্দেশক ৰাকেশ আস্থানা (আইপিএছ)ই নতুন দিল্লীৰ পৰা আঁতৰত অসমত এই সন্মিলন অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়াৰ বাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ৷ অসমে বাংলাদেশৰ সৈতে এক বৃহৎ সীমান্ত শ্বেয়াৰ কৰে ৷ এইক্ষেত্ৰত সীমান্তৰ নিৰীক্ষণ তথা ব্যৱস্থাপনাৰ বাবে অসম আৰক্ষীৰ সহায় নিতান্তই প্ৰয়োজনীয় বুলি কয় ৰাকেশ আস্থানাই ৷ অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই দুয়োখন দেশৰ ঐতিহাসিক আৰু সাংস্কৃতিক দিশত আলোকপাত কৰাৰ লগতে দুয়োটা বাহিনীৰ সহযোগত দুয়োখন দেশৰ সম্পৰ্ক অধিক উন্নত হ'ব বুলি মন্তব্য কৰে ৷ বিএছএফৰ অতিৰিক্ত মহানিৰ্দেশক পংকজ কুমাৰ সিঙে এই আলোচনাৰ পৰা দুয়োখন দেশেই লাভাম্বিত হ'ব বুলি মন্তব্য কৰাৰ লগতে দুয়োটা বাহিনীৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক অধিক উন্নত হৈ পৰিব বুলি কয় ৷

কহৰাস্থিত অসম আৰক্ষী বিষয়া মেছত বিজিবি আৰু বিএছএফৰ প্ৰতিনিধি

দুয়োটা প্ৰতিনিধি দল আৰু অসমৰ অসামৰিক প্ৰশাসনৰ দলটোৰ লগতে অসম আৰক্ষীয়ে উমৈহতীয়া সীমান্ত ব্যৱস্থাপনা বিষয়সমূহৰ ক্ষেত্ৰত একেলগে কাম কৰি যাবলৈ প্ৰতিজ্ঞাবদ্ধ হয় ৷ আলোচনাৰ অন্তত এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় ৷ এই অনুষ্ঠানত অসমৰ বিহুকে ধৰি ঝুমুৰ আৰু অসমীয়া, বাংলা আৰু হিন্দী গীত পৰিৱেশন কৰা হয় ৷

লগতে পঢ়ক : গুৱাহাটীত বিএছএফ আৰু বিজিবিৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.