ETV Bharat / bharat

কেবিনেট পদমৰ্যদা প্ৰত্যাখান য়েদিয়ুৰাপ্পাৰ - কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পা

কেবিনেট মন্ত্ৰীৰ পদমৰ্যদা প্ৰত্যাখান কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পাৰ(BS Yediyurappa) ৷ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক কেবিনেট মন্ত্ৰীৰ মৰ্যদা দিয়াৰ বাবে মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাইয়ে প্ৰদান কৰা নিৰ্দেশ অগ্ৰাহ্য কৰিছে য়েদিয়ুৰাপ্পাই ৷

BS Yediyurappa declines Cabinet rank status granted by CM Bommai
কেবিনেট পদমৰ্যদা প্ৰত্যাখান য়েদিয়ুৰাপ্পাৰ
author img

By

Published : Aug 9, 2021, 2:06 PM IST

নেশ্যনেল ডেস্ক, 9 আগষ্ট: কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পাই(BS Yediyurappa) তেওঁক কেবিনেট মন্ত্ৰীৰ মৰ্যদা প্ৰদান কৰাৰ আদেশ প্ৰত্যাহাৰ কৰাৰ আহ্বান জনাইছে ৷ দেওবাৰে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজনে মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাইক(Basavaraj Bommai) তেওঁক কেবিনেট মন্ত্ৰীপদৰ মৰ্যদা প্ৰদানৰ বাবে দিয়া আদেশ প্ৰত্যাহাৰৰ আহ্বান জনায় ৷

এক পত্ৰযোগে বোম্মাইক তেওঁ এই আদেশ প্ৰত্যাহাৰ কৰাৰ আহ্বান জনায় ৷ পত্ৰখনত য়েদিয়ুৰাপ্পাই উল্লেখ কৰে যে, "মই আপোনাক অনুৰোধ জনাইছো যে, মোক কেৱল সেই সুবিধাবোৰ হে প্ৰদান কৰক যিবোৰ তাৎক্ষণিকভাৱে এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীক দিয়া হয় আৰু মোক কেবিনেট পদবীৰ মৰ্যদা প্ৰদান কৰা আদেশটো প্ৰত্যাহাৰ কৰক" ৷

এই সন্দৰ্ভত কৰ্মচাৰী আৰু প্ৰশাসনিক সংস্কাৰ বিভাগৰ (Department of Personnel and Administrative Reforms) প্ৰট'কল শাখাৰ পৰা এক আনুষ্ঠানিক জাননী জাৰি কৰা হৈছে ৷ জাননীখনত উল্লেখ থকা অনুসৰি, মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই পদবীত নথকা পৰ্যন্ত এই নিৰ্দেশ প্ৰযোজ্য হ'ব ৷

শনিবাৰে মুখ্যমন্ত্ৰী বোম্মাইয়ে বিগত 26 জুলাইত পদত্যাগ কৰা য়েদিয়ুৰাপ্পাক কেবিনেট মন্ত্ৰীৰ পদবীৰ দৰে সুবিধা দিয়াৰ নিৰ্দেশ দিছিল ৷ পদত্যাগৰ এদিন পাচত, য়েদিয়ুৰাপ্পাই বিজেপিৰ বিধায়িনী দলৰ বৈঠকৰ নেতা হিচাপে বোম্মাইৰ নাম প্ৰস্তাৱ কৰিছিল ৷ এই প্ৰস্তাৱক সকলোৱে গ্ৰহণ কৰাৰ পাচত ২৮ জুলাইত বোম্মাইয়ে কৰ্ণাটকৰ ২৩ তম মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল ৷

উল্লেখ্য যে, বৰ্তমান চিকাৰীপুৰা বিধানসভা সমষ্টিৰ(Shikaripura assembly constituency) বিধায়ক হোৱাৰ বাহিৰে য়েদিয়ুৰাপ্পা আন কোনো চৰকাৰী পদত অধিষ্ঠিত নহয় ৷ চৰকাৰী সূত্ৰ অনুসৰি, দৰমহাৰ বাহিৰেও কেবিনেট মন্ত্ৰী এগৰাকী বাহন, চৰকাৰী বাসস্থান আৰু অন্যান্যৰ বাবে কিছুমান বিশেষ ভাট্টা আৰু সুবিধাৰ অধিকাৰী ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ পদ ত্যাগ নকৰে য়েদিয়ুৰাপ্পাই

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.