আগৰতলা, 5 মে': ত্ৰিপুৰা ট্ৰাইবেল এৰিয়া অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল টিটিএএডিচি) ৰ নিৰ্বাচনত আশানুৰূপ ফলাফল প্ৰদৰ্শন কৰাত ব্যৰ্থ হ'লেও আইপিএফটি ৰ সৈতে মিত্ৰতা ভংগ নকৰাৰ সিদ্ধান্ত লৈছে বিজেপিয়ে ৷ মঙলবাৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে এই কথা সদৰী কৰে ৷ দেৱে কয় যে, টিটিএএডিচি ৰ নিৰ্বাচনত বিজেপি-আইপিএফটি মিত্ৰজোঁটৰ প্ৰদৰ্শন তেওঁৰ বাবে সন্তোষজনক নাছিল আৰু এই সন্দৰ্ভত বিজেপিয়ে ইয়াৰ মিত্ৰদলটোৰ সৈতে আলোচনা কৰিছে ৷
আইপিএফটি দলৰ দুৰ্বল প্ৰদৰ্শন সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত দেৱে কয় যে, "টিটিএএডিচি ৰ নিৰ্বাচনত বিজেপিয়ে নিজৰ ফালৰ পৰা ভাল প্ৰদৰ্শন ধৰি ৰাখিবলৈ সক্ষম হ'ল ৷ অকলেই মুঠ 14 খন আসনত প্ৰতিদ্বন্দীতা কৰি বিজেপিয়ে 9 খন আসনত জয়লাভ কৰিবলৈ সক্ষম হ'ল ৷ কিন্তু বাকী থকা আসন কেইখনৰ বাবে দলটোৱে ইয়াৰ মিত্ৰ দলৰ পৰা আশা কৰিছিল যদিও নিৰাশ হ'ব লগীয়া হয় ৷ "
অৱশ্যে এই ফলাফলে মিত্ৰতাৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নেপেলাই বুলি মন্তব্য কৰি তেওঁ কয় যে, "আমি আইপিএফটিৰ সৈতে কথা পাতিছো আৰু বিষয়টো আলোচনা কৰিছো ৷ নিৰ্বাচনৰ প্ৰদৰ্শনৰ সকলো দিশ বিবেচনা কৰি আগন্তুক নিৰ্বাচনত ভাল প্ৰদৰ্শন কৰাৰ বাবেও প্ৰয়োজনীয় সকলো পদক্ষেপ লোৱাৰ ব্যৱস্থা কৰা হৈছে ৷"
আইপিএফটিৰ সৈতে মিত্ৰতা ভংগ নকৰাৰ ইংগিত প্ৰদান কৰি তেওঁ কয় যে, আইপিএফটি বিজেপিৰ মিত্ৰ দল আৰু বিজেপিয়ে ইয়াৰ মিত্ৰদলক সদায়েই সন্মান প্ৰদৰ্শন কৰি অহাৰ ইতিহাস আছে ৷ বিজেপিয়ে মিত্ৰতাৰ বান্ধোনত বান্ধ খোৱা দলক কেতিয়াও এৰি নিদিয়ে বুলিও দেবে মন্তব্য কৰে ৷