ETV Bharat / bharat

Karnataka Assembly elections 2023 : বিজেপিৰ প্ৰাৰ্থী তালিকাত প্ৰতিফলিত পৰিয়াল কেন্দ্ৰিক ৰাজনীতি

কৰ্ণাটকৰ নিৰ্বাচন সমাগত । বিজেপিয়ে ১৮৯ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে (BJP candidates list for Karnataka election)। তাৰ ভিতৰত ২৪ ৰো অধিক প্ৰাৰ্থীৰ পৰিয়ালত আছে মন্ত্ৰী, সাংসদ বা বিধায়ক । পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বিৰোধিতা কৰা বিজেপিৰ এনে প্ৰাৰ্থী তালিকা প্ৰকাশ হোৱাত বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

author img

By

Published : Apr 13, 2023, 9:34 PM IST

Karnataka Assembly elections 2023
পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ আশ্ৰয় লৈছে বিজেপিয়ে

নেশ্যনেল ডেস্ক, ১৩ এপ্ৰিল : পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ কট্টৰ বিৰোধী ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ হাইকামাণ্ডে কৰ্ণাটকৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কেইবাগৰাকী ৰাজনৈতিক নেতাৰ পৰিয়ালৰ লোকক টিকট প্ৰদান কৰিছে । দলটোৱে ঘোষণা কৰা ১৮৯ জন প্ৰাৰ্থীৰ ভিতৰত, ২৪ জনতকৈ অধিক লোকৰে পৰিায়লত ৰাজনৈতিক ইতিহাস আছে (BJP candidates list for Karnataka election)।

ৰাজনৈতিক নেতাৰ সৈতে পিতা-পুত্ৰ, স্বামী-স্ত্ৰী, ভাতৃ-ভগ্নী, শাহু আৰু জোৱাইৰ দৰে তেজৰ সম্পৰ্ক থকা বহু প্ৰাৰ্থীক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ টিকট দিয়া হৈছে (Karnataka BJP candidates have political background)। প্ৰাক্তন মুখ্যমন্ত্ৰী য়েদিয়ুৰাপ্পাৰ পুত্ৰ বি ৱাই বিজয়েন্দ্ৰক দলটোৱে চিকাৰীপুৰৰ পৰা টিকট দিছে । মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পাছত য়েদিয়ুৰাপ্পাই নিৰ্বাচনী ৰাজনীতিৰ পৰা অৱসৰ লৈছিল । তেওঁৰ ভাতৃ বি ৱাই ৰাঘৱেন্দ্ৰ শিমোগা সমষ্টিৰ লোকসভাৰ সদস্য ।

মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাইও ৰাজনৈতিক হস্তক্ষেপ থকা এটা পৰিয়ালৰ পৰা আহিছে (Basavaraj Bommai from political background family)। বোম্মাই শিগাভি সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল আৰু তেওঁৰ পিতৃ এছ. আৰ. বোম্মাই জনতা পাৰ্টি চৰকাৰত মুখ্যমন্ত্ৰী আছিল আৰু কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ।

বিজেপি হাইকমাণ্ডে উদ্যোগ মন্ত্ৰী মুৰুগেশ নিৰানীক টিকট প্ৰদান কৰিছে (Murugesh Nirani got BJP ticket)। তেওঁৰ ভাতৃ হনুমন্ত নিৰাণী বিজেপিৰ বিধান পৰিষদৰ সদস্য । দলটোৱে হুবলি-ধাৰৱাড পশ্চিম সমষ্টিৰ অৰবিন্দ বেলাদাক টিকট দিছে । তেওঁৰ পিতৃ চন্দ্ৰকান্ত বেলাদা ৫ বাৰকৈ বিজেপিৰ বিধায়ক আছিল ।

বেল্লাৰী জিলাত পৰিবহন মন্ত্ৰী শ্ৰীৰামুলুকো টিকট দিয়া হৈছে । তেওঁৰ ভগ্নী শান্তা পূৰ্বে বেল্লাৰী সমষ্টিৰ বিজেপি লোকসভাৰ সদস্য আছিল । আনহাতে, তেওঁৰ আত্মীয় দেৱেন্দ্ৰপ্পা আৰু ফকিৰাপ্পা লোকসভাৰ সদস্য । ইফালে, শ্ৰীৰামুলুৰ জোৱাই সুৰেশ বাবু কম্পলি সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয় ।

বিজেপিয়ে প্ৰাক্তন মন্ত্ৰী জনাৰ্দন ৰেড্ডীৰ ভাতৃ সোমশেখৰ ৰেড্ডীকো টিকট দিছে । কেৱল এয়াই নহয়, সোমশেখৰ ৰেড্ডীৰ আন এজন ভাতৃ কৰুণাকাৰা ৰেড্ডী হৰপানাহাল্লি সমষ্টিৰ বৰ্তমানৰ বিজেপি বিধায়ক । বিজেপিয়ে মন্ত্ৰী আনন্দ সিঙৰ পুত্ৰ সিদ্ধাৰ্থ সিঙকো টিকট দিছে । জ্যেষ্ঠ নেতা জি.এইচ. টিপ্পাৰেড্ডী, যাৰ ভাতৃ জি.এইচ. অশ্বত ৰেড্ডী এজন বিধায়ক আৰু প্ৰাক্তন মন্ত্ৰী আছিল, চিত্ৰদুৰ্গাত তেওঁকো টিকট দিয়া হৈছে ।

বিধায়ক জ্যোতি গণেশক টুমকুৰত টিকট দিয়া হৈছে । যাৰ পিতৃ জি এছ বাসবৰাজ টুমকুৰ সমষ্টিৰ বিজেপি লোকসভাৰ সদস্য । জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰামচন্দ্ৰ গৌড়াৰ পুত্ৰ সপ্তগিৰি গৌড়াই বেংগালুৰুৰ গান্ধীনগৰত টিকট লাভ কৰিছে । নাঞ্জানগুড়ত বিজেপি বিধায়ক হৰ্ষবৰ্ধনক দলটোৱে টিকট প্ৰদান কৰিছে । হৰ্ষবৰ্ধন শ্ৰীনিবাস প্ৰসাদৰ জোৱাই যি চামৰাজনগৰ সমষ্টিৰ বিজেপি লোকসভা সদস্য আৰু এজন প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আছিল ।

চামৰাজনগৰ জিলাৰ হানুৰ সমষ্টিৰ বাবে প্ৰীতম গৌড়াই টিকট লাভ কৰিছে । প্ৰাক্তন মন্ত্ৰী নাগাপ্পা আৰু প্ৰাক্তন বিধায়ক পৰিমালা নাগাপ্পাৰ পুত্ৰইও টিকট লাভ কৰিছে । কে এইচ ৰামকৃষ্ণিয়াৰ কন্যা সুধা শিৱৰাম গৌড়া যি তুৰুভেকেৰে সমষ্টিৰ পৰা দুবাৰ বিধায়ক আছিল বৰ্তমান তেওঁকো নাগমঙ্গলাৰ পৰা বিজেপিয়ে টিকট প্ৰদান কৰিছে ।

বেলগাওঁ জিলাত বিজেপি হাইকমাণ্ডে ৬ টা সমষ্টিত ৰাজনৈতিক নেতাৰ পৰিয়ালৰ লোকক টিকট প্ৰদান কৰিছে । এই ৬ গৰাকী প্ৰাৰ্থীৰ ভিতৰত দুজন হৈছে প্ৰাক্তন মন্ত্ৰী উমেশ কাট্টিৰ ভাতৃ আৰু পুত্ৰ ।

লগতে পঢ়ক:Karnataka Elections 2023 : বিজেপিৰ দ্বিতীয় তালিকাত ৭ বিধায়কৰ টিকট কৰ্তন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.