ETV Bharat / bharat

Boys misbehave with Japanese girl: দিল্লীত হোলীৰ সুযোগ লৈ জাপানীজ যুৱতীক দুৰ্ব্যৱহাৰ - দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

ৰাজধানী চহৰ দিল্লীত ফাকুৱা সনাৰ নামত এগৰাকী জাপানীজ যুৱতীৰ লগত দুৰ্ব্যৱহাৰৰ ঘটনা পোহৰলৈ আহিছে ৷ সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চা লাভ কৰিছে ভিডিঅ’টোৱে (Holi viral video) ৷

Boys misbehave with Japanese girl
দিল্লীত হোলীৰ সুযোগ লৈ জাপানীজ যুৱতীক দুৰ্ব্যৱহাৰ
author img

By

Published : Mar 11, 2023, 8:25 PM IST

নেশ্যনেল ডেস্ক, 11 মাৰ্চ: উৎসৱ পালনৰ নামত একাংশই বিকৃত কৰিছে নেকি সংস্কৃতি? এইবাৰ ৰাজধানী চহৰ দিল্লীত সংঘটিত হৈছে জঘন্য ঘটনা ৷ ফাকুৱা সনাৰ নামত এগৰাকী জাপানীজ যুৱতীৰ লগত দুৰ্ব্যৱহাৰ কৰি ভিডিঅ’ ভাইৰেল কৰিলে এটা যুৱকৰ দলে (Boys misbehave with japanese girl) ৷ সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চা লাভ কৰিছে ভিডিঅ’টোৱে (Holi viral video) ৷

ভাইৰেল ভিডিঅ’টোত এগৰাকী জাপানীজ যুৱতীক ৰাজপথতে এটা যুৱকৰ দলে আগুৰি ধৰি হোলী সানে ৷ যুৱতীগৰাকীয়ে বাৰে বাৰে হোলী নাসানিবলৈ প্ৰতিবাদ কৰাৰ পিচতো যুৱকৰ দলটোৱে নিৰন্তৰে ৰং সানি আছিল যুৱতীগৰাকীক (misbehave with japanese girl) ৷ কেৱল ৰং সনাই নহয় এই সমগ্ৰ দৃশ্য ফোনৰ কেমেৰাত বন্দী কৰিছিল যুৱকৰ দলটোৱে ৷ ভিডিঅ’টো সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ লগে লগে দিল্লী আৰক্ষীয়ে সমগ্ৰ ঘটনাটো নিৰীক্ষণ কৰে ৷

আৰক্ষীয়ে ভিডিঅ’টোৰ ভিত্তিত তিনি যুৱকক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে ৷ অৱশ্যে ঘটনা সন্দৰ্ভত এতিয়ালৈকে কোনো লিখিত অভিযোগ দাখিল কৰা হোৱা নাই । আৰক্ষী বিষয়াই জনোৱা অনুসৰি যদি জাপানীজ যুৱতীগৰাকীয়ে অভিযোগ দাখিল কৰে তেন্তে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব । ইয়াৰ বাহিৰেও, যদি মহিলা আয়োগ বা আন কোনো প্ৰতিষ্ঠানৰ দ্বাৰাও অভিযোগ দাখিল কৰা হয়, তেন্তে অভিযুক্তৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব ।

জাপানীজ যুৱতীগৰাকীয়ে কিছু কামৰ বাবে নতুন দিল্লীৰ এটা অঞ্চললৈ গৈ আছিল তেতিয়াই যুৱকৰ এটা দলে বলপূৰ্বকভাৱে যুৱতীগৰাকীক ফাকুৱা সানিছিল ৷ এজন ল’ৰায়ে যুৱতীগৰাকীৰ মূৰত কণী ভাঙি দিছিল ৷ একে সময়তে, দুই তিনিজন যুৱকে যুৱতীগৰাকীক বলপূৰ্বকভাৱে ধৰি লৈ ফাকুৱা সানিছিল । যুৱতীগৰাকীয়ে যুৱকৰ দলটোৰ পৰা পলায়ন কৰিবলৈ আৰম্ভ কৰোতেই এজন যুৱকে পুনৰ তেওঁৰ ওচৰলৈ আহি হেপ্পী হোলী বুলি ৰং সানিবলৈ লওঁতেই যুৱতীগৰাকীয়ে চৰ সোধায় ৷ অৱশ্যে, এই সময়ছোৱাত দুজন যুৱকে যুৱতীগৰাকীক যুৱকৰ দলটোৰ পৰা ৰক্ষা কৰাও পৰিলক্ষিত হৈছিল ৷

চলিত বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস উপলক্ষে আয়োজিত এক অনুষ্ঠানত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে (CM Arvind Kejriwal) ভাষণত কয় যে আপুনি যিয়েই নকৰক কিয়, আজিৰ সময়ত মহিলাসকল ৰাজপথত সুৰক্ষিত নহয় । আমি মহিলাসকলক সুৰক্ষা দিব নালাগে কিন্তু তেওঁলোকক সুৰক্ষিত অনুভৱ কৰাব লাগিব ।

লগতে পঢ়ক: First Victim of H3N2 : কৰ্ণাটকত মৃত্যু দেশৰ প্ৰথমগৰাকী H3N2 আক্ৰান্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.