ETV Bharat / bharat

Uttarakhand Disaster: ঋষিকেশত ভূমিস্খলনত জীৱন্তে সমাধিস্থ 5 জনৰ মৃতদেহ উদ্ধাৰ - जोगियाना मोहनचट्टी में पांच लोगों की मौत

প্ৰকৃতিৰ ৰোষত পৰিছে উত্তৰাখণ্ড ৷ বান-ভূমিস্খলনৰ ফলত বৰ্তমানলৈকে অৰ্ধশতাধিক লোকৰ মৃত্যু ৷ 650 কোটিতকৈয়ো অধিক মূল্যৰ সা-সম্পত্তি ক্ষতিগ্ৰস্ত ৷

Uttarakhand Disaster
Uttarakhand Disaster
author img

By

Published : Aug 16, 2023, 7:13 PM IST

নেশ্যনেল ডেস্ক, 16 আগষ্ট: ধাৰাসাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ ফলত বিধ্বস্ত হৈ পৰিছে উত্তৰ ভাৰত ৷ উত্তৰাখণ্ডত বিগত কেইবাদিনো হৈ থকা মুষলধাৰ বৰষুণৰ ফলত বিস্তৰ ক্ষয়-ক্ষতি হোৱাৰ লগতে ব্যাপত হৈ পৰিছে স্বাভাৱিক জীৱন-যাত্ৰা ৷

Uttarakhand Disaster
ভূমিস্খলনৰ ফলত বিধ্বস্ত হৈ পৰিছে উত্তৰ ভাৰত

14 আগষ্টৰ নিশা ৰাজ্যখনৰ পাউৰী জিলাৰ যমকেশ্বৰত ভূমিস্খলন হৈ এখন ৰিজৰ্ট খহি পৰে ৷ ইয়াৰ ফলত কেইবাজনো লোক জীৱন্তে পুত গৈছিল ৷ যোৱা দুদিন ধৰি চলা উদ্ধাৰ অভিযানত ধ্বংসাৱশেষৰ মাজৰ পৰা পাঁচজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ মঙলবাৰে নিশা তিনিজন লোকৰ মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে আজি দুজনৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ এছ.ডি.আৰ.এফ.-ৰ মতে ধ্বংসাৱশেষৰ তলত সমাধিস্থ হোৱা পাঁচজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । নিহত আটাইয়েই হাৰিয়ানাৰ কুৰুক্ষেত্ৰ জিলাৰ ৷

Uttarakhand Disaster
ঋষিকেশত ভূমিস্খলনত জীৱন্তে সমাধিস্থ 5 জনৰ মৃতদেহ উদ্ধাৰ

উল্লেখ্য যে 13 আৰু 14 আগষ্টত উত্তৰাখণ্ডত মুষলধাৰ বৰষুণ হোৱাৰ ফলত ঋষিকেশৰ চাৰিওফালৰ যথেষ্ট অঞ্চল ক্ষতিগ্ৰস্ত হৈছে ৷ আনহাতে ৰিজৰ্টখন খহি পৰাৰ ফলত মুঠ 6 জন লোকক জীৱন্তে সমাধিস্ত হৈছিল ৷

SDRFৰ দলে 14 আগষ্টৰ নিশা এগৰাকী 10 বছৰীয়া কিশোৰী কৃতিকা বাৰ্মাক উদ্ধাৰ কৰিছিল ৷ কিন্তু বাকী পাঁচজন লোকক উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছিল ৷

ইফালে, বিভিন্ন স্থানত হোৱা ভূমিস্খলনৰ ফলত ঠায়ে ঠায়ে বাত-পথ বন্ধ হৈ পৰিছে ৷ ফলত বহু লোক আৱদ্ধ হৈ পৰিছে ৷ বৰ্তমানলৈকে ৰাজ্যখনত বান আৰু ভূমিস্খলনজনিত কাৰণত 50 গৰাকীতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে ৷ ভূমিস্খলনে ডেৰাডুনতো বিস্তৰ ক্ষতিসাধন কৰিছে ৷ ইফালে, সমগ্ৰ ৰাজ্যখনত প্ৰায় 650 কোটি টকাৰ ক্ষয়-ক্ষতি হোৱা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Buildings collapsed like cards: তাচপাতৰ দৰে খহিল কেইবাটাও বাসগৃহ; এজনৰ মৃতদেহ উদ্ধাৰ; কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.