ETV Bharat / bharat

ত্ৰিপুৰাত বিজেপি-টিপ্ৰা মোথাৰ সমৰ্থকৰ মাজত সংঘৰ্ষ: আহত 10 - tripura news

স্থানীয় গাঁও সমিতিক নিয়ন্ত্ৰণৰ ক্ষমতাকেন্দ্ৰীক কাজিয়াক কেন্দ্ৰ কৰি টিপ্ৰা মোথা আৰু বিজেপি দলৰ সমৰ্থকৰ মাজত সংঘাত ৷ ত্ৰিপুৰাৰ দক্ষিণ ত্ৰিপুৰা জিলাত সংঘটিত সংঘৰ্ষত আহত দুয়োটা দলৰ 10 গৰাকী সমৰ্থক ৷ ঘটনাস্থলীত কটকটীয়া কৰা হৈছে সুৰক্ষা ব্যৱস্থা ৷

BJP-TIPRA clashes set off tension, more than ten injured
ত্ৰিপুৰাত বিজেপি-টিপ্ৰা মোথাৰ সমৰ্থকৰ মাজত সংঘৰ্ষ: আহত 10
author img

By

Published : May 16, 2021, 4:03 PM IST

আগৰতলা, 16 মে’: ত্ৰিপুৰাৰ দক্ষিণ ত্ৰিপুৰা জিলাত শনিবাৰে স্থানীয় গাঁও সমিতিক নিয়ন্ত্ৰণৰ ক্ষমতাকেন্দ্ৰীক কাজিয়াক কেন্দ্ৰ কৰি টিপ্ৰা মোথা আৰু বিজেপি দলৰ সমৰ্থকৰ মাজত হিংসাত্মক সংঘৰ্ষৰ সৃষ্টি হয় । উক্ত হিংসাত্মক ঘটনাত দুয়োটা দলৰ 10 জনকৈ সমৰ্থক আহত হয় ৷

জানিব পৰা মতে, টিপ্ৰা মোথাৰ সমৰ্থকৰ এটা বৃহৎ গোটে হৰিশ্যমুখ গ্ৰামোন্নয়ন খণ্ডৰ অধীনৰ স্থানীয় গাঁও পৰিষদৰ ওপৰত সকলো নিয়ন্ত্ৰণ লাভ কৰাৰ বাবে ইচ্ছাকৃতভাৱে স্থানীয় বিজেপি দলৰ কাৰ্যালয়ত আক্ৰমণ কৰাৰ পাছতে সংঘাতৰ সৃষ্টি হয় ।

8খনকৈ এডিচি গাঁও টিপ্ৰা মোথাৰ সমৰ্থকে কোনো বাধা নোহোৱাকৈ নিজৰ দখলত ৰাখিব বিচৰাৰ বাবে এনে কাৰ্য সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ইফালে দুয়োটা ফৈদৰ মাজত হোৱা সংঘাতৰ পাছতে অঞ্চলটোত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে ৷

স্থানীয় সূত্ৰই জনোৱা মতে, টিটিএএডিচিৰ ফলাফল ঘোষণাৰ পিছত, স্থানীয় টিপ্ৰা মোথা সমৰ্থকসকলে হৰিশ্যমুখ গ্ৰামোন্নয়ন খণ্ডৰ অন্তৰ্গত সকলো ৰাজনৈতিক নিয়ন্ত্ৰণ দখল কৰিবলৈ আগ্ৰহী হৈ পৰিছে । কিন্তু বিজেপি দলটো তেওঁলোকৰ সন্মুখত এক শক্তিশালী ৰাজনৈতিক বাধা হিচাপে আত্মপ্ৰকাশ কৰিছে কিয়নো দলটো সেই অঞ্চলত সমানে শক্তিশালী হৈ আছে ।

তদুপৰি স্থানীয় পৰ্যায়ৰ নেতাসকলে এই সত্যটো ভালদৰে বুজি পাইছে যে তেওঁলোকৰ শক্তিশালী দুৰ্গবোৰ অক্ষুণ্ণ ৰাখিবলৈ এডিচি গাঁওবোৰ নিজৰ দখলত ৰাখিব লাগিব ।

লগতে পঢ়ক: ডেৰ মাহত ত্ৰিপুৰাত 150 জন ড্ৰাগছ সৰবৰাহকাৰী আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.