ETV Bharat / bharat

Manipur violence : মণিপুৰৰ মন্ত্ৰীৰ বাসগৃহৰ সন্মুখত বোমা বিস্ফোৰণ, সাধাৰণ নাগৰিকসহ ২ গৰাকী আহত - Blast at Manipur minister residence

মণিপুৰৰ পঞ্চায়ত আৰু গ্ৰমোন্নয়ন মন্ত্ৰী ৱাই খেমচান্দ সিঙৰ বাসগৃহৰ সন্মুখত বোমা বিস্ফোৰণ । বাইকত অহা দুৰ্বৃত্তই নিক্ষেপ কৰিছিল বোমাটো । এগৰাকী জোৱানসহ দুগৰাকী লোক আহত । ঘটনাক লৈ উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰীৰ ।

Manipur violence
মণিপুৰৰ মন্ত্ৰীৰ বাসগৃহৰ সন্মুখত বোমা বিস্ফোৰণ
author img

By ANI

Published : Oct 8, 2023, 12:54 PM IST

Updated : Oct 8, 2023, 1:52 PM IST

নেশ্যনেল ডেস্ক,৮ অক্টোবৰ : মণিপুৰত পুনৰ দুৰ্বৃত্তৰ লক্ষ্য ৰাজনৈতিক নেতা । আৰক্ষীয়ে জনোৱা মতে শনিবাৰে নিশা ৰাজ্যখনৰ য়ুমনাম লেইকাইত মণিপুৰৰ মন্ত্ৰী ৱাই খেমচান্দৰ বাসগৃহৰ সন্মুখত বোমা বিস্ফোৰণ । মন্ত্ৰীগৰাকীৰ বাসগৃহৰ সন্মুখৰ গেটতে এই বোমা বিস্ফোৰণৰ ঘটনা । বোমা বিস্ফোৰণৰ ফলত এগৰাকী সাধাৰণ নাগৰিক আৰু এগৰাকী চিআৰপিএফ জোৱান সামান্য আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে ।

এই বোমা বিস্ফোৰণৰ পাছতে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ঘটনাস্থলীত উপস্থিত হয় । আৰক্ষীয়ে কোৱা মতে কোনো অজ্ঞাত লোকে বোমাটো নিক্ষেপ কৰিছিল । ইফালে দুৰ্বত্তটো এখন দুচকীয়া বাহনত আহিছিল । আৰক্ষীয়ে এই বিস্ফোৰণ সন্দৰ্ভত এক তদন্ত আৰম্ভ কৰিছে । ৰাজ্যখনৰ মন্ত্ৰীসকলৰ বাসগৃহৰ ওচৰত নিৰাপত্তা ব্যৱস্থাও বৃদ্ধি কৰা হৈছে ।

মণিপুৰৰ পঞ্চায়ত আৰু গ্ৰমোন্নয়ন মন্ত্ৰী ৱাই খেমচান্দ সিং । শনিবাৰে নিশা প্ৰায় ৯.৪৫ মান বজাত মন্ত্ৰীগৰাকীৰ বাসগৃহৰ মুখ্য গেটত এই বিস্ফোৰণ হয় । য'ত এগৰাকী সাধাৰণ নাগৰিক আৰু এগৰাকী চিআৰপিএফ জোৱান নিযুক্ত আছিল ।

বিস্ফোৰণৰ ফলত আহত হৈছে এগৰাকী ৱাই নেতাৰ কন্যা ২৫ বছৰীয়া পূৰ্ণেশা য়ুমনাম আৰু এফ-৩০ চিআৰপিএফ বেটেলিয়নৰ উপ-পৰিদৰ্শক দীনেশ চন্দ্ৰ দাস । পূৰ্ণেশাই বাওঁ ভৰিত স্প্লিণ্টাৰৰ দ্বাৰা আঘাত পাইছে আনহাতে দাসেও তেওঁৰ সোঁ হাতত স্প্লিণ্টাৰৰ দ্বাৰা আঘাতপ্ৰাপ্ত হৈছে । আৰক্ষীৰ সূত্ৰৰ মতে দুই দুৰ্বত্তই বাইকত আহিছিল । প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে দুৰ্বৃত্ত কেইজনে কাপোৰেৰে মুখ ঢাকি আহিছিল আৰু হেলমেট পৰিধান কৰি আহিছিল ।

দুৰ্বৃত্তই বোমাটো দলিয়াইছিল যদিও গেটৰ পৰা প্ৰায় ১৫ মিটাৰ দূৰত থকা এটা বৈদ্যুতিক পোষ্টত খুন্দা মাৰে আৰু বিস্ফোৰণ হয় । বিস্ফোৰণৰ পাছতে ইম্ফল আৰক্ষী থানা আৰু চিংজামেই আৰক্ষী থানাৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় । আইজি থেমথিং নগাচাংভাও ঘটনাস্থলীত উপস্থিত হয় । ঘটনাস্থলীত উপস্থিত হৈ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে এই ঘটনাক গৰিহণা দিয়ে । ইফালে মন্ত্ৰী ৱাই খেমচান্দে কোৱা মতে তেওঁৰ কোনো লোকৰ সৈতে শত্ৰুতা নাই । যাৰ বাবে তেওঁ এই আক্ৰমণক লৈ উদ্বিগ্ন হৈ পৰিছে ।

লগতে পঢ়ক :Fire in firecracker tragedy: বেংগালুৰুত আতচবাজীৰ গুদামত অগ্নিকাণ্ড: নিহত ১১

Last Updated : Oct 8, 2023, 1:52 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.